• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

এন আৰ চি: এক বস্তুনিষ্ঠ, বিজ্ঞানসন্মত, গ্ৰহণযোগ্য আৰু সমস্যানাশক দলিল

শিৱজিত দত্ত by শিৱজিত দত্ত
September 4, 2019 4:15 pm
NRC assamNRC: An objective, scientific, acceptable and problem-solving document

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একাংশ অসমীয়াই এন আৰ চিৰ চূড়ান্ত তালিকাখনক আদৰণি জনোৱাৰ বিপৰীতে আন একাংশই তাক অসমীয়া জাতিৰ মৃত্যুবাণ বুলি অভিহিত কৰি নাকচ কৰিব খুজিছে। দ্বিতীয়চামে কি কাৰণে নাকচ কৰিব বিচাৰিছে? তেওঁলোকৰ মতে এন আৰ চিয়ে তালিকাভুক্ত নকৰা লোকৰ সংখ্যাটো– মানে ১৯ লাখ– অপ্ৰত্যাশিতভাৱে কম হৈছে আৰু বহু বিদেশী বাংলাদেশীৰ নাম তাত সোমাই পৰিছে। তেওঁলোকৰ প্ৰত্যাশিত সংখ্যাটো কি আছিল আৰু সেই প্ৰত্যাশাৰ ভিত্তি কি আছিল?

তেওঁলোকৰ প্ৰত্যাশাৰ সংখ্যাটো নিৰ্দিষ্ট নহয়, কিন্তু অতি কমেও চল্লিশ লাখমান মানুহ এন আৰ চিৰ বাহিৰত থাকিলে তেওঁলোক আশ্বস্ত হ’লহেঁতেন বুলি ধাৰণা হয়। অৱশ্যে নাকচকৰ্তাসকলৰ মাজৰে এটা উপাংশই বাদ পৰা লোকৰ সংখ্যা এক কোটিমান হ’লেহে স্বস্তি পালেহেঁতেন। কথা হ’ল, এনে প্ৰত্যাশাৰ ভিত্তি কি? কোনো কোনো নাকচকৰ্তাৰ বাবে ভিত্তিৰ একো দৰকাৰ নায়েই– বিশুদ্ধ অনুমান আৰু অপৰীক্ষিত পূৰ্বধাৰণাই তেওঁলোকৰ বাবে ভিত্তি! তেওঁলোকৰ কথা বাদ দিলোঁ। কিন্তু, আনসকলৰ বাবে সেই ভিত্তি হৈছে সময়ে সময়ে মুখ্য মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী আদিৰ দৰে শীৰ্ষ চৰকাৰী পদাধিকাৰীয়ে প্ৰকাশ কৰা একোটা সংখ্যা।

Apply Now

উদাহৰণস্বৰূপে, ১৯৯১-৯৬ৰ সময়ছোৱাত তদানীন্তন মুখ্য মন্ত্ৰী হিতেশ্বৰ শইকীয়াই  অসমত ৩০ লাখ বিদেশী আছে বুলি বিবৃতি দিছিল। তাৰ পিছতেই তেওঁ আকৌ “অসমত এজনো বিদেশী নাই” বুলিও প্ৰকাশ কৰিছিল। ১৯৯৭ চনত তেতিয়াৰ কেন্দ্ৰীয় গৃ্হ মন্ত্ৰী ইন্দ্ৰজিৎ গুপ্তই সংসদত কৈছিল যে অসমকে ধৰি সমগ্ৰ দেশত এক কোটি বিদেশী আছে। ২০০৪ চনত কেন্দ্ৰীয় গৃ্হ ৰাজ্য মন্ত্ৰী প্ৰকাশ জয়ছোৱালে সংসদত ক’লে যে অসমত ৫০ লাখ বিদেশী আছে, গোটেই দেশত আছে এক কোটি বিশ লাখ। ২০১৪-১৮-ৰ সময়ছোৱাত কেন্দ্ৰীয় গৃ্হ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে ক’লে যে দেশত দুই কোটি বিদেশী আছে। সময়ে সময়ে আন আন হিচাপো ওলাইছে।

