ওড়িশাৰ সম্বলপুৰত অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত একাংশ লোকৰ গণপ্ৰহাৰত পশ্চিমবংগৰ এজন শ্ৰমিক নিহত হৈছে। মৃত শ্ৰমিকজনৰ নাম জুৱেল ৰানা আৰু তেওঁৰ আত্মীয়ই নিশ্চিত কৰিছে যে জুৱেলৰ বয়স মাত্ৰ ১৯ বছৰহে আছিল, যিটো কিছুমান সংবাদ মাধ্যমত ভুলকৈ ৩০ বছৰ বুলি প্ৰকাশ পাইছিল।
জানিব পৰা মতে, পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাৰ বাসিন্দা জুৱেল ৰানা কামৰ সন্ধানত সম্বলপুৰলৈ আহিছিল আৰু এটা নিৰ্মাণস্থলীত ৰাজমিস্ত্ৰীৰ কাম কৰি আছিল। তেওঁৰ সৈতে একেলগে কাম কৰা আত্মীয় পল্টু শ্বেখৰ মতে, পাঁচজনীয়া এটা লোকৰ দলে জুৱেলৰ ভাড়া কোঠাত প্ৰৱেশ কৰি তেওঁৰ পৰিচয় পত্ৰ দাবী কৰে আৰু তেওঁক ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিবলৈ বাধ্য কৰে।
শ্বেখে জনোৱা মতে, নথি-পত্ৰ দেখুওৱাৰ আগতেই আক্ৰমণকাৰীসকলে লোহাৰ ৰড আৰু লাঠিৰে জুৱেলক নিৰ্মমভাৱে প্ৰহাৰ কৰে। পল্টু শ্বেখ আৰু আন দুজন প্ৰব্ৰজিত শ্ৰমিক উদ্ধাৰৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱাৰ আগতেই আক্ৰমণকাৰীসকল পলাই যায়। জুৱেলক ততালিকে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। এই ঘটনাত আন দুজন প্ৰব্ৰজিত শ্ৰমিকো আহত হৈছে আৰু বৰ্তমান তেওঁলোক সম্বলপুৰৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
জুৱেলৰ আধাৰ কাৰ্ডৰ ভিত্তিত তেওঁৰ বয়স ১৯ বছৰ বুলি নিশ্চিত কৰা হৈছে। লগতে ইয়াৰ পূৰ্বৰ কিছু খবৰৰ বিপৰীতে স্পষ্ট হৈছে যে আক্ৰমণৰ ঘটনাটো চাহ দোকানত নহয়, তেওঁৰ নিজৰ ভাড়া কোঠাতহে সংঘটিত হৈছিল।
সংবাদ সংস্থা পিটিআইত (PTI) প্ৰকাশিত খবৰ অনুসৰি, আৰক্ষী মহাপৰিদৰ্শক (IGP) হিমাংশু লালে এই ঘটনাক এক প্ৰৰোচনামূলক কাণ্ড বুলি অভিহিত কৰিছে। উল্লেখ্য যে, একেটা সপ্তাহতে দেশত অবৈধ বাংলাদেশী সন্দেহত গণপ্ৰহাৰৰ এইটো দ্বিতীয়টো ঘটনা। এনে ঘটনাই বৰ্তমান প্ৰব্ৰজিত শ্ৰমিকসকলৰ সুৰক্ষাক লৈ গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে।



