• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ ভুৱা আপত্তিকাৰীক শাস্তি, আবেদন খাৰিজৰ দাবী জমিয়ত-আমছুৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 8, 2019 6:16 pm

3 min read

NRC: Assam Jamiat, AAMSU demands punishment for 'false objection' petitioners

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা। ফাইল ছবি।

1.1k
VIEWS
Share on FacebookShare on Twitter

এন আৰ চি প্ৰক্ৰিয়াত কোনো লোকৰ বিৰুদ্ধে আপত্তি দাখিল কৰি পিছত শুনানিত উপস্থিত নথকা অভিযোগকাৰীৰ আবেদন খাৰিজ কৰাৰ দাবী উত্থাপন কৰিছে আমছু আৰু অসম ৰাজ্যিক জমিয়তে।

এন আৰ চিৰ আপত্তি সম্পৰ্কীয় দাবী নিষ্পত্তিৰ কৰ্তৃত্ব সৰ্বোচ্চ ন্যায়ালয়ে বুধবাৰে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক গতোৱাৰ পিছতে সংখ্যালঘু সংগঠন দুটাই এই দাবী তুলিছে।

লগতে পঢ়ক– এন আৰ চি এদিন দেৰি হ’লেও নহ’ব, প্ৰতীক হাজেলাক ফ্ৰী হেন্দ উচ্চতম ন্যায়ালয়ৰ

“যিহেতু ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাক দাবী আপত্তি নিষ্পত্তিৰ বাবে সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে সেয়ে অযথাই দাখিল কৰা আপত্তি আবেদনসমূহ খাৰিজ কৰি ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ বৈধ ভাৰতীয় নাগৰিকক ৰাজ্যিক সমন্বয়কে উচিত ন্যায় প্ৰদান কৰিব বুলি আমি আশাবাদী,” মৌলানা আৰ্শ্বাদ মাদানি নেতৃত্বাধীন জমিয়ত উলামা ই হিন্দৰ শাখা অসম ৰাজ্যিক জমিয়ত আৰু আমছুৰ যৌথ বিবৃতি।

লগতে পঢ়ক– এন আৰ চি: “মিছা আপত্তি” উঠাই ল’বলৈ আছু, এবছুক হাতজোৰ অনুৰোধ নৱ শৰণীয়াৰ

ভুৱা আপত্তি দাখিলেৰে প্ৰক্ৰিয়াটোত বিধি-পথালি দিয়া আৰু নিৰীহ লোকক হাৰাশাস্তি কৰা “সংগঠন আৰু ব্যক্তি”ক শাস্তি প্ৰদানৰো সংগঠন দুটাই দাবী উত্থাপন কৰিছে।

সংগঠন ভুক্তভোগী ৰাইজকো তেনে ব্যক্তিৰ বিৰুদ্ধে নাগৰিকত্ব আইনৰ ধাৰা ১৭ৰ অধীনত গোচৰ তৰাৰ লগতে এন আৰ চি প্ৰক্ৰিয়াটোতো পূৰ্বৰ দৰেই সহযোগ কৰিবলৈকো আহ্বান জনাইছে।

“অবৈধ বিদেশী সমস্যাৰ চূড়ান্ত সমাধান আৰু বছৰ বছৰ ধৰি বিদেশীৰ নামত অত্যাচাৰিত হৈ থকা সংখ্যালঘু সম্প্ৰদায়ৰ ৰাইজৰ অপবাদ-মুক্তিৰ স্বাৰ্থত এন আৰ চি প্ৰস্তুতকৰণ প্ৰক্ৰিয়াত পূৰ্বৰ দৰে সহযোগ কৰা উচিত,” আমছু-জমিয়তৰ সংখ্যালঘু ৰাইজক আহ্বান।

এইক্ষেত্ৰত ভুক্তভোগী ৰাইজক আইনী সাহায্য আগবঢ়াবলৈ দুয়োটা সংগঠন “বদ্ধপৰিকৰ” বুলিও তেওঁলোকে ঘোষণা কৰিছে।

আনহাতে ভুৱা আপত্তিসমূহ কেৱল বিশেষ সম্প্ৰদায়ৰ ৰাইজক শাৰীৰিক, মানসিক আৰু আৰ্থিকভাৱে নিৰ্য্যাতন চলোৱাৰ উদ্দেশ্যেৰে দাখিল কৰা হৈছিল বুলি উল্লেখ কৰি ইয়াত অসম চৰকাৰ আৰু একাংশ সংগঠনৰ হাত থকা বুলি তেওঁলোকে দাবী কৰিছে।

লগতে পঢ়ক– এন আৰ চিত অত্যাচাৰিত ভাৰতীয়ক সহায়ৰ অংগীকাৰ আছুৰ

“আপত্তি আবেদন দাখিল কৰাৰ অন্তিম তাৰিখত নিৰ্বিচাৰে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত অসমৰ কিছু সংগঠনৰ সহযোগত হকে-বিহকে কোনো বিচাৰ-বিবেচনা নকৰাকৈ কৰা আপত্তি আবেদনসমূহ যে কেৱল এন আৰ চি প্ৰস্তুতকৰণ প্ৰক্ৰিয়াত জটিলতা সৃষ্টি কৰাৰ বাবেহে কৰিছিল সেয়া আমছু আৰু মৌলানা ছৈয়দ আৰ্শ্বাদ মাদানি আৰু মৌলানা মুস্তাক আনফৰ নেতৃত্বাধীন জমিয়তে পূৰ্বৰে পৰা কৈ আহিছে যি আজি প্ৰমাণিত হৈছে,” বিবৃতিটোত উল্লেখ।

অহা ১৫ জুনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অতিৰিক্ত খচৰা প্ৰকাশ প্ৰকাশ পাব যদিও অহা ৩০ জুনলৈকে খচৰাত নাম নহাসকলে ভাৰতীয় বুলি প্ৰমাণ দিয়াৰ সুযোগ লাভ কৰিব।

যোৱা ৩১ ডিচেম্বৰত প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত খচৰাত ২,৮৯,৮৩,৬৭৭ গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে বাদ পৰিছিল ৪০,০৭,৭০৭ গৰাকী।

Recent News

অসম ৰাইফলছৰ অভিযানত হেৰোইন, বিদেশী চিগাৰেট আৰু বীয়েৰ জব্দ, দুজন সৰবৰাহকাৰীক আটক

অসম ৰাইফলছৰ অভিযানত হেৰোইন, বিদেশী চিগাৰেট আৰু বীয়েৰ জব্দ, দুজন সৰবৰাহকাৰীক আটক

Goat-kid

এইবিধ জন্তুই চাঞ্চল্যৰ সৃষ্টি কৰিলে দেশৰ এখন ৰাজ্যত ,কি জন্তু এয়া?

IMG-20210126-WA0031

বঙাইগাঁৱত পেঞ্চনপ্ৰাপ্ত মুক্তিযুঁজাৰু মহম্মদ আলী সৰকাৰৰ পত্নীৰ মৃত্যু : অঞ্চলজুৰি শোকৰ ছাঁ

bhaba

অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd