৫ বিধ নথি নাকচ কৰিবলৈ হাজেলা কোন, কাৰ লগত আলোচনা কৰি কৰিছে? : ৰঞ্জিত দাস

State BJP

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰা অৱস্থাত দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। ১০ ছেপ্তেম্বৰত।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে বৈধ নথি হিচাপে উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশনাত ১৫ প্ৰকাৰৰ নথি তালিকাৰ পৰা ৫ প্ৰকাৰ নথিক অগ্ৰাহ্য কৰিবলৈ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই প্ৰেৰণ কৰা পৰামৰ্শক লৈ এইবাৰ অসন্তুষ্ট হৈ পৰিছে ৰাজ্যিক বিজেপি। অসম চৰকাৰৰ অজ্ঞাতেই হাজেলাই এই পৰামৰ্শ আগ বঢ়োৱা বুলিও ৰাজ্যিক বিজেপিয়ে আজি মন্তব্য কৰিছে।

১০ ছেপ্তেম্বৰত দলটোৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয়, “প্ৰতীক হাজেলাক অসম চুক্তিক অৱমাননা কৰি এই ৫ প্ৰকাৰৰ নথি অগ্ৰাহ্য কৰাৰ পৰামৰ্শ দিবলৈ কোনে কৰ্তৃত্ব প্ৰদান কৰিলে? তেওঁ এই বিষয়ত কাৰ লগত আলোচনা কৰিছে?”

দাসে লগতে কয় যে প্ৰতীক হাজেলাই ইমান দিনে ১৫ প্ৰকাৰৰ নথি লৈ কাম আগ বঢ়াই নি এতিয়া হঠাৎ এই পৰামৰ্শ আগ বঢ়াই এটা স্ব-বিৰোধী কাম কৰিছে।

“মোৰ ভাব হয় এখন পূৰ্ণাংগ এন আৰ চি প্ৰকাশৰ আগমুহূৰ্তত তেওঁৰ এই কামৰ দ্বাৰা এক বিভ্ৰান্তিকৰ পৰিস্থিত সৃষ্টি কৰিবলৈ বিচাৰিছে”, ৰঞ্জিত দাসে কয়।

এন আৰ চিৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে এই পৰমৰ্শ আগ বঢ়োৱাৰ ফলত অসমৰ সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰি ৰঞ্জিত দাসে কয় যে ১৯৫১ চনৰ নাগৰিকপঞ্জীক বা ১৯৭১ আগতে ভাৰতত প্ৰবেশ কৰা লোকসকলৰ শৰণাৰ্থীৰ প্ৰমাণপত্ৰক অগ্ৰাহ্য কৰি প্ৰতীক হাজেলাই মইমতালিৰে সেই লোকসকলক ভাৰতীয় নাগৰিকত্বৰ পৰা বঞ্চিত কৰিব বিচৰাটো অতি দূৰ্ভাগ্যজনক।

“শৰণাৰ্থীৰ পঞ্জীয়ন প্ৰমাণপত্ৰ ভাৰত চৰকাৰে প্ৰদান কৰে। ১৯৭১ চনৰ আগৰ এই নথিসমূহ অগ্ৰাহ্য কৰিলে আইনে আইনকে অগ্ৰাহ্য কৰা হ’ব”, ৰঞ্জিত দাসে কয়।

ৰাজ্যিক বিজেপিয়ে ইতিমধ্যে যোৱা ৮ আৰু ৯ ছেপ্তেম্বৰত নতুন দিল্লীত অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ মাজতেই এই বিষয়টো দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং প্ৰমুখ্যে শীৰ্ষ নেতৃত্বক অৱগত কৰে বুলি ৰঞ্জিত দাসে জানিবলৈ দিয়ে। লগতে অহা ১৯ ছেপ্তেম্বৰত উচ্চতম ন্যায়ালয়ত হ’ব লগীয়া শুনানিৰ পূৰ্বেই এই বিষয়ত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা বুলিও দাসে কয়।

ইপিনে, যোৱা শনিবাৰে এন আৰ চিৰ বিষয় লৈ উচ্চতম ন্যায়ালয়ত গোচৰ তৰা আসাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই এই ৫ প্ৰকাৰৰ নথি, বিশেষকৈ শৰণাৰ্থীৰ পঞ্জীয়ন প্ৰমাণপত্ৰ অগ্ৰাহ্য কৰিবলৈ ‘মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতীক হাজেলাৰ হতুৱাই পৰামৰ্শ দিয়াইছে’ বুলি মন্তব্য কৰিছিল। আনকি এই কাম অসমীয়া জাতিৰ সুৰক্ষাৰ হকে মুখ্য মন্ত্ৰী সোণোৱালে কৰা বুলি মন্তব্য কৰি অভিজিৎ শৰ্মাই মুখ্য মন্ত্ৰীক ধন্যবাদো দিছিল।

কিন্তু এই ক্ষেত্ৰত মুখ্য মন্ত্ৰীৰ নিৰ্দেশ থকা কথাটো অস্বীকাৰ কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে।

তেওঁ কয়, “মুখ্য মন্ত্ৰীয়ে তেনেকুৱা নিৰ্দেশ কেতিয়াও দিয়া নাই। মই তেওঁৰ লগত কথা পাতিছো, এই বিষয়ত তেওঁক প্ৰতীক হাজেলাই একো জনোৱা নাই বুলি কৈছে। যদি মুখ্য মন্ত্ৰীয়ে তেনে নিৰ্দেশ দিছে তেতিয়াহ’লে হাজেলাই সেই কথা প্ৰকাশ কৰক, তেতিয়া আমি দলৰ ফালৰ পৰা যি ব্যৱস্থা ল’ব লাগে লম।”

সংবাদমেলতে ৰঞ্জিত দাসে এন আৰ চিৰ খচৰাত বহু ভাৰতীয়ৰ নাম সন্নিৱিষ্ট নোহোৱাৰ বিষয় উত্থাপন কৰি এজনো প্ৰকৃত ভাৰতীয়ৰ নাম যাতে বাদ নপৰে তাৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।