মালিগাঁৱৰ নেতাজী বিদ্যাপীঠ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্থাৰ ৱেবছাইট উন্মোচন

NVP-website-launched-750x375

মালিগাঁৱৰ নেতাজী বিদ্যাপীঠ ৰে’লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে নেতাজীৰ জন্মদিনত এটা বেৱছাইট উন্মোচন কৰিছে। বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে নেতাজী জয়ন্তী উদযাপন কৰিবলৈ আহি নেতাজী বিদ্যাপীঠ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্থাৰ সদস্য-সদস্যাসকলে সুভাষচন্দ্ৰ বসুৰ দেশলৈ আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাহসৰ সঞ্চাৰ কৰিবলৈ চেষ্টা কৰে।

নেতাজী বিদ্যাপীঠ ৰে’লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দুৰ্গেশ্বৰ তালুকদাৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ এই ৱেবছাইটো উন্মোচন কৰে। বিদ্যালয়খনৰ শৈক্ষিক মানদণ্ড উন্নীত কৰাৰ ক্ষেত্ৰত এই ৱেবছাইটৰ জৰিয়তে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে সমমৰ্থন আগবঢ়াব পাৰিব।

উল্লেখ্য যে ১৯৪৮ চনত স্থাপিত এই বিদ্যালয়খনৰ আজি হৈছে প্ৰতিষ্ঠা দিৱস। প্ৰচুৰ পৰিশ্ৰমেৰে ১৯৫১ চনৰ পৰা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ যোগাযোগৰ ঠিকনা সংগ্ৰহ কৰা নেতাজী বিদ্যাপীঠ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্থাৰ উপদেষ্টা সাধন কুমাৰ ঘোষে কৈছে যে বৰ্তমানৰ ছাত্ৰছাত্ৰীসকলৰ সৰ্বাংগীন উন্নতিৰ বাবে পুৰণি দিনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সংযোগ সাধন কৰাৰ যি সাৰ্বজনীন প্ৰয়োজন এই ৱেবছাইটটোৱে তাক সম্ভৱ কৰি তুলিব।ই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন ডিজিটেল মঞ্চ হিচাপে পৰিগণিত হ’ব।

নেতাজী বিদ্যাপীঠ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্থাই বিদ্যালয়খনৰ পূৰ্বৰ গৰিমা উদ্ধাৰ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসত নেতাজী বিদ্যাপীঠ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্থাৰ ৱেবছাইটটো (www.nvpalumni.com) উন্মোচন কৰাটো এই লক্ষ্যত এটা খোজ বুলি অভিহিত কৰিব পাৰি।