• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ সংগীত জগতত নক্ষত্ৰ পতন; বিশিষ্ট কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 3, 2023 10:13 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সংগীত জগতৰ এগৰাকী স্বনামধন্য কণ্ঠশিল্পী, জনতাৰ শিল্পী সুদক্ষিণা শৰ্মাৰ দেহাৱসান ঘটিছে। দীৰ্ঘদিনীয়া অসুস্থাৰ অন্তত আজি পুৱা ৮.২৫ বজাত জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ। তেওঁ নিউম’নিয়া ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল।

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভগ্নী সুদক্ষিণা শৰ্মা আছিল গীতিকাৰ, সুৰকাৰ তথা কণ্ঠশিল্পী দিলীপ শর্মাৰ পত্নী।

১৯৩৪ চনৰ ৮ আগষ্টত জন্মগ্ৰহণ কৰা সুদক্ষিণা শৰ্মাৰ জন্মসূত্ৰে নাম আছিল নিৰুপমা হাজৰিকা। ঘৰত তেওঁক সকলোৱে কুইন বুলি মাতিছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁক কুইন হাজৰিকা নামটো দিছিল। ৰেডিঅ’ত প্ৰথমে গীত গোৱাৰ সময়ত তেওঁ কুইন হাজৰিকা নামেৰেই পৰিচিত আছিল।

Apply Now

আনহাতে, শহুৰেক দীননাথ শৰ্মাই কুইন হাজৰিকাৰ নাম দিছিল সুদক্ষিণা। তাৰ পাছৰ পৰাই তেওঁ সুদক্ষিণা শৰ্মা নামেৰে প্ৰসিদ্ধ হৈ পৰে।

সন্দিকৈ কলেজত উচ্চ শিক্ষা লাভ কৰা সুদক্ষিণা শৰ্মাই কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ তত্বাৱধানত সংগীত জীৱন আৰম্ভ কৰিছিল। মণিৰাম দেৱান, চিকমিক বিজুলী আদি ছবিত কণ্ঠ দিছিল সুদক্ষিণা শৰ্মাই। সুদক্ষিণা শৰ্মাই শৈশৱতেই জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ আগৰৱালা, ফণী শৰ্মাৰ দৰে ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিল।

মাত্ৰ ১০ বছৰ বয়সতে কলকাতালৈ গৈ সুদক্ষিণা শৰ্মাই ‘নাহৰ ফুলে নুশুৱাই’ গীতটো বাণীবদ্ধ কৰিছিল। সেইদৰে, ‘বিশ্বৰ ছন্দে ছন্দে’ কে ধৰি বহু কালজয়ী গীতত কণ্ঠদান কৰিছিল।

১৯৪৭ চনত, পানবজাৰৰ জুবিলী গাৰ্ডেনলৈ মহাত্মা গান্ধী আহোঁতে তেওঁ ‘এ জয় ৰঘু নন্দন’ গীতটো পৰিৱেশন কৰিছিল। সংগীতক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০২ চনত সুদক্ষিণা শৰ্মাই স্বামী দিলীপ শৰ্মাৰ সৈতে লাভ কৰিছিল সংগীত নাটক একাডেমী বঁটা। ২০০৮ চনত লাভ লিঅ’ এক্সপ’ সন্মান আৰু ২০১০ চনত ‘চাতক’ সন্মান লাভ কৰিছিল।

সুদক্ষিণা শৰ্মাৰ মৃত্যুত অসমৰ সংগীত জগতৰ যেন এটি যুগৰ অৱসান ঘটিল। তেওঁৰ মৃত্যুত সমগ্ৰ অসমৰ সংগীত ক্ষেত্ৰখনৰ লগতে সাংস্কৃতিক তথা সামাজিক ক্ষেত্ৰখনতো গভীৰ শোকৰ ছাঁ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd