NORTHEAST NOW (Assamese)

ইউক্ৰেন সীমান্তৰ পৰা সেনা প্ৰত্যাহাৰ ৰাছিয়াৰ; প্ৰতিক্ৰিয়া জো বিডেনৰ

February 16, 2022 11:11 am · এন ই নাও নিউজ, গুৱাহাটী

ৰাছিয়া-ইউক্ৰেনৰ যুদ্ধৰ আশংকাৰ মাজতে ইউক্ৰেন সীমান্তৰ পৰা সেনাৰ এক অংশ প্ৰত্যাহাৰ কৰিছে ৰাছিয়াই। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই কথা সদৰি কৰিছে। অৱশ্যে ৰাছিয়াই সেনা প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰিলেও এই কথাত সৈমান হোৱা নাই আমেৰিকা।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে কয় যে ৰাছিয়াই ইউক্ৰেইন সীমান্তৰ পৰা কিছু বাহিনী প্ৰত্যাহাৰ কৰিছে বুলি প্ৰকাশ কৰা প্ৰতিবেদনসমূহ প্ৰমাণিত হোৱা নাই। তেওঁ লগতে ৰাছিয়াক যুদ্ধ সৃষ্টিৰ পৰা আঁতৰি যাবলৈ আহ্বান জনায়।

“ৰাছিয়াৰ নাগৰিকসকল আমাৰ শত্ৰু নহয় আৰু মই বিশ্বাস নকৰোঁ যে আপুনি ইউক্ৰেইনৰ বিৰুদ্ধে এক ৰক্তক্ষয়ী, ধ্বংসাত্মক যুদ্ধ বিচাৰে।” বিডেনে হোৱাইট হাউচৰ পৰা ৰাষ্ট্ৰীয় ভাৱে টেলিভিছনত দিয়া মন্তব্যত কয়।

বিডেনে লগতে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাছিয়াৰ সৈতে পোনপটীয়া সংঘৰ্ষ বিচৰা নাই। কিন্তু যদি ৰাছিয়াই ইউক্ৰেইনত আমেৰিকানসকলক আক্ৰমণ কৰে আমেৰিকাই প্ৰতি সঁহাৰি জনাব।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটো মিত্ৰশক্তি যিকোনো পৰিস্থিতিৰ বাবে প্ৰস্তুত আৰু যদি মস্কোৱে আক্ৰমণ আৰম্ভ কৰে তেন্তে ৰাছিয়াই যথেষ্ট অৰ্থনৈতিক মূল্য পৰিশোধ কৰিব বুলিও মন্তব্য কৰে বিডেনে।

তেওঁ কয় যে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ সম্ভাৱনা আছে আৰু কিছুমান ৰাছিয়াৰ বাহিনী ইউক্ৰেইন সীমান্তৰ পৰা আঁতৰি যোৱাৰ প্ৰতিবেদন এতিয়াও আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা প্ৰমাণিত হোৱা নাই।

“আমি ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ নিৰ্ণায়ক সঁহাৰি দিবলৈ সাজু। এতিয়াও ৰাছিয়াৰ ইউক্ৰেন আক্ৰমণৰ সম্ভাৱনা আছে।” বিডেনে কয়।

Related News