অৰুণাচলৰ লংডিনত ১১ লাখ টকাসহ আটক এন এচ চি এন খাপলাং কেদাৰ

ধৃত লোককেইজন

অৰুণাচল প্ৰদেশৰ লংডিঙত অসম ৰাইফলছে অভিযান চলাই ১১ লাখ টকাসহ এ’ টিংমাই নামৰ এন এচ চি এন (কে)ৰ এজন দুৰ্ধৰ্ষ কেডাৰৰ লগতে চি চাহানি নামৰ সংগঠনটোৰ এজন লিংকমেনক আটক কৰে৷

শুকুৰবাৰে আটক কৰা লোককেইজনক জেৰা চলাই থকা হৈছে বুলি ৰাইফলচৰ সূত্ৰত প্ৰকাশ।

অৰুণাচলৰ টিৰাপ, চাংলাং আৰু লংডিং জিলাত নাগা উগ্ৰপন্থী সংগঠনসমূহে বাহৰ পাতি অৰুণাচলৰ লগতে অসমৰ সীমান্তৱৰ্তী অঞ্চলসমূহত ধনদাবী আৰু কূটাঘাত কাৰ্য সংঘটিত কৰি আহিছিল৷

কিছুদিন পূৰ্বে অসম-অৰুণাচলৰ সীমামূৰীয়া জাগুন-মেও পথত কেইবাখনো তেলৰ টেংকাৰত অগ্নি সংযোগ কৰাৰ ঘটনা ঘটিছিল৷

ইয়াৰ উপৰিও বিগত সময়ত মাৰ্ঘেৰিটা মহকুমাত সংঘটিত কেইবাটাও ঘটনাত এন এছ চি এন (কে) কেডাৰো জড়িত আছিল বুলি ৰাইফলছৰ সূত্ৰত প্ৰকাশ।