DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধুবুৰীত গৰুৰ আন্ত:ৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ী চক্ৰ উৎখাত, ১৬ জনক আটক

অনুপ শৰ্মা by অনুপ শৰ্মা
June 14, 2019 6:04 am
cattle-smugglers-1140x570

বিএছএফে আটক কৰা গৰুৰ চোৰাং ব্যৱসায়ী। ফাইল ফটো : নৰ্থইষ্ট নাও

659
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ এদিন পাছতে আৰক্ষীয়ে গৰুৰ এটা আন্ত:ৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ী চক্ৰ উৎখাত কৰাৰ লগতে যোৱা ৪৮ ঘন্টাত চক্ৰটোৰ সৈতে জড়িত থকা ১৬ জন লোকক আটক কৰিছে।

আৰক্ষীয়ে লগতে বাংলাদেশলৈ চালান দিবলৈ নিয়া কমেও ১৩টা গৰু জব্দ কৰিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে ১৬ জন লোকক ধুবুৰী জিলাৰ বিভিন্ন স্থানৰ পৰা আটক কৰা হৈছে।

‘’ বিগত ৪৮ ঘন্টাত আমি ধুবুৰী জিলাৰ বিভিন্ন স্থানত তালাচী অভিযান চলাইছো আৰু এই লোককেইজনক আটক কৰাৰ লগতে গৰুকেইটা জব্দ কৰিছো। আমি লগতে চাৰিখন ডাম্পাৰ, আন্ত:ৰাষ্ট্ৰীয় সীমান্তৰ কাঁটাতাঁৰ কটাৰ সঁজুলি আৰু বহু আপত্তিজনক সামগ্ৰী তেওঁলোকৰ জিম্মাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো,’’- অসম আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে।

তেওঁ কয় যে চোৰাং ব্যৱসায়ীকেইজনে সীমান্ত অতিক্ৰম কৰিবলৈ সুযোগৰ অপেক্ষাত আছিল।

‘’তেওঁলোকে আচলতে সীমান্তৰ সিপাৰলৈ গৰু প্ৰেৰণ কৰাৰ বাবে ডাৱৰীয়া বতৰৰ বাবে অপেক্ষা কৰিছিল। তেওঁলোকে প্ৰথমতেগৰুবোৰ আন্ত:ৰাষ্ট্ৰীয় সীমান্তৰ সমীপলৈ লৈ যায় আৰু তাৰপাছত বিভিন্ন আহিলাৰ প্ৰয়োগ কৰি কাঁটাতাঁৰ কাটি গৰুবোৰ সীমান্তৰ সিপাৰলৈ পঠিয়ায়,’’-তেওঁ কয়।

ধুবুৰী জিলাই বাংলাদেশৰ সৈতে আন্ত:ৰাষ্ট্ৰীয় সীমান্ত ভগাই লৈছে আৰু গৰুৰ চোৰাং ব্যৱসায়ীয়ে গৰুৰ চোৰাং ব্যৱসায়ৰ উপৰি আন সামগ্ৰী তথা জালনোট, সুৰা আদি সৰবৰাহ কৰি আহিছে।

চোৰাং ব্যৱসায়ীসকলক প্ৰায়েই ভাৰত-বাংলা সীমান্তত থকা আৰক্ষী তথা সীমান্ত সুৰক্ষা বাহিনীকে ধৰি সুৰক্ষা সংস্থাসমূহে নজৰত ৰাখি আহিছে।

চলিত বছৰৰ এপ্ৰিল মাহত সীমান্ত সুৰক্ষা বাহিনীয়ে ৪৯৯ টা গৰু, ১,৫১৪ বটল সুৰা, ২৬৪০ পেকেট বিড়ি, ৪.৭৬ কোটি টকাৰ মূল্যৰ ১৫০ বাকচ ছুপাৰীকে ধৰি  ২,০৫কোটি টকা মূল্যৰ সামগ্ৰী জব্দ কৰে। তদুপৰি, সীমান্ত সুৰক্ষা বাহিনীয়ে এই কাৰবাৰৰ সৈতে জড়িত থকা ২৩ জন ভাৰতীয় নাগৰিক আৰু ১৩ জন বাংলাদেশী নাগৰিককে ধৰি ৩৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

Recent News

Teacher molest minor student

খাৰুপেটীয়াত নাবালিকা ছাত্ৰীক উৎপীড়নৰ অভিযোগত বিদ্যালয়ৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd