বি টি এ ডিত অবড়োসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবী : ৫ অক্টোবৰত অবড়ো সুৰক্ষা সমিতিৰ অসম বন্ধ

A-Bodo-Surakshya-Samitee-Assam-750x375

অবড়ো সুৰক্ষা সমিতিৰ ধৰ্ণা । ফাইল ফটো : নৰ্থইষ্ট নাও

বি টি এ ডিত বাস কৰি থকা অবড়োসকলৰ স্বাৰ্থ ৰক্ষা তথা অধিকাৰ সুৰক্ষিত কৰাৰ বাবে পুনৰ সৰৱ হৈ পৰিছে অবড়ো সুৰক্ষা সমিতি। যিটো সময়ত বি টি এ ডিত বসবাস কৰি থকা অবড়ো জনসাধাৰণে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে আন্দোলন অব্যাহত ৰাখিছে তেনে সময়তে অসমৰ কিছুমান ৰাজনৈতিক দল- সংগঠনে অবড়ো ৰাইজৰ আৱেগ আৰু অনুভূতিৰ লগত হেতালি খেলি ৰাজনীতি কৰা বিষয়তো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংগঠনটোৱে।

এক বিবৃতিতযোগে সংগঠনটোৱে কয় যে যিবিলাক ৰাজনৈতিক দলৰ চৰকাৰে ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰিত ২২ লাখ অবড়ো ৰাইজৰ সকলো মৌলিক অধিকাৰ খৰ্ব কৰি বি টি চি নামৰ মৰণফান্দ জাপি দিয়াৰ পিছত ২০১৪ চনৰ আগলৈকে বি টি চি প্ৰশাসনৰ লগ লাগি বড়োলেণ্ড গঠনৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল তেনে ৰাজনৈতিক দলসমূহে শেহতীয়াকৈ দেখুওৱা অবড়ো প্ৰীতি অতিকৈ হাস্যকৰ আৰু ষড়যন্ত্ৰমূলক।

সংগঠনটোৱে অভিযোগ কৰে যে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে যেতিয়া অবড়ো ৰাইজৰ ভূমিৰ অধিকাৰ কৰ্তন কৰি ভূমি নীতি প্ৰৱৰ্তন কৰিছিল, তেতিয়া এনে ৰাজনৈতিক দল-সংগঠনসমূহে নিৰ্লিপ্ত ভূমিকা পালন কৰিছিল। একমাত্ৰ অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিবাদী গণ আন্দোলন আৰু সাংসদ নৱ কুমাৰ শৰণীয়াৰ সবল প্ৰতিবাদত হাগ্ৰামা বাহিনীয়ে সেও মানি ভূমিনীতি প্ৰত্যাহাৰ কৰা বাতৰি সম্প্ৰচাৰ কৰিছিল যদিও সেয়াও কাৰ্যকৰী নকৰিলে।

শনিবাৰে অবড়ো সুৰক্ষা সমিতিৰ সভাপতি বিহাৰি প্ৰসাদ দাস আৰু সাধাৰণ সম্পাদক মাধৱ ৰাজবংশীয়েএক বিবৃতিযোগে এনে দল-সংগঠনসমূহক অবড়ো ৰাইজৰ আৱেগ, অনুভূতিক লৈ হেতালি খেলি ৰাজনীতি নকৰিবলৈ স্পষ্ট কৰি দিয়ে।

বিবৃতিটোত তেওঁলোকে উল্লেখ কৰে যে ৰাজ্যত চলি থকা এন আৰ চি উন্নীতকৰণৰ সময়তে অবড়ো ৰাইজৰ মাজত এক নতুন সমস্যাৰ সৃষ্টি হোৱাতো দৃষ্টিগোচৰ হয়। বি টি এ ডিত বসবাস কৰা অবড়ো লোক বিশেষকৈ কোচ ৰাজবংশী, নেপালী, আদিবাসী, সংখ্যালঘু সম্প্ৰদায় আৰু বাঙালী জনগোষ্ঠীয় লোকক উপযুক্ত নথি থকাৰ পিছতো কোনো জাননী প্ৰেৰণ নকৰাকৈ ষড়যন্ত্ৰমূলকভাৱে ‘ডি’ ভোটাৰ সজাই ভৱিষ্যতৰ ৰাজনৈতিক পৰিকল্পনা কৰা দেখা গৈছে। তাৎপৰ্যপূৰ্ণভাৱে জনগোষ্ঠীয় লোকক বি টি এ ডিত ‘ডি’ ভোটাৰ সজোৱা হৈছে।

সেয়েহে জৰুৰীভাৱে ‘ডি’ ভোটাৰ সমস্যাৰ সমাধান, প্ৰস্তাৱিত বড়োলেণ্ডৰ বিৰোধিতা, বি টি এ ডিত কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণ, বি টি চি চুক্তি পুনৰীক্ষণৰ দাবীত অহা ৫ অক্টোবৰৰ পুৱা ৫ বজাৰপৰা সন্ধিয়া ৫ বজালৈ অসম বন্ধ, ১০ অক্টোবৰত প্ৰতিখন জিলা সদৰত শীঘ্ৰে ‘ডি’ ভোটাৰ সমস্যা সমাধানৰ দাবীত স্মাৰক-পত্ৰ প্ৰদান আৰু ২৮ অক্টোবৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি বিবৃতিটোৰ জৰিয়তে অবড়ো সুৰক্ষা সমিতিয়ে প্ৰকাশ কৰে।

সমিতিয়ে উক্ত কাৰ্যসূচী গণতান্ত্ৰিকভাৱে সফল কৰি তুলিবলৈ সমূহ ৰাইজক আহ্বান জনাইছে।