নাকচৰ এই ভিত্তিবোৰৰ ভিত্তি কিমান সবল ভাবি চাওঁ আহক। প্ৰথম কথা, এই সংখ্যাবোৰৰ বৈচিত্ৰ্য ইমান বেছি যে এই আটাইবোৰ একেলগে শুদ্ধ হ’ব নোৱাৰে। ইয়াৰ খুব বেছি এটা হিচাপ শুদ্ধ হ’ব পাৰে– বাকীবোৰ অশুদ্ধ হ’বলৈ বাধ্য। যুক্তিৰে ভাবি চাওক, যদি চৰকাৰৰ গুৰুত্বপূৰ্ণ পদবীত থকা লোকে প্ৰকাশ কৰা সংখ্যা অশুদ্ধ হ’বই পাৰে, তেন্তে “চৰকাৰীভাৱে প্ৰকাশ কৰা সংখ্যা” আমাৰ প্ৰত্যাশাৰ যুক্তিপূৰ্ণ ভিত্তি কেনেকৈ হ’ব পাৰে। চৰকাৰীভাৱে প্ৰকাশিত সংখ্যাবোৰৰ যদি সামঞ্জস্য থাকিলহেঁতেন তেন্তে কথা বেলেগ আছিল। দ্বিতীয়তে, মন্ত্ৰী, মুখ্য মন্ত্ৰী, ৰাজ্যপাল আদিয়ে কি বস্তুনিষ্ঠ পদ্ধতিৰ আলমত হিচাপ কৰি এই সংখ্যাসমূহ প্ৰকাশ কৰিছিল? এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত এতিয়া যিদৰে ৫৫ হাজাৰ চৰকাৰী কৰ্মচাৰী জড়িত বৃহৎ ফৌজ এটাই চাৰিবছৰ নিৰন্তৰ কাম কৰি, প্ৰত্যেক ব্যক্তিৰ বিভিন্ন নথি-পত্ৰ পৰীক্ষা কৰি স্বদেশী-বিদেশীৰ সংখ্যা নিৰ্ধাৰণ কৰিছে, তাৰ হাজাৰ ভাগৰ এভাগো শ্ৰম আৰু অধ্যয়ন মন্ত্ৰী-মুখ্য মন্ত্ৰী-ৰাজ্যপালসকলে প্ৰকাশ কৰা সংখ্যাৰ পিছত নিযুক্ত হৈছিলনে? খাটাংকৈ ক’ব পাৰি যে উক্ত সংখ্যাবোৰৰ ভিত্তিত আছিল অনুমান আৰু নানা তৰহৰ ৰাজনৈতিক অভিপ্ৰায়। গতিকে, আজি এন আৰ চি নাকচ কৰিব খোজাসকলে যিহৰ ভিত্তিত নাকচ কৰিব খুজিছে সেয়া যুক্তিসন্মত ভিত্তি নহয়েই।

কোনো কোনোৱে এন আৰ চি পুণৰীক্ষনৰ দাবী তুলিছে। এই দাবীৰ অন্তৰালৰ ঘাই কাৰণ তিনিটা– ১) এন আৰ চিখন সম্পূৰ্ণ ত্ৰুটিমুক্ত হোৱা নাই, ২) এওঁলোকৰ মনতো বিদেশীৰ সংখ্যাক লৈ এবিধ পূৰ্বধাৰণা বিদ্যমান আৰু ৩) বিদেশীৰ সংখ্যা যিমানে কমে ঐতিহাসিক অসম আন্দোলনৰ যৌক্তিক ভিত্তি সিমানে দুৰ্বল হয় বুলি এওঁলোকৰ এটা ভয় আছে। মহামান্য উচ্চতম ন্যায়ালয়ে ইয়াৰ আগতেই পুণৰীক্ষনৰ এনে দাবী নাকচ কৰিছে, কাৰণ তেনে পুণৰীক্ষন হৈ গৈছে বুলি আৰু নতুনকৈ পুনৰীক্ষনৰ দৰকাৰ নাই বুলি উচ্চতম ন্যায়ালয় পতিয়ন গৈছে। তৎসত্ত্বেও বিপুলসংখ্যক মানুহৰ মনৰ খু-দুৱনি মাৰ নিয়াই এন আৰ চিৰ প্ৰতি আস্থাৰ পৰিৱেশ ৰচাৰ স্বাৰ্থত উচ্চতম ন্যায়ালয়ে যদি পুণৰীক্ষনৰ বিষয়টো পুণৰ্বিবেচনা কৰে, তেন্তে সেই পদক্ষেপক আমি আদৰণি জনাম। কিন্তু, প্ৰতীক হাজেলাই কোৱাৰ দৰে যদি ইতিমধ্যে ২৭% লোকৰ নথি পুণৰীক্ষন কৰা হৈছে বুলি উচ্চতম ন্যায়ালয় নিশ্চিত, তেন্তে পুণৰীক্ষনৰ প্ৰক্ৰিয়া আকৌ চলাৰ সম্ভাৱনা দুৰ্বল।

কোনো কোনো খিলঞ্জীয়া আৰু বৈধ ভাৰতীয় নাগৰিকো এন আৰ চিৰপৰা বাদ পৰিছে বুলি নিশ্চিত তথ্য আছে। সেইফালৰপৰা এন আৰ চি ত্ৰুটিমুক্ত নহয়। কিন্তু, এই ত্ৰুটি আতৰোৱাৰ ব্যৱস্থাও প্ৰক্ৰিয়াটোৰ মাজত আছে। বাদ পৰাসকলে চাৰিমাহ সময় পাব নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ। কিন্তু, বৈধ নাগৰিক বাদ পৰি যোৱা ত্ৰুটিটোৰ তাৎপৰ্য কি? তাৎপৰ্য দুটা– ১) এন আৰ চিখন সম্পূৰ্ণ শুদ্ধ হোৱা নাই আৰু ২) এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱাটো অতি কঠোৰ প্ৰক্ৰিয়া এটাৰ মাজেদিহে সম্ভৱ হৈছে। লাখ লাখ বিদেশীয়ে জাল নথিৰে নাম অন্তৰ্ভুক্ত কৰিছে বুলি যি অভিযোগ একাংশই কৰিছে তাৰ যৌক্তিক ভিত্তি ঠুনুকা।

যদিও সদ্যপ্ৰকাশিত এন আৰ চিত কিছু ত্ৰুটি ৰৈ গৈছে তথাপি অসমত অবৈধ বিদেশীৰ সংখ্যাক লৈ অৰ্ধ শতাব্দীজুৰি চলি অহা আখ্যান, কল্পনা, পূৰ্বধাৰণা আৰু ৰাজনৈতিক উদ্দেশ্যনিহিত প্ৰচাৰৰ তুলনাত এই এন আৰ চি হেজাৰগুণে বেছি শুদ্ধ, প্ৰণালীবদ্ধ, বস্তুনিষ্ঠ আৰু বিজ্ঞানসন্মত। ইয়াক অগ্ৰাহ্য কৰিলে অথবা নতুনকৈ আৰু এখন এন আৰ চি তৈয়াৰ কৰিব গ’লে অসাধাৰণ বেমেজালি হ’ব; বহু সময়, শক্তি, ধনৰ শৰাধ হ’ব আৰু মূৰকত আখ্যান-বিশ্বাসীসকলক আশ্বস্ত কৰিব পৰাকৈ বিদেশীৰ বৃহৎ সংখ্যা এটাও ওলোৱাৰ সম্ভাৱনা ক্ষীণ। সেয়ে বিপুল সময়-শক্তি-ধনৰ প্ৰয়োগেৰে সমাধা কৰা এক ব্যাপক কৰ্মকাণ্ডৰ ফল এই এন আৰ চি গ্ৰহণ কৰি তাৰ ভিত্তিত দীৰ্ঘদিনীয়া বিদেশী সমস্যাৰ অন্ত পেলাব লাগে আৰু জাতিটোৰ লগতে ৰাজ্যখনেও সৰ্বাংগীন প্ৰগতিৰ দিশত নতুন প্ৰতিজ্ঞাৰে আগবাঢ়িব লাগে। ৰাইজে গমি চাওক– ইয়াৰ আগতে ইমান ব্যাপকভাৱে আৰু প্ৰণালীবদ্ধভাৱে প্ৰতিজন মানুহৰ বিভিন্ন নথিৰ পুংখানুপুংখ পৰীক্ষাৰে কোনোবাই স্বদেশী-বিদেশীৰ সংখ্যা গণনা কৰিছিল নেকি? নগণাকৈয়ে প্ৰকাশ কৰা আনুমানিক সংখ্যাক বিশ্বাস কৰিম নে এজন এজনকৈ কৰা গণনাৰ ভিত্তিত পোৱা সংখ্যাক বিশ্বাস কৰিম? জাতিটোৱে, ৰাজ্যখনে বস্তুনিষ্ঠ বিজ্ঞানৰ পথ ল’ব নে অবৈজ্ঞানিক, পূৰ্বধাৰণাৰ পথ ল’ব?

এচামে ভাবিছে যে অসম চুক্তিয়েই কাল! কাৰণ অসম চুক্তি অনুসৰি অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৭১ নহৈ ১৯৫১ হোৱা হ’লে এন আৰ চিৰপৰা বাদ পৰা লোকৰ সংখ্যা বহুত বেছি হ’লহেঁতেন বুলি তেওঁলোকে ভাবে। এওঁলোকৰ বহুতেই অসম চুক্তিখনকে হেঙাৰ গণ্য কৰি তাক বাতিল কৰিব খোজে। আমি ভাবোঁ, এনে চিন্তাত কেবাটাও প্ৰমাদ আছে– ১) ১৯৫১ চন বুলি নাগৰিকত্বৰ কোনো ভিত্তিবৰ্ষ ভাৰতত নাই। “সমগ্ৰ দেশৰ বাবে ১৯৫১,  কেৱল অসমৰ বাবে ১৯৭১ কিয়”– এইটো এক অজ্ঞতা-প্ৰসুত অৰ্থহীন আৱাজ। ২) কেনেবাকৈ অসম চুক্তি বাতিল হৈ পৰিলে হিতে বিপৰীত হ’ব। কাৰণ অসম চুক্তিয়ে দিয়া ভিত্তিবৰ্ষ ১৯৭১ অনুসৰি বাদ পৰিব লগা সকলো লোকেই ভাৰতীয় সংবিধান অনুসৰি ভাৰতীয় নাগৰিক হৈ পৰিব। অসম চুক্তিক ভুলতে হেঙাৰ বুলি ভবাসকলে হয় নিজেই নাজানে, নহয় ৰাইজক নজনায় যে ভাৰতৰ সংবিধান অনুসৰি ১৯৫০ চনৰ ২৬ জানুৱাৰি আৰু ১৯৮৭ চনৰ ১ জুলাইৰ মাজত ভাৰতত জন্মা যিকোনো ব্যক্তি জন্মসূত্ৰে ভাৰতৰ নাগৰিক। আকৌ, ১৯৮৭ চন আৰু ২০০৪ চনৰ ভিতৰত ভাৰতত জন্মা ব্যক্তিৰ পিতৃ-মাতৃৰ যিকোনো এগৰাকী ভাৰতীয় হ’লেই উক্ত ব্যক্তিও ভাৰতীয় বুলি পৰিগণিত হ’ব। তাৰোপৰি, ২০০৪ চনৰ পিছত ভাৰতত জন্মা লোকৰ পিতৃ-মাতৃৰ দুয়োগৰাকী যদি ভাৰতীয় হয় বা এগৰাকী ভাৰতীয় হৈ আনগৰাকী যদি অবৈধ অনুপ্ৰৱেশকাৰী নহয়, তেন্তে উক্ত লোকগৰাকী ভাৰতীয় নাগৰিক হ’ব। অৰ্থাৎ অসম চুক্তিৰ জোৰতহে কেইলাখমান লোক আজি বিদেশী বুলি পৰিগণিত হৈছে। সেইখন কেনেবাকৈ নাকচ হৈ পৰিলেই বাদ পৰাখিনিকো ভাৰতৰ সংবিধানে ভাৰতীয় নাগৰিকৰূপে স্বীকৃতি দিব। ৩) নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ কৰাটো সহজ নহ’ব। কাৰণ, ১৯৫১ চনত বাংলাদেশ বুলি দেশ এখন নাছিলেই। তদুপৰি, অসম চুক্তিত থকা ১৯৭১ চনটো যথাসময়ত সকলো পক্ষই মানি লৈছিল আৰু ইয়াক লৈ এটা ঐকমত্য গঢ়ি উঠিছিল। ৪) ভিত্তিবৰ্ষ ১৯৫১ হ’লেও বাদ পৰা লোকৰ সংখ্যা বহুত বেছি হোৱাৰ আশা কম। এইবাৰো মাত্ৰ ১৯ লাখহে বাদ পৰিব বুলি কোনেও ভবা নাছিল। অনুমান আৰু বাস্তৱ একে নহয়। এই বাদ পৰা ১৯ লাখৰো বহুতেই যে পুণৰাবেদন কৰি এন আৰ চিত সোমাই পৰিব সেইকথা ধুৰূপ। ৫) শেষত যি কেইলাখ বাদ পৰিব তেওঁলোকৰ প্ৰতিও কেন্দ্ৰীয় চৰকাৰ উদাসীন হ’ব নোৱাৰে। তেওঁলোকৰ মানৱাধিকাৰ ৰক্ষা কৰা ৰাষ্ট্ৰৰ দায়িত্ব বুলি নানা ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক মানৱাধিকাৰ সংগঠন, আনকি ৰাষ্ট্ৰসংঘয়ো সজোৰে সোঁৱৰাই থাকিব।

সেয়ে অসম চুক্তিমতে উন্নীত হোৱা নাগৰিকপঞ্জীক নাকচ নকৰাই ভাল। জাতিটো আৰু ৰাজ্যখন নতুন নতুন অন্ধগলিত সোমাই নপৰাই ভাল। আহক, বিদেশী সমস্যা চিৰকাললৈ জীয়াই ৰাখি ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিব খোজাসকলকহে নাকচ কৰোঁ আৰু ঐক্যবদ্ধ সংগ্ৰামেৰে জাতিটোকো সবলকৈ গঢ়াৰ, ৰাজ্যখনকো যথাৰ্থ প্ৰগতিৰ পথলৈ নিয়াৰ বাবে অহোপুৰুষাৰ্থ কৰোঁ।

লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী প্ৰবক্তা

ইমেইল : [email protected]

শিৱজিত দত্ত

শিৱজিত দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd