• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেজাল ডেকা ল’ৰাবোৰ অৰণ্যলৈ যোৱাটো জাতিৰ বাবে শুভ নহয়: ইমৰান শ্বাহ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
November 24, 2018 9:12 am
IMG-20181123-WA0010

ওপজা দিনত যোৰহাটৰ শব্দ প্ৰকাশনে ইমৰান শ্বাহক 'শব্দ সাহিত্য বঁটা'ৰে সন্মানিত কৰে। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট সাহিত্যিক, কথাশিল্পী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহৰ ৮৬ সংখ্যক জন্মদিন শুকুৰবাৰে তেওঁৰ নিজা বাসগৃহত পালন কৰা হয়। পুৱাই সাহিত্যিক গৰাকীৰ বাসগৃহত উপস্থিত হৈ উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কৰ্মীসকলে ইমৰাণ শ্বাহক জাপি আৰু এখন ফুলাম গামোচাৰে জন্মদিনৰ ওলগ জনায়।

ইয়াৰ পাছতেই সাংবাদিকৰে হোৱা এক অন্তৰংগ আলোচনাত বিশিষ্ট সাহিত্যিক গৰাকীয়ে কয় যে,  জন্মদিনৰ অনুভৱ বুলি ক’বলৈ একো নাই, “কোনো প্ৰিয় বন্ধুৱে উপহাৰ দিয়া এযোৰ চোলা আৰু পেন্ট পৰিধান কৰাৰ দৰে অনুভৱ হয়। ৰাইজৰ আৰ্শীবাদত কিবা এটা কৰি যোৱাৰ প্ৰেৰণা লাভ কৰো। বৰ্তমানো লিখি আছো আৰু মৃত্যু পৰ্য্যন্ত  লিখি যাম।”

Apply Now

অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ সম্পৰ্কত জানিব বিচৰাত ইৰমাণ শ্বাহে কিছু চিন্তা কৰি কয়, ‘’অসম এতিয়া এক বুজিব নোৱাৰা অস্থিৰ পৰিবেশৰ মাজেৰে গৈ আছে। চৰকাৰে ৰাইজৰ দুখ বেদনা উপলব্ধি কৰা উচিত। কাৰণ ৰাইজে চৰকাৰ পাতিবও পাৰে ভাঙিবও পাৰে। তেনে অৱস্থাত চৰকাৰে প্ৰতিবাদী জনগণৰ দাবীক গুৰুত্ব দিয়া উচিত। শান্তি শান্তি বুলি মুখেৰে কৈ থাকিলে নহব। শান্তিৰ বাবে কাম কৰিব লাগিব। কিন্তু এতিয়ালৈকে শান্তিৰ বাবে কোনেও কাম কৰা নাই। দল সংগঠন, ৰাইজ বা চৰকাৰে আগবাঢ়ি আহি শান্তিৰ পৰিবেশ সৃষ্টিৰ বাবে চেষ্ঠা কৰিব লাগে। এনে অৱস্থা দেশৰ উন্নয়ন নহয়, বিশেষকৈ মানসিক উন্নয়ন।‘’

স্বাধীন অসমৰ দাবী আৰু আলফাৰ সমস্যাৰ সম্পৰ্কত সোধা প্ৰশ্নত বিশিষ্ট সাহিত্যিক জনে কয় যে আলফাই জন্মলগ্নৰে পৰা স্বাধীন অসমৰ দাবী উত্থাপন কৰি আহিছে।এনে দাবীৰ সপক্ষে আৰু বিপক্ষে বহুটো সবল যুক্তি আছে, এই বিষয়ত আমাৰ কবলগীয়া একো নাই। চৰকাৰে আলফাৰে সৈতে আলোচনা অব্যাহত ৰাখিছে। এনে আলোচনা সফল হ’লে কিছু সমস্যা সমাধান হ’ব বুলি ধাৰণা কৰিব পাৰি। তাৰ লগতে চৰকাৰে অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ মৰ্ম বেদনা ভালদৰে অধ্যয়ন কৰা উচিত।

তেওঁ লগতে কয় যে তেজাল ডেকা ল’ৰাবোৰ অৰণ্যলৈ যোৱাটো জাতিৰ বাবে শুভ নহয়, কিন্তু এতিয়াও ল’ৰাবোৰ গৈ আছে। কিয় গৈ আছে? পিতৃ মাতৃ ,আত্মীয় স্বজনক এৰি তেওঁলোকে  ফূৰ্তি কৰিবলৈ অৰণ্যলৈ যোৱা নাই। সেই কথা সকলোৱে বুজিব লাগিব। অসমীয়া জাতিয়ে যদি অসমতেই মূৰ দাঙি জীয়াই থাকিব নোৱাৰে  তেন্তে ক’ত থাকিব। সেই কথা সময় থাকোতেই চৰকাৰে বুজা উচিত। নহ’লে শান্তিৰ অসম খন আৰু অধিক অস্থিৰ হৈ পৰাৰ সম্ভৱানা আছে।

নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত ইমৰাণ শ্বাহে কয়, ‘’এনে বিধেয়ক অসমৰ বাবে হিতকাৰক নহয়। বিদেশীৰ বাবে পূৰ্বেই আইন প্ৰণয়ন হৈ আছে। তাত সংশোধনীৰ প্ৰয়োজন নাই।এনে ধৰণৰ বিধেয়কে অসমৰ জলন্ত বিদেশী সমস্যাটো অধিক জটিলহে কৰি তুলিব।‘’

আনহাতে, বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহৰ বাসভৱনত শিৱসাগৰ জিলা সাহিত্য সভাৰ কুঁহি অনুষ্ঠানৰ উদ্যোগত ইমৰাণ শ্বাহৰ ওপজা দিন পালন কৰা হয়। অনুষ্ঠানত জিলাখনৰ বহুটো দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান, ব্যক্তি বিশেষে বিশিষ্ট সাহিত্যিক জনক জন্মদিনৰ শুভেচ্ছা জনায়।

সভাত ইমৰাণ শ্বাহৰ তিনি নাতি মনচুৰ ৰহমান, মেহফিজ খান, ইস্তিহান খানৰ লগতে কণমানি শিশু আকাংক্ষা টায়ে ইমৰাণ শ্বাহৰ নৱতম গল্প সংকলন দোকমোকালি আৰু বিখ্যাত সাহিত্যিক বালজাকৰ মূল ৰচনাৰ অনুদিত গ্ৰন্থৰ দ্বিতীয় সংকলন জোনাকৰ ছবি উন্মোচন কৰে। এই সভাতেই যোৰহাটৰ শব্দ প্ৰকাশনে ইমৰাণ শ্বাহক অনুষ্ঠানিক ভাৱে শব্দ সাহিত্য বঁটা ২০১৮’ প্ৰদান কৰে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd