NORTHEAST NOW (Assamese)

এন আৰ চি উন্নীতকৰণ ৰাজনৈতিক পদক্ষেপ নহয় : অমিত শ্বাহ

October 8, 2019 5:23 pm · এন ই নাও নিউজ
Updated: October 8, 2019 5:32 pm
অমিত শ্বাহ : ফাইল ফটো।

এন আৰ চি উন্নীতকৰণক ৰাজনৈতিক পদক্ষেপ হিচাপে চাব নালাগে বুলি স্পষ্ট কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয়, ইয়াৰ পৰা সকলো নাগৰিকেই উন্নয়নৰ উপকাৰবোৰ পোৱাটো নিশ্চিত হ’ব।

“ইয়াক এটা ৰাজনৈতিক পদক্ষেপ বুলি ধৰিব নালাগে। সকলো নাগৰিকেই যাতে উন্নয়নৰ উপকাৰবোৰ লাভ কৰে তাৰ বাবেই এন আৰ চি উন্নীতকৰণ অতি গুৰুত্বপূৰ্ণ”,  নতুন দিল্লীত ৭ অক্টোবৰত আই পি এছ ২০১৮ বেচ্চৰ প্ৰবেশ্যনাৰসকলৰ সৈতে মত বিনিময় কৰাৰ সময়ত শ্বাহৰ এই মন্তব্য।

এন আৰ চি কেৱল ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবেই নহয়, সুপ্ৰশাসনৰ বাবেও ইয়াৰ প্ৰয়োজন, শ্বাহে লগতে কয়।

ইফালে, যোৱা দুমাহতকৈ অধিক সময় এক প্ৰকাৰৰ ৰুদ্ধশ্বাস পৰিস্থিতিত থকা জন্মু আৰু কাশ্মীৰক ৰাজ্যৰ মৰ্য্যাদা পুনৰ ঘূৰাই দিয়াৰো ইংগিত দিছে গৃহ মন্ত্ৰ্যালয়ে।

জম্মু আৰু কাশ্মীৰ সদায়ে কেন্দ্ৰশাসিত অঞ্চল হৈ নাথাকে। পৰিস্থিতি স্বাভাৱিক হ’লে পুনৰ ৰাজ্যৰ মৰ্য্যাদা ঘূৰাই দিয়া হ’ব। গৃহ মন্ত্ৰ্যালয়ৰ এটা বিবৃতিত এইদৰে কোৱা হৈছে।

যোৱা ৫ আগষ্টত সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰা আৰু জম্মু আৰু কাশ্মীৰৰ ৰাজ্যৰ মৰ্য্যাদা বাতিল কৰি দ্বিখণ্ডিত কৰাৰ পিছত ৰাজ্যখনক এক প্ৰকাৰৰ শ্বাসৰুদ্ধকৰ পৰিস্থিতিত ৰখা হৈছে।

লাখ লাখ নিৰাপত্তাৰক্ষী মোতায়নেৰে স্থানীয় লোকসকলক ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলৈ বাধ্য কৰা হৈছে। ইণ্টাৰনেটসেৱাকে ধৰি যোগাযোগৰ প্ৰায়বোৰ উপায় বন্ধ ৰখা হৈছে।

আমেৰিকাৰ বৈদেশিক সম্পৰ্কৰ ছিনেটৰ কমিটীয়ে জন্মু আৰু কাশ্মীৰৰ পৰিস্থিতিটোক “মানৱীয় সংকট” আখ্যা দি সোনকালেই ইয়াৰ অৱসান ঘটাবলৈ ভাৰতক আহ্বান জনাইছে, দ্দা হিন্দু নামৰ কাকতখনত এই কথা প্ৰকাশ।

Related News