আজি কোচসকলৰ বীৰ পুৰুষ বিশ্ব মহাবীৰ চিলা ৰায় ৫১২ সংখ্যক জন্ম জয়ন্তী ৷সমগ্ৰ ৰাজ্যৰ ভিন্ন স্থানৰ লগতে বিশ্বনাথতো অতি আড়ম্বৰপূৰ্ণ ভাৱে দিৱসটি উদযাপন কৰে ৷
সদৌ বিশ্বনাথ জিলা কোচ ৰাজবংশী সন্মিলনী আৰু সদৌ বিশ্বনাথ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত বিশ্বনাথৰ নৱপুৰস্থিত জিলা কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্যালয়ত বিভিন্ন কাৰ্যসূচীৰে এদিনীয়াকৈ অনুষ্ঠিত হয় ৷
পুৱা ৯ বজাত উত্তোলন কৰে কোচ ৰাজবংশী সন্মিলনীৰ আৰু আক্ৰাছুৰ পতাকা উত্তোলন কৰে বিশ্বনাথ জিলা আক্ৰাছুৰ সভাপতি পিংকু হাজৰিকা৷
বন্তি প্ৰজ্বলন কৰে পিতাম্বৰ কোচে ৷শ্বহীদ তৰ্পনত মাল্যৰ্পন কৰে ৰুদ্ৰ বৰাই ৷
ইয়াৰ পাছতে চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত হয়,প্ৰায় ৩০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ লয় এই প্ৰতিযোগিতাত ৷
লগতে,কোচ ৰাজবংশীয় পৰম্পৰাগত নৃত্য, গীত পৰিবেশনৰ লগতে মূল সভাত অংশ গ্ৰহণ কৰে আক্ৰাছু কেন্দ্ৰীয় বিষয়ববীয়া,জিলা আক্ৰাছু,কোচ ৰাজবংশী সন্মিলনীৰ বিষয়ববীয়াৰ লগতে বহুতো লোক ৷