• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদী-হাছিনাৰ বৈঠক : এন আৰ চি প্ৰসংগ তুলিলে হাছিনাইহে; “প্ৰক্ৰিয়াটো চলিহে আছে” বুলি ভাৰতৰ উত্তৰ

অবৈধ বাংলাদেশীক প্ৰত্যৰ্পণৰ কথা আলোচনা নহ’ল হাছিনা-মোদীৰ বৈঠকত

এন ই নাও নিউজ by এন ই নাও নিউজ
October 5, 2019 9:03 pm
Hasina_Modi

আজিৰ বৈঠকৰ প্ৰাকমুহূৰ্তত ভাৰতৰ প্ৰধান মন্ত্ৰী মোদী আৰু বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনা। ফটোৰ উৎস : টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ জনগণক নিৰাশ কৰি আজি মোদী আৰু ভাৰত ভ্ৰমণৰত বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাৰ মাজত অনুষ্ঠিত বৈঠকত দেশত থকা অবৈধ বাংলাদেশীসকলক প্ৰত্যৰ্পণ সম্পৰ্কীয় কোনো কথা আলোচনা নহ’ল।

এন আৰ চিৰ পিছৰ প্ৰক্ৰিয়াটোৰ দ্বাৰা চিনাক্ত হ’ব পৰা সম্ভাব্য অবৈধ বাংলাদেশীসকলক ঘূৰাই পঠোৱা সন্দৰ্ভটোৱে এই বৈঠকত ঠাই পাব বুলি অসমৰ দল-সংগঠনে আশা কৰি আছিল আৰু মোদীয়ে তাৰ বাবে প্ৰতিবেশী ৰাষ্ট্ৰখনক হেঁচা দিয়াটো এটা স্বাভাৱিক প্ৰত্যাশা হৈ পৰিছিল।

Apply Now

কিন্তু আজি হাছিনাইহে ওলোটাই এন আৰ চি বিষয়টো নিজৰ শংকাৰ সৈতে উত্থাপন কৰে।

ভাৰতে বিষয়টোত এটা পলায়নৰ পথ লৈ “প্ৰক্ৰিয়াটো চলিহে আছে” বুলি চুবুৰীয়া দেশখনৰ নেতৃত্বৰ শংকাক এৰি চলে।

“বাংলাদেশে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বিষয়টো উত্থাপন কৰিছিল; এই প্ৰক্ৰিয়াটো চলিহে আছে বুলি কোৱা হয়। পৰিস্থিতিটো কি হয় আমি চাব লাগিব”, এ এন আইৰ বাতৰিত চৰকাৰী সূত্ৰৰ উদ্ধৃতি।

যোৱা ১ ছেপ্টেম্বৰত এটা বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰৱীশ কুমাৰে স্পষ্ট কৰি দিছিল যে এন আৰ চিৰ পৰা বাদ পৰাসকলৰ অধিকাৰবোৰ সীমিত নহয় বা তেওঁলোকক আটক কৰা নহয়। আইনৰ অধীনত তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰাৰ সকলো সুযোগ অন্ত নোহোৱাৰ আগলৈকে পূৰ্বৰ দৰেই সকলো অধিকাৰ উপভোগ কৰিব পাৰিব।

কেন্দ্ৰীয় চৰকাৰখনে যে এন আৰ চি প্ৰকাশৰ পিছৰ প্ৰক্ৰিয়াৰ দ্বাৰা চিনাক্ত কৰা অবৈধ বাংলাদেশীক লৈ বাস্তৱ পৰিকল্পনা হাতত লোৱা নাই আজিৰ বৈঠক আৰু মন্তব্যৰ পৰা সেয়া স্পষ্ট হয়।

এন আৰ চি প্ৰক্ৰিয়াটোৰ পৰা ৰাজ্যখন সম্পূৰ্ণ উপকৃত হ’বলৈ চুবুৰীয়া দেশখনৰ অবৈধ নাগৰিকসকলক ঘূৰাই ল’বলৈ দেশখনৰ নেতৃত্বক সৈমান কৰোৱাটো দৰকাৰী। সেইফালৰ পৰা হাছিনাৰ এই ভ্ৰমণ অসমৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত আছিল।

প্ৰধান মন্ত্ৰী মোদীয়ে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দিয়া ভাষণত “সকলো বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব” বুলি কৰা মন্তব্য কৰিছিল।

অবৈধ বাংলাদেশী বিতাড়নত অগপ, কংগ্ৰেছৰ চৰকাৰবোৰ বিফল হোৱাৰ পিছত মোদীৰ সেই বক্তব্যই স্বাভাৱিকতে উৎসাহিত কৰিছিল যদিও যোৱা ৬টা বছৰত প্ৰধান মন্ত্ৰী মোদীয়ে বাংলাদেশৰ সৈতে কোনো আলোচনাত সেয়া উত্থাপন নকৰিলে। বৰং এন আৰ চিক লৈ দুশ্চিন্তাৰ কাৰণ নাই বুলিহে বাংলাদেশ পক্ষক ভাৰতৰ পৰা জনোৱা হৈ আহিছে।

অবৈধ বাংলাদেশীক প্ৰত্যৰ্পণৰ কোনো কথা আলোচনা নোহোৱা সত্ত্বেও দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ সকলো বিষয় আলোচনা কৰা বুলি মোদীয়ে আজি টুইট কৰে।

আজি দুয়োখন দেশৰ মাজত ৭খন চুক্তি হয়। পৰিবহণ, যোগাযোগ, সক্ষমতা বিকাশ আৰু সংস্কৃতিৰ বিষয়ক এইবোৰে সামৰি লৈছে। বাংলাদেশৰ পৰা এল পি জি গেছৰ আমদানি কৰা তিনিটা প্ৰকল্পও বৈঠকৰ মাজত উদ্বোধন কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd