UGC NET 2024 Exam New Dates: বাতিল কৰা UGC NET কেতিয়া হ’ব? এন টি এৰ নতুন সূচী ঘোষণা, তাৰ আগতে হ’ব CSIR UGC NET

প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল কৰা হৈছিল UGC-NET পৰীক্ষা। সেই পৰীক্ষাৰ নতুন সময়সূচী ঘোষণা কৰা হৈছে। শুকুৰবাৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই (এন টি এ) জনোৱা মতে, ২০২৪ চনৰ জুন ছেছনৰ বাবে ইউজিচি-নেট পৰীক্ষা আগষ্ট-ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’ব। ২১ আগষ্টৰ পৰা আৰম্ভ হ’ব এই পৰীক্ষা। পৰীক্ষা ৪ ছেপ্টেম্বৰলৈকে চলিব।

আনহাতে, সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাক লৈ বিতৰ্কৰ মাজতে স্থগিত ৰখা `জইন্ট চেন্ট্ৰেল ছায়েন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছ ইউনিভাৰ্ছিটি গ্ৰান্ট কমিছন নেশ্যনেল এলিজিবিলিটি টেষ্ট’(CSIR UGC NET)ৰো নতুন সূচী ঘোষণা কৰা হৈছে। সেইদৰে নেশ্যনেল কমন এন্ট্ৰেঞ্চ টেষ্টৰ (NCET) নতুন তাৰিখো ঘোষণা কৰা হৈছে।

উল্লেখ্য যে সৰ্বভাৰতীয় চিকিৎসা প্ৰৱেশ পৰীক্ষা (NEET-UG)ক লৈ বিতৰ্কৰ মাজতে সেই পৰীক্ষাও পিছুৱাই দিয়া হৈছিল।

এন টি এয়ে ঘোষণা কৰা পৰীক্ষাৰ নতুন সূচী।

UGC-NET পৰীক্ষা OMR ৰ সলনি এইবাৰ হ’ব কম্পিউটাৰত

যোৱা ১৮ জুনত যেতিয়া ইউজিচি-নেট পৰীক্ষা অনুষ্ঠিত হৈছিল তেতিয়া অ’এমআৰ শ্বীটত অনুষ্ঠিত হৈছিল। আৰু তাক লৈয়ে এলানি অভিযোগ উত্থাপন হৈছিল। অৱশ্যে এইবাৰ এন টি এয়ে জনাইছে যে ‘কম্পিউটাৰ বেছড মোড’ হ’ব ইউ জি চি-নেট পৰীক্ষা। অৰ্থাৎ অফলাইনৰ পৰিৱৰ্তে এইবাৰ অনলাইনলৈ উভতি যাব UGC-NET পৰীক্ষা।

কেতিয়া হ’ব CSIR UGC NET পৰীক্ষা?

ইউজিচি-নেট পৰীক্ষা বাতিল কৰাৰ পিছতেই এনটিএই এক অধিসূচনা জাৰি কৰি কৈছিল যে অনিবাৰ্য কাৰণ আৰু লজিষ্টিক কাৰণত চিএছআইআৰ ইউজিচি নেট পৰীক্ষা পিছুৱাই দিয়া হৈছে। প্ৰথমে ২৫ জুনৰ পৰা ২৭ জুনৰ ভিতৰত এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। এন টি এয়ে জনোৱা মতে, এইবাৰ ২৫ জুলাইৰ পৰা ২৭ জুলাইৰ ভিতৰত এই পৰীক্ষা অনুষ্ঠিত হ’ব।

এইবাৰ কেতিয়া হ’ব NCET পৰীক্ষা?

শুকুৰবাৰে এন টি এয়ে জনাইছে যে অহা ১০ জুলাইত অনুষ্ঠিত হ’ব ‘নেশ্যনেল কমন এন্ট্ৰেঞ্চ টেষ্ট’ (এনচিইটি)। এই পৰীক্ষা চাৰি বছৰীয়া ‘ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম’ত নামভৰ্তিৰ বাবে অনুষ্ঠিত কৰা হয়। কিছুমান কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ৰাজ্যিক বিশ্ববিদ্যালয়, আই আই টি, এন আই টি আৰু চৰকাৰী মহাবিদ্যালয়ত ‘ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম’ত নামভৰ্তি হয়। মুঠ বিষয়ৰ সংখ্যা ৬৬টা।