DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লাখিমপুর, দাররাং, উদাল্গুৰি, নাল্বারী, গোলপাড়া- য়ুনিক’ডেই নহয়, গুগল মেপতো অসমীয়া ভাষাৰ শৰাধ

অসমৰ ঠাইৰ নামত অক্ষমণীয় বিকৃতি গুগল মেপ কৰ্তৃপক্ষৰ

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
September 14, 2018 10:36 pm
Google-Maps
366
VIEWS
Share on FacebookShare on Twitter

আই এছ অ’ আৰু য়ুনিক’ডত অসমীয়া লিপিৰ ভুল আৰু বিকৃত উপস্থাপনে অসমীয়া মানুহক এখন দীঘলীয়া সংগ্ৰামত লিপ্ত কৰি ৰখাৰ সময়তে অসমীয়া মানুহৰ স্বাভিমান আকৌ ধূলিসাৎ কৰিছে ইণ্টাৰনেট জগতৰ জনপ্ৰিয় সঁজুলি Google map-এ।

আই এছ অ’ আৰু য়ুনিক’ডে লিপিটোৰ নাম লুপ্ত কৰাৰ বিপৰীতে Google map-এ অসমৰ ঠাইবোৰৰ নাম ইংৰাজীৰ সৈতে অসমীয়া ভাষাৰ ঠাইত বাংলা ভাষাত দিছে। কেৱল সেয়ে নহয়, ঠাইবোৰৰ নাম চৰম বিকৃত ৰূপত লিখিছে বাংলা লিপি আৰু অসমীয়া লিপিৰ সানমিহলিৰে। লখিমপুৰ, দৰং, ওদালগুৰি, নলবাৰী, গোৱালপাৰা আদি জিলাৰ নামৰ ঠাইত ক্ৰমে লাখিমপুর, দাররাং, উদাল্গুৰি, নাল্বারী, গোলপাড়া বুলি উল্লেখ আছে Google Map-অত। কমলাবাৰী সত্ৰৰ ঠাইত ‘কমলাবাড়ি সাতরা’, গড়মূৰ সত্ৰৰ নাম ‘গার্মুর সাতরা’, আউনীআটি সত্ৰৰ নাম ‘অনিয়াতি সাতরা’, চামগুৰি সত্ৰৰ নাম আছে ‘চামাগুরি সাতরা’ বুলি।

সেইদৰে উজনি অসমৰ কেইখনমান ঠাই গড়গাওঁৰ নাম ‘গার্হ্গাঁও’ লাহোৱালৰ নাম ‘লাহবল’, বৰপাত্ৰ গোহাঁইৰ নাম ‘বর্পাত্রা গহীন’ আদি অতি বিকৃত ৰূপত দিয়া হৈছে।

একেদৰে গুৱাহাটীৰ কেইখন মান ঠাই-, ওদালবাক্ৰাৰ ঠাইত অদাল্বাকরা, লখিমী নগৰৰ ঠাইত লাখিমী নাগার।

উল্লেখযোগ্য যে বৰ্তমান বিশ্বৰ যিকোনো স্থান সহজে বিচাৰি উলিওৱাত সহায় কৰা আৰু প্ৰায় সকলোৱে ব্যৱহাৰ কৰা এবিধ ছফটৱেৰ টুল হ’ল এই Google Map. হাততে থকা স্মাৰ্ট ফ’নটোতে থকা বাবে আজিৰ প্ৰজন্মৰ প্ৰায়সকলেই সততে এই Google Map ব্যৱহাৰ কৰে। কিন্তু দুৰ্ভাগ্য যে য়ুনিক’ড আৰু আই এছ অ’ অসমীয়া লিপিক বাংলা লিপিৰে এটা ৰূপ হিচাপে ধৰা বাবে আৰু একেটা ৰেঞ্জত ৰখা বাবে Google আদি বিভিন্ন কোম্পানিয়ে অসমীয়া ভাষাটোকো গুৰুত্ব নিদিয়ে।

তলত অসমৰ কেইখনমান ঠাইৰ নাম Google map ত কেনেকৈ আছে উল্লেখ কৰা হ’ল। বন্ধনীৰ ভিতৰত কিছুমান ঠাইৰ শুদ্ধ নামবোৰ দিয়া আছে-

বর্পাত্রা গহীন (বৰপাত্ৰ গোহাঁই), সেপন (চেপন), বাৰ্পাথার (বৰপথাৰ), গাৰ্ভানগা (গড়ভংগা), খবং (খোৱাং), লাহবল (লাহোৱাল), গার্হ্গাঁও (গড়গাওঁ), অদাল্বাকরা (ওদালবাক্ৰা), ধিরেন্পারা, লাখিমী নাগার, কমলাবাড়ি সাতরা (কমলাবাৰী সত্ৰ), গার্মুর সাতরা (গড়মূৰ সত্ৰ), অনিয়াতি সাতরা (আউনীআটি সত্ৰ), চামাগুরি সাতরা (চামগুৰি সত্ৰ), কহর (কহৰা), কান্চান্জুরি (কাঞ্চনজুৰি), পাথারুঘাত (পথৰুঘাট), সিপাঝার, ঝালুক্বারী (জালুকবাৰী), বিতা (বাইহাটা), পাত্বুশি (পাটবাউসী), কাল্গাচিয়া (কলগাচিয়া), নাগার্বেরা (নগৰবেৰা), সিম্লিতলা (শিমলিতোলা), পাল্টান বাজার, ফ্যানসি বাজার, বংশার (বংশৰ), বার্সাপারা (বৰ্ষাপাৰা), সরণীয়া হিলস (শৰণীয়া পাহাৰ), নারাকাসুর (নৰকাসুৰ পাহাৰ), পানিখায়তি (পানীখাইতি), পবিত্র (পবিতৰা), গারুবান্ধা (গৰুবন্ধা)।

এইবোৰৰ উপৰি প্ৰায় প্ৰতিখন ঠাইৰ নাম ভুল আৰু বিকৃতিৰে উপস্থাপন কৰা হৈছে Google map-অত। পূৰ্বে এই সম্পৰ্কে বহু সংখ্যক অসমীয়া লোকে Google map কৰ্তৃপক্ষক অভিযোগ, আবেদন, নিবেদন দিছে যদিও গা লৰা নাই কৰ্তৃপক্ষৰ।

Recent News

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd