২০২০ চনৰ উত্তৰ-পূব দিল্লীৰ সংঘৰ্ষৰ সৈতে জড়িত এক গোচৰত কাৰাগাৰত বন্দী হৈ থকা সমাজকৰ্মী ওমৰ খালিদৰ জামিন আবেদন শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে নাকচ কৰিছে। এই খবৰ পোৱাৰ পিছত উমৰ খালিদে বিশেষ দুখ প্ৰকাশ কৰা নাই বুলি তেওঁৰ বান্ধবী বনজ্যোৎস্না লাহিড়ীয়ে জনাইছে।
ওমৰৰ মতে এতিয়া কাৰাগাৰৰ চাৰিবেৰৰ মাজৰ সময়খিনিয়েই তেওঁৰ জীৱন হৈ পৰিছে। বনজ্যোৎস্নাৰ মতে ওমৰ খালিদে নিজৰ বাবে জামিন লাভ নকৰিলেও একেটা গোচৰতে অভিযুক্ত আন পাঁচজন ব্যক্তিয়ে জামিন লাভ কৰা দেখি যথেষ্ট সন্তুষ্টি আৰু স্বস্তি প্ৰকাশ কৰিছে।
সোমবাৰে উচ্চতম ন্যায়ালয়ে দিল্লী দাঙ্গাৰ আঁৰৰ বৃহৎ ষড়যন্ত্ৰৰ গোচৰত ওমৰ খালিদ আৰু শ্বাৰজিল ইমামক জামিন দিবলৈ অস্বীকাৰ কৰে। আদালতৰ পর্যবেক্ষণ অনুসৰি এই অভিযুক্তসকলৰ বিৰুদ্ধে ইউএপিএ আইনৰ অধীনত প্রাথমিক প্রমাণ পোৱা গৈছে। অৱশ্যে একেটা গোচৰতে অভিযুক্ত গুলফিছা ফাতিমা, মীৰান হায়দৰ, চিফা উৰ ৰহমান, মহম্মদ চেলিম খান আৰু চাদাব আহমেদক ন্যায়ালয়ে জামিন প্ৰদান কৰিছে। এই লোকসকলৰ মুক্তিৰ খবৰ পাই ওমৰ খালিদে আনন্দ প্ৰকাশ কৰিছে বুলি তেওঁৰ বান্ধৱীয়ে সামাজিক মাধ্যমত উল্লেখ কৰিছে।
বনজ্যোৎস্না লাহিড়ীয়ে জনোৱা অনুসৰি ওমৰ খালিদে তেওঁক কৈছে যে আনসকলে জামিন পোৱা খবৰটো তেওঁৰ বাবে অতি সুখকৰ। যেতিয়া বনজ্যোৎস্নাই তেওঁক মঙলবাৰে কাৰাগাৰত দেখা কৰিবলৈ যাব বুলি জনাইছিল তেতিয়া ওমৰে অতি স্বাভাৱিকভাৱে উত্তৰ দিছিল যে কাৰাগাৰেই এতিয়া তেওঁৰ বাবে সকলো হৈ পৰিছে। দীৰ্ঘদিন ধৰি কাৰাগাৰত থকাৰ বাবে এতিয়া তেওঁ এই পৰিৱেশৰ লগতে নিজকে খাপ খুৱাই লৈছে বুলি তেওঁৰ কথাত প্ৰতিফলিত হৈছে।





