• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কানপুৰত চিকিৎসালয়ত কৰ্মৰত অৱস্থাতে নাৰ্ছক কোঠাত আবদ্ধ কৰি ‘ধ*ৰ্ষণ’! গ্ৰেপ্তাৰ সঞ্চালক

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 5, 2024 12:47 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ কানপুৰৰ এখন চিকিৎসালয়ত এগৰাকী নাৰ্ছক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে চিকিৎসালয়খনৰে সঞ্চালকৰ বিৰুদ্ধে। ২২ বছৰীয়া যুৱতীগৰাকীয়ে দুমাহমান পূৰ্বে কামত যোগদান কৰিছিল।

অভিযোগ অনুসৰি যোৱা দেওবাৰে সন্ধিয়া কিশোৰীগৰাকীক চিকিৎসালয়ত আটক কৰি নিৰ্যাতন চলাইছিল। সেই ঘটনাত সোমবাৰে গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তক। অৱশ্যে অভিযুক্তৰ নাম আৰু পৰিচয় এতিয়াও আৰক্ষীয়ে প্ৰকাশ কৰা নাই।

দেওবাৰে নিশা সংঘটিত হোৱা এই ঘটনাৰ পিছতে কিশোৰীগৰাকীয়ে আৰক্ষীক এজাহাৰ দাখিল কৰে। ভুক্তভোগীৰ অভিযোগৰ পিছতে আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰে। পিছত তদন্ত অব্যাহত থকাৰ মাজতে চিকিৎসালয়খনৰ অভিযুক্ত সঞ্চালকক গ্ৰেপ্তাৰ কৰা হয়।

লগতে পঢ়কঃ বৰপেটাৰোডৰ শিমলাগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত পিতা-পুত্ৰ

কল্যাণপুৰৰ সহকাৰী আৰক্ষী আয়ুক্ত অভিষেক পাণ্ডেই জনোৱা মতে, মহিলাগৰাকীয়ে যোৱা দুমাহ ধৰি তাত নাৰ্ছ হিচাপে কাম কৰি আছিল। দেওবাৰে চিকিৎসালয়ত এক নৈশ আহাৰৰ আয়োজন কৰা হৈছিল। তালৈও নিমন্ত্ৰণ কৰা হৈছিল ভুক্তভোগীক।

তেওঁ অভিযোগ কৰে যে নৈশ আহাৰ খোৱাৰ পিছত সঞ্চালকে তেওঁক কিছু কামৰ বাবে নিশা চিকিৎসালয়ত থাকিবলৈ কয়। ইয়াৰ পিছত নিশা গভীৰ হোৱাৰ সময়ত সঞ্চালকগৰাকীয়ে যুৱতীগৰাকীক নিজৰ কোঠালৈ মাতি পঠায়। যুৱতীগৰাকীয়ে কোঠাটোত প্ৰৱেশ কৰাৰ লগে লগে অভিযুক্তই বলপূৰ্বকভাৱে তেওঁক ভিতৰলৈ টানি নি দৰ্জা বন্ধ কৰি দিয়ে।

নাম প্ৰকাশত অনিচ্ছুক এজন আৰক্ষী বিষয়াই সংবাদ সংস্থাক জানিবলৈ দিয়া মতে চিকিৎসালয়ৰ সঞ্চালকে নাৰ্ছগৰাকীক কোঠাৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছিল। সেই নিশা তেওঁ নাৰ্ছগৰাকীক ধৰ্ষণ কৰাৰো অভিযোগ উত্থাপন হৈছে। আনকি বিষয়টো পোহৰলৈ আহিলে ভুক্তভোগীক হত্যা কৰাৰ ভাবুকিও দিছিল অভিযুক্তই।

লগতে পঢ়কঃ আজি আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতি নিৰ্বাচন, কোন যাব হোৱাইট হাউছলৈ; দৃষ্টি নিৱদ্ধ সমগ্ৰ বিশ্বৰ

ইতিমধ্যে দেওবাৰে নিশা সংঘটিত হোৱা এই ঘটনাত অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অৱশ্যে তদন্তৰ স্বাৰ্থত তেওঁৰ নাম আৰু পৰিচয় প্ৰকাশ কৰা হোৱা নাই। অভিযোগ কৰা নাৰ্ছগৰাকীৰ শাৰীৰিক পৰীক্ষাৰ ব্যৱস্থাও কৰে আৰক্ষীয়ে। শাৰীৰিক পৰীক্ষাৰ অন্তত ভুক্তভোগীৰ গোপন জবানবন্দী সংগ্ৰহ কৰা হ’ব।

শেহতীয়াকৈ চিকিৎসালয়কে ধৰি বিভিন্ন কৰ্মক্ষেত্ৰত মহিলাৰ সুৰক্ষাৰ দাবী অধিক প্ৰবল হৈ পৰিছে। ইয়াৰ মাজতে কানপুৰৰ চিকিৎসালয়ৰ ভিতৰত এগৰাকী নাৰ্ছক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd