• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নতুন কথা নহয়, অপপ্ৰচাৰ: বিহু সমিতি, শিল্পীৰ জি এছ টি সন্দৰ্ভত বিজেপি

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , January 11, 2020 5:00 pm

2 min read

Nothing new: BJP on GSTing Assam artistes, Bihu committees

অসম বিজেপিৰ মুখপাত্ৰদ্বয়, শনিবাৰে গুৱাহাটীত। ছবি- নৰ্থইষ্ট নাও।

3.1k
VIEWS
Share on FacebookShare on Twitter

বিজেপিয়ে শনিবাৰে স্পষ্ট কৰিছে যে অসমৰ বিহু সমিতি আৰু শিল্পীসকলে জি এছ টি দিব লাগিব বুলি প্ৰকাশিত বাতৰি এক “অপপ্ৰচাৰ” আৰু তেওঁলোক এই কৰৰ আওতাত পৰাটো নতুন কথা নহয়।

“অপপ্ৰচাৰেৰে সাংস্কৃতিক পৰিৱেশ বিনষ্ট কৰিব বিচৰা হৈছে। যাৰ উপাৰ্জন ২০ লাখতকৈ বেছি তেওঁলোকে যোৱা তিনিবছৰে (জি এছ টি) দি আহিছে। এইটো নতুন কথা নহয়,” বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই গুৱাহাটীত সংবাদমেলত কয়।

অসমৰ জি এছ টি আয়ুক্তই বিহু সমিতিসমূহলৈ এই সন্দৰ্ভত ইতিমধ্যে জাননী জাৰি কৰা বুলি প্ৰকাশিত বাতৰিও অগ্ৰাহ্য কৰিছে মুখপাত্ৰগৰাকীয়ে। “কোনো জাননী বিহু উদযাপন কমিটিলৈ যোৱা নাই।”

টিকেটৰ ব্যৱস্থা নথকালৈকে আৰু এক নিৰ্ধাৰিত মূল্যলৈকে বিহু সমিতিয়ে জি এছ টি দিয়াৰ কথা নাহে, দলটোৰ আন এগৰাকী মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই কয়।

“টিকট কটা কথা নহালৈকে কোনো GST দিব নালাগে। টিকটৰ মূল্য ৫০০ টকাৰ তলত হ’লে GST দিব নালাগে,” বৰুৱাই কয়।

আনহাতে, পেছাগত শিল্পীসকলে নিজৰ আয়ৰ ভিত্তিত জি এছ টি দিয়াৰ নিয়ম আগৰপৰাই থকা বুলি তেওঁ মন্তব্য কৰে।

“২০ লাখ টকালৈকে বছৰি আয় কৰাসকলে GST দিব নালাগে। ২০ৰ পৰা ৫০ লাখলৈকে ৬% আৰু ৫০ লাখৰ পৰা ওপৰত ১৮% দিব লাগিব বুলি পূৰ্বৰে পৰা GST আইনত উল্লেখ আছে,” তেওঁ কয়।

জি এছ টিক নাগৰিকত্ব (সংশোধন) আইন ২০১৯ বিৰোধিতাৰ সৈতে সাঙুৰি প্ৰকাশ কৰা বাতৰিৰ বাবে, বিজেপি নেতাজনৰমতে, কিছুমান সংবাদ মাধ্যমে ক্ষমা খুজিব লাগে।

“আন্দোলনৰ লগত ইয়াক কিয় সংযোগ কৰা হ’ল? তেওঁলোকে সাংবাদিকৰ দায়বদ্ধতা স্বীকাৰ কৰি ক্ষমা খুজিব লাগে,” তেওঁ কয়।

অসমৰ শিল্পী সমাজৰ কা-বিৰোধিতাক “নিয়ন্ত্ৰণ”ৰ কৌশলৰূপে চৰকাৰে এই “নতুন ব্যৱস্থা” লোৱাৰ অভিযোগ উঠা বুলি কিছুমান বাতৰি প্ৰকাশ পাইছিল।

Recent News

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd