NORTHEAST NOW (Assamese)

মণিপুৰৰ বিজেপি চৰকাৰক সমালোচনা কৰি প্ৰৱন্ধ প্ৰকাশ; জে এন য়ুৰ গৱেষক ছাত্ৰক গ্ৰেপ্তাৰ

April 11, 2020 5:05 pm · এন ই নাও নিউজ
জে এন য়ুৰ গৱেষক ছাত্ৰ গৰাকী

এখন দৈনিক বাতৰি কাকতত বিজেপি চৰকাৰক সমালোচনা কৰাৰ বাবে মণিপুৰ আৰক্ষীয়ে এগৰাকী জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰক গ্ৰেপ্তাৰ কৰে।

জে এন য়ুৰ বুৰঞ্জীৰ গৱেষক ছাত্ৰ চিংগিজ খানে ‘মুছলমানক এঘৰীয়াকৰণৰ ৰাজনৈতিক ষড়যন্ত্ৰ’’ শীৰ্ষক এক প্ৰৱন্ধ এখন দৈনিক বাতৰি কাকতত প্ৰকাশ কৰিছিল।

খানে তেওঁৰ গৱেষণা পত্ৰত মণিপুৰ চৰকাৰে ৰাজ্যখনৰ পাংগল মুছলমান সকলক বঞ্চিত কৰাৰ বিষয়ে প্ৰৱন্ধত উল্লেখ কৰিছিল।

মণিপুৰ আৰক্ষীয়ে জে এন য়ুৰ গৱেষক ছাত্ৰ গৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছতে তেওঁৰ প্ৰৱন্ধটোৱে ধাৰ্মিক অসহিঞ্চুতাৰ সৃষ্টি কৰিব বুলি উল্লেখ কৰে।

শুকুৰবাৰে মণিপুৰৰ আৰক্ষীয়ে খানক গ্ৰেপ্তাৰ কৰাৰ পাছতে জে এন য়ুৰ ছাত্ৰ একতা সভাৰ সভাপতি আতিশী ঘোষে গৱেষক ছাত্ৰ গৰাকীৰ মুক্তিৰ দাবী জনায়।

মণিপুৰ মুছলিম ছাত্ৰ দিল্লী সন্থাই গৱেষক ছাত্ৰ গৰাকীক গ্ৰেপ্তাৰ কৰাৰ কাৰ্য্যক সমালোচন কৰি ইয়াক অগণতান্ত্ৰিক আখ্যা দিয়াৰ লগতে ই ব্যক্তি স্বাধীনতা খৰ্ব কৰিছে বুলিও কয়।

আনহাতে, মণিপুৰ চৰকাৰে বৰ্তমানলৈ এই সম্বন্ধত কোনোধৰণৰ মত প্ৰকাশ কৰাৰ পৰা বিৰত আছে।

Related News