প্ৰজ্জ্বল ৰেভান্নাৰ ভিডিঅ’ বিতৰণ কৰাসকলৰ অগ্ৰিম জামিন নাকচ আদালতৰ

কৰ্ণাটকৰ হাছানৰ এখন জিলা আদালতে জনতা দলৰ (চেকুলাৰ) সাংসদ প্ৰজ্জ্বল ৰেভান্নাৰ যৌন নিৰ্যাতনৰ ভিডিঅ’ আৰু ফটো থকা পেন ড্ৰাইভ বিতৰণ কৰাৰ অভিযোগত অভিযুক্ত চাৰিজন লোকৰ অগ্ৰিম জামিন আবেদন নাকচ কৰিছে। উল্লেখ্য যে, ২৬ এপ্ৰিলত হাছান লোকসভাৰ আসনত ভোটদানৰ পূৰ্বে এই ভিডিঅ’সমূহ ৰাজহুৱা কৰা হৈছিল।

ইণ্ডিয়ান এক্সপ্ৰেছৰ মতে, জিলা আদালতে চেতন চি, নবীন গৌড়া, কাৰ্তিক এন আৰু পুত্তৰাজুৰ জামিন আবেদন নাকচ কৰি কয় যে অভিযুক্তই ভিডিঅ’টো ভাইৰেল কৰাটো কাৰোবাৰ গোপনীয়তা আৰু মৰ্যাদা আক্ৰমণ, আৰু তেওঁলোকৰ কাৰ্যৰ বাবেই ভিডিঅ’ত থকা মহিলাসকল সামাজিক অপমানৰ সন্মুখীন হ’বলগীয়া হ’ল।

হাছানৰ পৰা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্নাই কেইবাগৰাকীও মহিলাক যৌন নিৰ্যাতনৰ গোচৰটো পোহৰলৈ আহে যেতিয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটদানৰ ঠিক পূৰ্বে হাছানত বেনামীভাৱে কিছুমান পেন ড্ৰাইভ আৰু চিডি বিতৰণ কৰা হয়৷ ভুক্তভোগী মহিলাসকলৰ ভিতৰত এগৰাকী ৬৮ বছৰীয়া মহিলাও অন্তৰ্ভুক্ত কৰা হৈছে।চাৰি অভিযুক্তৰ একাংশই নিজকে কংগ্ৰেছ কৰ্মী বুলি অভিহিত কৰিছে।

ভিডিঅ’ ভাইৰেল কৰাৰ অন্যতম অভিযুক্ত কাৰ্তিক আছিল প্ৰজ্জ্বলৰ ড্ৰাইভাৰ। খবৰ অনুসৰি, সাংসদগৰাকীৰ সৈতে কাম কৰি থকাৰ সময়ত কাৰ্তিকেই তেওঁৰ ডিভাইচৰ পৰা ভিডিঅ’সমূহ লাভ কৰিছিল৷জামিন আবেদন নাকচ হোৱাৰ পাছত চাৰিওজনকে শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে দেৱৰাজে গৌড়াই।একে সময়তে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে বিশেষ তদন্তকাৰী দলক এই গোচৰৰ সতৰ্কতা ল’বলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে যৌন নিৰ্যাতনৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে নিলম্বিত জেডি(এছ) সাংসদ প্ৰজ্জ্বল ৰেভান্নাই দেশ এৰি জাৰ্মানীলৈ পলায়ন কৰিছে। ৰেভানাৰ তিনি হাজাৰৰো অধিক আপত্তিজনক ভিডিঅ’ ভাইৰেল হৈছে। উল্লেখযোগ্য যে মহীশূৰত এখন ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে ৰেভান্নাক ভোট দিবলৈ আবেদন জনাইছিল।