ডিমৌত উদ্ভাৱক উদ্ধব ভৰালীৰ বক্তৃতানুষ্ঠানৰ আয়োজন

PicsArt_09-29-10.21.49

নিতাইপুখুৰী  আৰু ইয়াৰ কাষৰীয়া এলেকাৰ একাংশ সচেতন যুৱক-যুৱতীৰ সন্মিলিত মঞ্চ, সন্মিলিত প্ৰয়াস ডিমৌৰ উদ্যোগত আহা ৩০ ছেপ্টেম্বৰত ছাত্র-ছাত্ৰী সকলৰ মাজত এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। উক্ত অনুষ্ঠানত  আমন্ত্ৰণমৰ্মে  প্ৰথমবাৰৰবাবে ডিমৌত উপস্থিত হ’বহি অসমৰ খ‍্যাতনামা উদ্ভাৱক উদ্ধৱ ভৰালী।

ডিমৌ ৰাজহুৱা ভৱনত দিনৰ ১০-৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া অনুষ্ঠানত উদ্ধৱ ভৰালীয়ে ছাত্র-ছাত্ৰীসকলক উদ্দেশ‍্যি নিৰ্দিষ্ট বিষয়ত বক্তৃতা আগবঢ়াব। ইয়াৰ উপৰি ‘সন্মিলিত প্ৰয়াস ডিমৌ’ৱে বিশেষকৈ আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্র-ছাত্ৰীসকলক সামান‍্য সকাহ দিয়াৰ লক্ষ‍্যৰে এটা ‘বুক ডিপো’ প্ৰস্তুত কৰি উলিয়াইছে। দেওবাৰৰ অনুষ্ঠানতে ‘বুক ডিপো’টোৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ’ব।

ইতিমধ্যে উদ্ধৱ ভৰালীৰ ছাত্র-ছাত্ৰী সকলৰ লগত মত বিনিময় অনুষ্ঠানৰ পৰিকল্পনা আৰু প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু আয়োজক কমিটিয়ে সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে।