ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়ে মাজুলীত লৈছেহি গুৰুজনাৰ অংকীয়া ভাওনাৰ পাঠ

angkia Bhaona of Srimanta Sankar Dev

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ পৌৰাণিক আখ্যানৰ ভিত্তিত ব্ৰজাৱলী ভাষাত ৰচনা কৰা অংকীয়া নাটসমূহ অধ্যয়ন তথা ভাওনাসমুহৰ প্ৰশিক্ষণ ল’বৰ বাবে মাজুলীত শিক্ষাগ্ৰহণ কৰিছেহি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে।

খ্ৰীষ্টিয় পঞ্চদশ শতিকাৰ দ্বিতীয় ভাগতে শংকৰদে‌ৱে ৰচনা কৰা অংকীয়া নাট ভাওনা তথা অসমীয়া নাট্য ইতিহাসৰ লগতে নাটসমুহৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে বৈষ্ণৱ পণ্ডিত গবেষক ভৱানন্দ বৰবায়ন দেৱে।

১১ ডিচেম্বৰৰ পৰা মাজুলী গড়মূৰ বংশীগোপাল নাট্য মন্দিৰত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ (NSD) উদ্যোগত আয়োজিত এই কৰ্মশালাখনৰ অহা ২৪ ডিচেম্বৰত অন্ত পৰিব।

মহাপুৰুষ দুজনৰ নাটত যি কলা-কৌশল আৰু ভাষা প্ৰয়োগ হৈছিল সেই সমুহৰ ওপৰত পুংখানুপুংখ ভাৱে প্ৰশিক্ষণ প্ৰদান কৰি প্ৰশিক্ষাৰ্থী সকলৰ জৰিয়তে গুৰুজনাৰ কৰ্মৰাজীৰ অধিক প্ৰচাৰৰ সপোন দেখিছে গৱেষক ভৱানন্দ বৰবায়ন দেৱে। প্ৰশিক্ষণৰ অন্তত গড়মূৰ বংশীগোপাল নাট্যমন্দিৰ আৰু কমাৰগাঁও ৰূপালী কৃষ্টি সংঘত প্ৰশিক্ষাৰ্থী সকলে মঞ্চস্থ কৰিব গুৰুজনাৰ অমৰ সৃষ্টি অংকীয়া ভাওনা।