সংবাদ মাধ্যম নহয়, সামাজিক মাধ্যমেৰেহে আত্মপ্ৰকাশত মগন মোদী

প্ৰধানমন্ত্ৰী মোদীৰ ইউটিউব চেনেলৰ চাবস্ক্ৰাইবাৰ সংখ্যা ১ কোটি অতিক্ৰম

Narendra Modi

প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ পৰাই সংবাদ মেলত ভাগ লোৱাৰ পৰা পলাতক হ’লেও সামাজিক মাধ্যমৰ যোগেদি অনুৰাগীক আকৰ্ষণৰ কৌশল অব্যাহত আছে নৰেন্দ্ৰ মোদীৰ।

সামাজিক মাধ্যমত সক্ৰিয় অংশগ্ৰহণকাৰী নৰেন্দ্ৰ মোদীৰ এক বৃহৎ অনুসৰণকাৰী অনুৰাগী আছে। সামাজিক মাধ্যমৰ যোগে নিজকে প্ৰচাৰ কৰাত কোনো ত্ৰুটি নাৰাখে প্ৰধানমন্ত্ৰী মোদীয়ে।

সংবাদ মেলৰ পৰা আঁতৰি থকাৰ বাবে মোদীক বিৰোধীয়ে অবিৰত সমালোচনা কৰি আহিলেও তেনে সমালোচনাৰ প্ৰতি কোনো ভ্ৰুক্ষেপ নাই মোদীৰ।

প্ৰধানমন্ত্ৰী হিচাপে আন ক্ষেত্ৰত ব্যৰ্থ হ’লেও সামাজিক মাধ্যমত জনপ্ৰিয়তাৰ দৌৰত যথেষ্ট আগবাঢ়ি গৈছে মোদী।

এই দৌৰ অব্যাহত ৰাখিয়ে নৰেন্দ্ৰ মোদীৰ ইউটিউব চেনেলৰ গ্ৰাহকৰ সংখ্যা এক কোটি অতিক্ৰম কৰিছে।

এইক্ষেত্ৰত মোদীতকৈ বহু পিছত বিশ্বৰ আন আন শীৰ্ষস্থানীয় নেতৃত্ব। মোদীৰ ১ কোটি চাবস্ক্ৰাইবাৰৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ ইউটিউবত অনুসৰণকাৰী সাত লাখতকৈ কিছু বেছি।

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ ব’লচোনাৰোৰ ইউটিউব অনুসৰণকাৰী ৩৬ লাখতকৈও অধিক। সেইদৰে মেক্সিকান ৰাষ্ট্ৰপতি এন্দ্ৰেছ মেনুৱেল ল’পেজ অব্ৰাডৰৰ ৩০.৭ লাখ ইউটিউব চাবস্ক্ৰাইবাৰ আছে।

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো উইডোডোৰ ২৮.৮ লাখ আৰু হোৱাইট হাউচৰ ১৯ লাখ অনুসৰণকাৰী আছে।

আনহাতে ৰাষ্ট্ৰীয় নেতাসকলৰ ভিতৰত কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধীৰ ইউটিউবত ৫.২৫ লাখ অনুসৰণকাৰী আছে। আনহাতে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত জনপ্ৰিয় শশী থাৰুৰৰ ৪.৩৯ লাখ অনুসৰণকাৰী আছে।