• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

NRC বিষয়ত তৰুণ গগৈৰ বিপৰীত মত সাংসদ আব্দুল খালেকৰ; “পেলনীয়া কাগজ নহয়, বিজ্ঞানসন্মত দলিল”

ভাৰত-বাংলাদেশ সীমাত বিদ্যুৎ প্ৰৱাহিত তাঁৰৰ বেৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান খালেকৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 6, 2019 8:02 pm
Abdul Kahlek

প্ৰেছক্লাবত সংবাদমেলত আব্দুল খালেক। ৬ ছেপ্টেম্বৰত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ সৈতে “বিৰোধ” সৃষ্টি কৰি অসমৰ উন্নীতকৃত এন আৰ চিক ঐতিহাসিক, বিজ্ঞানসন্মত আৰু আইনসন্মত দলিল আখ্যা একেটা দলৰ সাংসদ আব্দুল খালেকৰ।

প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ নাম নোলোৱাকৈয়ে আব্দুল খালেকে কয়, এন আৰ চিক পেলনীয়া কাগজ ক’ব খোজাসকলৰ তেওঁ বিৰোধী।

Apply Now

গগৈয়ে এতিয়ালৈকে সংবাদ মাধ্যমৰ আগত এন আৰ চিক কেইবাবাৰো “পেলনীয়া কাগজ” আখ্যা দিছিল।

বৰপেটা সমষ্টিৰ কংগ্ৰেছ সাংসদ খালেকে আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল দি এন আৰ চি বিষয়টোত নিজৰ দৃষ্টিকোণ দাঙি ধৰিছিল।

এন আৰ চিৰ চূড়ান্ত তালিকাৰ প্ৰতি ব্যক্তিগতভাৱে “পূৰ্ণ সমৰ্থন” আগ বঢ়োৱাৰ কথা ঘোষণা কৰি তেওঁ কয়, “এন আৰ চি হৈছে ঐতিহাসিক, বিজ্ঞানসন্মত আৰু আইনগত দলিল। উচ্চতম ন্যায়ালয়ৰ পৰ্য্যবেক্ষণত ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে এই দলিল প্ৰস্তুত কৰিছে।”

“ব্যক্তিগতভাৱে এই ঐতিহাসিক দলিলৰ সমৰ্থনত আছো”, একাংশ খিলঞ্জীয়া নাগৰিকৰ নাম বাদ পৰা বুলি স্বীকাৰ কৰি সাংসদজনে কয়।

“নাম বাদ পৰা মানে নুবুজায় যে এইখন পেলনীয়া কাগজ। ৩ কোটি ১১ লাখ নামুহৰ নাম এটা প্ৰক্ৰিয়াৰ মাজেৰে অন্তৰ্ভুক্ত হৈছে”, খালেকৰ মন্তব্য।

“ইয়াক পেলনীয়া কাগজ, ৱেইষ্ট পেপাৰ, চানাচুৰ বন্ধা কাগজ কোৱাৰ কোনো অৰ্থ নাই। যিসকলে এইখনক পেলনীয়া কাগজ বুলি ক’ব সেইসকলৰ মই বিৰোধী।” সাংবাদিকে প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ মন্তব্য সোঁৱৰাই দিয়াত খালেকে এইদৰে কয়।

কাৰোবাৰ কিবা আপত্তি থাকিলে উচ্চতম ন্যায়ালয়লৈ যাবলৈ আহ্বান জনাই সাংসদজনে কয়, এই দলিলৰ যিসকলে বিৰোধিতা কৰিছে তেওঁ যি ৰাজনৈতিক দলৰে নহওক, প্ৰকৃতাৰ্থত উচ্চতম ন্যায়ালয়ক অৱমাননা কৰিছে।

এন আৰ চি চূড়ান্ত তালিকা প্ৰকাশৰ পাছত ১৯৫১ চন বিচাৰি প্ৰতিবাদ কৰি থকা দল-সংগঠনৰ বিৰুদ্ধেও সৰৱ হৈ পৰে সাংসদগৰাকী। তেওঁৰ মতে তেনে আপত্তি থাকিলে এন আৰ চি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বেই আনিব লাগিছিল।

ইপিনে, বিদেশী ৰাষ্ট্ৰসমূহে এন আৰ চিক লৈ কৰা মন্তব্যৰ কোনো অৰ্থ নাই বুলি মন্তব্য কৰি খালেকে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ প্ৰতিও সকীয়নি দিয়ে।

“এয়া ভাৰতৰ আভ্যন্তৰীণ বিষয়। পাকিস্তান আমাৰ শত্ৰু ৰাষ্ট্ৰ, ভাৰতৰ মুছলমানৰ অৱস্থা পাকিস্তানৰ মুছলমানৰ তুলনাত উন্নত। গতিকে পাকিস্তানক এই বিষয়টোত মূৰ নঘমাবলৈ সকীয়নি দিছো”, সাংসদজনে কয়।

সদৌ অসম ছাত্ৰ সন্থাৰ “বিদেশী-ভীতি”ক টানি আনি সাংসদ খালেকে কয়, “ইমানদিনে যিবোৰ বিদেশীৰ কথা কোৱা হৈছিল সেইবোৰ অনুমানৰ ভিত্তিতহে কোৱা হৈছিল। এইবোৰ মত-মন্তব্য বৈজ্ঞানিক দৃষ্টিভংগীৰে কৰা নাছিল। সদৌ অসম ছাত্ৰ সন্থা নিজৰ স্থিতিত অটল থাকিব লাগে। সদৌ অসম ছাত্ৰ সন্থাক বহুতে পৰোচিত কৰিব বিচাৰিছে।”

সাংসদজনে বাংলাদেশীৰ অনুপ্ৰৱেশৰ সমাধান হিচাপে দুয়োখন দেশৰ সীমান্তত বিদ্যুৎ প্ৰৱাহিত তাঁৰৰ বেৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd