ভোট হেৰুওৱাৰ শংকা : মোদী-শ্বাহৰ ভাষণৰ পৰা হেৰাল নাগৰিকত্ব বিধেয়কৰ প্ৰসংগ

Amit-shahh

ডেৰ মাহ আগলৈ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তাল হৈ থকা অসমত এতিয়া নিৰ্বাচনী বতাহ বলিছে। কিন্তু এই নিৰ্বাচনী কুচকাৱাজ চলি থকাৰ মাজতো অসমৰ ৰাইজে পাহৰা নাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা।

অসমত প্ৰবল গণ বিৰোধৰ সন্মুখীন হোৱা বিজেপিয়ে অনা এই বিধেয়কখনক এটা ইচ্ছ্যু হিচাপে লৈ ভোটাৰৰ মাজলৈ ওলাইছে কংগ্ৰেছ, এ আই য়ু ডি এফকে ধৰি আন কেইবাটাও ৰাজনৈতিক দল আৰু বহু নিৰ্দলীয় প্ৰাৰ্থী। কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত বিজেপি।

মাত্ৰ কিছুদিনৰ আগলৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত দৃঢ় স্থিতি লৈ থকা বিজেপিৰ নেতাসকলৰ মুখত এতিয়া নিৰ্বাচনৰ বতৰত নোলায় বিধেয়কখনৰ প্ৰসংগ। গেৰুৱা দলৰ দুজনকৈ ‘হাইপ্ৰফাইল’ নেতা ক্ৰমে প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে এদিনৰ ব্যৱধানত অসমলৈ আহি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ চাৰিখনকৈ প্ৰচাৰ সভাত ভাগ ল’লে। কিন্তু তেওঁলোক দুয়োজনৰ মুখতেই এইবাৰ ওলোৱা নাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ।

অথচ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে যোৱা ১৭ ফেব্ৰুৱাৰিত লখিমপুৰত অনুষ্ঠিত বিজেপিৰ যুৱ মৰ্চাৰ এখন সভাত উপস্থিত থাকি “নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ ভাৰতীয় জনতা পাৰ্টী বদ্ধপৰিকৰ” বুলি মন্তব্য আগ বঢ়াইছিল।

ৰাজ্যসভাত বিধেয়কখন উত্থাপন কৰাৰ ক্ষেত্ৰত মুখ থেকেচা খোৱা বিজেপিয়ে ২০১৯-অত নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিলে বিধেয়কখন পুনৰ আনিব বুলিও তেওঁ লখিমপুৰত প্ৰকাশ কৰিছিল।

বিধেয়কখনক লৈ অসমত তীব্ৰ আন্দোলন চলি থকাৰ সময়তো বিজেপিৰ নেতাসকলে ইয়াৰ প্ৰতি ভ্ৰূক্ষেপ কৰা নাছিল। ইয়াৰ বিপৰীতে বিধেয়কখনৰ পক্ষত বিভিন্ন যুক্তিৰে ৰাইজক আশ্বস্ত কৰিবলৈহে চেষ্টা কৰা দেখা গৈছিল।

কেৱল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই নহয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে ধৰি অসম বিজেপিৰ নেতাসকলৰ ভাষণতো বিধেয়কখনৰ পক্ষত দৃঢ় স্থিতি প্ৰকাশ পাইছিল।

কিন্তু এতিয়া নিৰ্বাচন কাষ চপাৰ লগে লগেই বিজেপিৰ এটা প্ৰধান এজেণ্ডা হিচাপে থকা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টো এৰাই চলা দেখা গৈছে দলটোক।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিপৰীতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অসমৰ নিৰ্বাচনী সভাসমূহৰ ভাষণত ‘অসম চুক্তি’ৰ ৬ নম্বৰ দফা আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়হে উলিয়াইছে।

কিন্তু, ‘অসম চুক্তি’ৰ ৫ নম্বৰ দফা উলংঘা কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি আইনত পৰিণত কৰিব বিচৰা বিজেপি চৰকাৰে ৬ নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে গঠন কৰা উচ্চস্তৰীয় কমিটীখন সদৌ অসম ছাত্ৰ সন্থাই বৰ্জন কৰাত সেয়াও অৰ্থহীন হৈ পৰিল।

এতিয়া প্ৰশ্ন হ’ল, বিজেপিৰ নেতাসকলে নিৰ্বাচনৰ প্ৰচাৰ সভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ আনিলে অসমৰ খিলঞ্জীয়া ৰাইজৰ ৰোষত পৰিব বুলি শংকিত হৈয়ে বিষয়টো এৰাই চলিছে নেকি?