Agatha Sangma demands repeal of CAA এনডিএৰ সংসদীয় নেতৃত্বৰ বৈঠকত কা পুনৰ সংশোধনৰ দাবী এনপিপিৰ সাংসদ আগাথা চাংমাৰ

Agatha-Sangma-Images-6-700x584-750x375

আগাথা চাংমা। ফাইল ফটো।

Agatha Sangma demands repeal of CAA সংসদৰ শীতকালীন অধিবেশনৰ পূৰ্বে অনুষ্ঠিত এনডিএৰ সংসদীয় নেতৃত্বৰ বৈঠকত নেশ্যনেল পিপুলছ পাৰ্টি (এনপিপি)ৰ তুৰাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আগাথা চাংমাই নাগৰিকত্ব সংশোধনী আইন (কা)ৰ পুনৰ সংশোধনৰ দাবী উত্থাপন কৰে।

সংসদৰ শীতকালীন অধিৱেশনখন ২৯ নৱেম্বৰৰৰ পৰা ২৩ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব।

বাতৰি অনুসৰি, নেশ্যনেল ডেম’ক্ৰেটিক এলাইয়েন্স (এনডিএ)ৰ সংসদীয় নেতাসকলৰ দেওবাৰে সংসদ ভৱনত বৈঠকত অনুষ্ঠিত হৈছিল আৰু তাতেই মিত্ৰজোঁট এনপিপিয়ে কেন্দ্ৰৰ ওচৰত কা পুনৰ সংশোধনৰ দাবী তোলে।

মেঘালয়ৰ তুৰা সমষ্টিৰ সাংসদ আগাথা চাংমাই সাংবাদিকৰ আগত কয় যে এনডিএৰ সংসদীয় নেতৃত্বৰ বৈঠকত ‘’মই জনসাধাৰণৰ আবেগলৈ চাই কেন্দ্ৰৰ ওচৰত নাগৰিকত্ব(সংশোধনী) আইন,২০১৯ পুনৰ সংশোধনৰ দাবী তুলিছো।‘’

Also Read: Omicron Threat: কেন্দ্ৰৰ নতুন নিৰ্দেশনা: অ’মিক্ৰনৰ আতংকত কাৰ বাবে বাধ্যতামূলক কৰা হ’ল RT-PCR?

বিগত ২০১৯ৰ ডিচেম্বৰত সংসদত কা গৃহীত হোৱা আৰু ২০২০ৰ জানুৱাৰীত নৰেন্দ্ৰ মোদী চৰকাৰে জাননী কৰা এই আইনৰ বিৰুদ্ধে বাংলাদেশৰ পৰা বৃহৎ হাৰত প্ৰব্ৰজনৰ আশংকাৰে উত্তৰ-পূৰ্বাঞ্চলত ব্যাপক প্ৰতিবাদ হৈছিল।

কা-ৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত ২০১৯ৰ ১২ ডিচেম্বৰত আৰক্ষীৰ গুলীত অসমত মুঠ ৫জন লোক নিহত হৈছিল।

দেওবাৰে বিজেপিৰ সংসদীয় কাৰ্যসমিতিৰ বৈঠকো সংসদ ভৱনত অনুষ্ঠিত হৈ যায়।

Also Read: Operation Against Drugs কোকৰাঝাৰত ড্ৰাগছৰ সৈতে আটক এজন যুৱক, এজনৰ পলায়ন; জব্দ প্ৰায় ৩ গ্ৰাম ড্ৰাগছ

বাতৰি অনুসৰি, বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে সোমবাৰৰ পৰা অনুষ্ঠিত হ’বলগা শীতকালীন অধিৱেশনত ইয়াৰ বিধায়িনী কামকাজৰ লগতে ২৬খন বিধেয়ক উত্থাপনৰ এক ব্যাপক কাৰ্যসূচী ৰাখিছে।

এনডিএ চৰকাৰে ৩খন কৃষি আইন সংশোধনৰ বিধেয়ক অগ্ৰাধিকাৰ ভিত্তিত গ্ৰহণ কৰাৰ ইংগিত দিছে।