‘ৰাষ্ট্ৰীয় গীত’ হিচাপে বন্দে মাতৰমৰ সম্পূৰ্ণ ছয়টা স্তৱক চৰকাৰী অনুষ্ঠানত গোৱা বাধ্যতামূলক কৰাৰ লগতে ২০২৬ চনৰ সংশোধনীক লৈ ছুপ্ৰিম ক’ৰ্টত গুৰুত্বপূৰ্ণ শুনানি আৰম্ভ হৈছে। প্ৰখ্যাত কৰ্ণাটকী সংগীতশিল্পী টি এম কৃষ্ণাই দাখিল কৰা এখন ৰিট আবেদনৰ মঙলবাৰে শুনানি গ্ৰহণ কৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ পি মোহন ৰাজৰ বিচাৰপীঠে।
শুনানিৰ সময়ত বিচাৰপীঠে কয় যে কোনটো ৰাষ্ট্ৰীয় গীত আৰু কোনটো নহয়, সেই বিষয় নিৰ্ধাৰণ কৰাৰ ক্ষমতা আদালতৰ নাই। অৱশ্যে ‘বিজয় ইমানুৱেল’ গোচৰত বিবেকৰ স্বাধীনতাৰ আধাৰত ৰাষ্ট্ৰীয় সংগীত গোৱাৰ পৰা বিৰত থকাৰ যি অধিকাৰ স্বীকৃতি লাভ কৰিছিল, বন্দে মাতৰমৰ ক্ষেত্ৰতো তেনে অধিকাৰ সুৰক্ষিত থাকিব নে নাই, সেই বিষয় আদালতে পৰীক্ষা কৰিব।
বিচাৰপীঠে লগতে আশা প্ৰকাশ কৰে যে ‘বিজয় ইমানুৱেল’ গোচৰৰ ৰায়ৰ নীতি অনুসৰণ কৰা হ’ব আৰু ধৰ্মীয় বিশ্বাস অথবা বিবেকৰ কাৰণে বন্দে মাতৰম নোগোৱা লোকৰ বিৰুদ্ধে কোনো ফৌজদাৰী গোচৰ বা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ’ব। এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি জনাবলৈ ছলিচিটৰ জেনেৰেলকো নিৰ্দেশ দিয়া হৈছে।
আবেদনকাৰীৰ অভিযোগ অনুসৰি, ২০২৬ চনৰ সংশোধনী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ জৰিয়তে বন্দে মাতৰমৰ ছয়টা স্তৱকেই গোৱা বাধ্যতামূলক কৰা হৈছে। আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা ড° এছ মুৰলীধৰে যুক্তি আগবঢ়াই কয় যে সংশোধনীখনত ‘ৰাষ্ট্ৰীয় গীত’ বুলিলে সঠিকভাৱে কি বুজোৱা হৈছে, সেয়া স্পষ্ট কৰা হোৱা নাই, যাৰ ফলত ইয়াৰ অপব্যৱহাৰৰ আশংকা থাকি যায়।
ড° মুৰলীধৰৰ আন এক গুৰুত্বপূৰ্ণ যুক্তি আছিল যে বন্দে মাতৰমৰ শেষৰ চাৰিটা স্তৱকত দুৰ্গা, লক্ষ্মী আৰু সৰস্বতীৰ দৰে হিন্দু দেৱ-দেৱীৰ উল্লেখ আছে। সেয়ে সকলো নাগৰিকক এই গীত গাবলৈ বাধ্য কৰালে ধৰ্মনিৰপেক্ষতাৰ মূল নীতি আৰু ধৰ্মীয় স্বাধীনতাৰ ওপৰত প্ৰভাৱ পৰিব পাৰে বুলি তেওঁ আদালতৰ দৃষ্টি আকৰ্ষণ কৰে।
শুনানিৰ সময়ত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আবেদনখনৰ তীব্ৰ বিৰোধিতা কৰে। ধৰ্মনিৰপেক্ষতাৰ অৰ্থ ইমান সংকীৰ্ণভাৱে ব্যাখ্যা কৰিব নোৱাৰি বুলি তেওঁ যুক্তি আগবঢ়ায়। আনহাতে, ড° মুৰলীধৰে আইন সংশোধনৰ পদ্ধতি আৰু গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ গেজেট প্ৰকাশক লৈ প্ৰশ্ন তোলে।
এই সময়তে দুয়োপক্ষৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়। ছলিচিটৰ জেনেৰেলে আইন প্ৰণয়নৰ পদ্ধতি ‘নক্সালপন্থী’সকলৰ ধৰণৰ হ’ব নোৱাৰে বুলি মন্তব্য কৰাত ড° মুৰলীধৰে তীব্ৰ আপত্তি জনায়। এজন অধিবক্তাৰ মুখত এনে মন্তব্য অনুচিত বুলি উল্লেখ কৰি তেওঁ মন্তব্যটো প্ৰত্যাহাৰ কৰাৰ দাবী তোলে। কিন্তু ছলিচিটৰ জেনেৰেলে ক্ষমা খুজিবলৈ অস্বীকাৰ কৰি কয় যে আইন অনুসৰিয়েই দেশ চলিব, নক্সালসকলৰ ইচ্ছা অনুসৰি নহয়। পৰিস্থিতি উত্তপ্ত হৈ উঠাৰ পিছত বিচাৰপীঠে হস্তক্ষেপ কৰি জানিবলৈ দিয়ে যে এই মন্তব্যসমূহ আদালতৰ নথিত অন্তৰ্ভুক্ত কৰা হোৱা নাই।
আবেদনখনত বন্দে মাতৰমক লৈ থকা ঐতিহাসিক পটভূমিৰ কথাও উল্লেখ কৰা হৈছে। ১৯৩৭ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত মুছলমান সদস্যসকলৰ আপত্তিৰ প্ৰতি লক্ষ্য ৰাখি গীতটিৰ প্ৰথম দুটা স্তৱক গোৱাৰ সিদ্ধান্ত লোৱা হৈছিল বুলি আবেদনত দাবী কৰা হৈছে। ৰবীন্দ্ৰনাথ ঠাকুৰ, জৱাহৰলাল নেহৰু, সুভাষচন্দ্ৰ বসু আৰু ৰাজেন্দ্ৰ প্ৰসাদৰ দৰে জাতীয় নেতাই এই ব্যৱস্থাক সমৰ্থন কৰিছিল বুলিও উল্লেখ আছে। আবেদনকাৰীৰ অভিযোগ, বৰ্তমানৰ সংশোধনীৰ জৰিয়তে সেই ঐতিহাসিক বুজাবুজিক একাষৰীয়া কৰাৰ চেষ্টা কৰা হৈছে।
ছুপ্ৰিম ক’ৰ্টে অৱশ্যে এই পৰ্যায়ত বন্দে মাতৰমৰ মৰ্যাদা বা স্থান সম্পৰ্কে কোনো চূড়ান্ত সিদ্ধান্ত দিয়া নাই। কিন্তু ধৰ্মীয় বিশ্বাস অথবা বিবেকৰ কাৰণে কোনো লোকে গীতটো গোৱাৰ পৰা বিৰত থাকিলে তেওঁক ফৌজদাৰী ব্যৱস্থাৰ সন্মুখীন কৰিব পাৰি নে নাই, সেই প্ৰশ্নটো আদালতে গুৰুত্বসহকাৰে পৰীক্ষা কৰি আছে। সংবিধানৰ ২৫ আৰু ২৬ নং অনুচ্ছেদৰ আধাৰত ব্যক্তিৰ ধৰ্মীয় স্বাধীনতা আৰু বিবেকৰ অধিকাৰৰ বিষয়টোৱেও আগন্তুক শুনানিত বিশেষ গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে।





