NORTHEAST NOW (Assamese)

১৫ মে’ৰ পৰা সন্ধানহীন এন আৰ চিত নিয়োজিত বিষয়া; সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষী

May 18, 2019 10:19 pm · পাৰ্শ্বজ্যোতি গগৈ

শিৱসাগৰ জিলাৰ এন আৰ চিৰ কামত নিয়োজিত হৈ থকা এগৰাকী বিষয়া তথা জলসম্পদ বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দিগন্ত শইকীয়া নিৰুদ্দেশ হোৱা আজি চাৰিদিন হৈ যোৱাৰ পিছতো শইকীয়াৰ সন্ধান উলিওৱাত ব্যৰ্থ শিৱসাগৰ জিলা প্ৰশাসন তথা আৰক্ষী বিভাগ।

উল্লেখযোগ্য যে বিষয়াগৰাকীৰ চৰকাৰী আৱাসগৃহত আৰক্ষীয়ে তালাচী চলাই এখন চুইচাইড নোট উদ্ধাৰ কৰিছিল। উক্ত চুইচাইড নোটত বিষয়া গৰাকীয়ে এন আৰ চি কামত নিয়োজিত কোনো উচ্চ পদস্থ বিষয়াৰ পৰা পোৱা ভাবুকি আৰু তীব্ৰ হেঁচাৰ বাবে নিজকে এই দায়িত্বৰ বাবে অযোগ্য বুলি উল্লেখ কৰি  আত্মহত্যা কৰা বুলি লিখি থ গৈছিল।

চুইচাইড নোটৰ ওপৰত ভিত্তি কৰি শিৱসাগৰ আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ পঞ্জীয়ন কৰে আৰু অনুসন্ধান আৰম্ভ কৰে। আনহাতে বিষয়া গৰাকীৰ পত্নীয়েও তেওঁৰ স্বামীৰ সন্ধানহীন হোৱাৰ এক গোচৰ ৰুজু কৰে শিৱসাগৰ আৰক্ষী থানাত। কিন্তু এই ঘটনা সংঘটিত হোৱা চাৰিটা দিন অতিবাহিত হোৱাৰ পিছতো আজি পৰ্যন্ত কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী বিভাগ।

বিষয়া জনে চুইচাইড নোটত উল্লেখ কৰাৰ দৰে প্ৰকৃততে আত্মহত্যা কৰিলে নে আন কোনো স্থানত আশ্ৰয় গ্ৰহণ কৰি আছে সেই সন্দৰ্ভত কোনো তথ্য নাই শিৱসাগৰ জিলা প্ৰশাসন তথা আৰক্ষী বিভাগৰ ওচৰত। ইয়াকে লৈ শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আনহাতে একাংশ ৰাইজৰ মতে যদি বিষয়া জনে আত্মহত্যা কৰিলে তেন্তে আজি পৰ্য্যন্ত কিয় তেওঁৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী বিভাগ। যদি বিষয়াজনে নগৰৰ দাঁতিকাষৰীয়া কোনো নদীত জঁপিয়াই আত্মহত্যা কৰিছে তেন্তে আৰক্ষীয়ে কিয় আজি পৰ্যন্ত মৃতদেহ উদ্ধাৰৰ বাবে উদ্ধাৰ অভিযান  চলোৱা নাই। যাক লৈ এক গভীৰ ৰহস্যৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত।

মন কৰিবলগীয়া যে এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে কোঁৱৰপুৰ অঞ্চলৰ গোঁহাই উপাধিৰ এগৰাকী শিক্ষকে বিষয়াগৰাকীৰ পত্নীক আৰু তেওঁৰ পৰিয়ালৰ লোকক সংবাদ সাধ্যমৰ পৰা বিৰত থাকিবলৈ দিয়াটো এক অবোজ সাঁথৰ হৈ পৰিছে। আনকি দিগন্ত শইকীয়াৰ পত্নীক এজাহাৰ দিয়াৰ পৰা বিৰত থাকিবলৈও বাধা প্ৰদান কৰা বুলি জানিবলৈ দিয়ে।

Related News