নুমলীগড় শোধনাগাৰলৈ ৰিফাইনেৰী পাৰ্ফৰ্মেন্স ইম্প্ৰোভমেণ্ট এৱাৰ্ড-২০১৭-১৮

nrl-750x375

নুমলীগড় শোধনাগাৰে ২০১৭-১৮ বৰ্ষৰ বাবে ৰিফাইনেৰী পাৰ্ফৰ্মেন্স ইম্প্ৰোভমেণ্ট এৱাৰ্ড লাভ কৰিছে। ভাৰতৰ সমগ্ৰ শোধনাগাৰৰ ভিতৰতে এই বঁটা লাভ কৰিছে নুমলীগড় শোধনাগাৰে। নুমলীগড় শোধনাগাৰৰ সহকাৰী প্ৰৱন্ধক প্ৰিয়ংকা হাজৰিকাই প্ৰকাশ কৰা এটা সংবাদ বিজ্ঞপ্তিত এই কথা ব্যক্ত কৰা হৈছে। নুমলীগড় শোধনাগাড়ৰলৈ এই বঁটাটো আগবঢ়াইছে ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ সচিব এম এম কুট্টিয়ে। নুমলীগড় শোধনাগাৰৰ হৈ এই বঁটাটো গ্ৰহণ কৰে শোধনাগাৰৰ সঞ্চালক (কাৰিকৰী) বি  ফুকনে। অলপতে মু্ম্বাইৰ ২৩ সংখ্যক ৰিফাইনিং এণ্ড পেট্ৰকেমিকেলছ টেকন’লজি মীটৰ আৰম্ভণি অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়।

এই বঁটাটো প্ৰতিষ্ঠা কৰিছে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে। ৬টা মুখ্য স্থিতিমাপ বিচাৰ কৰা হয়। সেয়া হৈছে ক্ৰুড প্ৰক্ৰিয়াকৰণ বিশেষীকৃত শক্তি শোষণ, বিশেষ বাষ্প শোষণ কাৰ্বন ইমিশ্যনৰ পৰিমাণ, কাৰ্য সম্পাদনৰ ব্যয় আৰু বিশেষীকৃত জল শোষণ।

বঁটাৰ বাবে নিৰ্বাচিত কোম্পানীসমূহক কঠোৰভাৱে পৰীক্ষা কৰাৰ পাছত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে এই বঁটাটো প্ৰদান কৰে।