থানাতো নাই কোনো নিৰাপত্তা! সেনা বিষয়া আৰু তেওঁৰ প্ৰেমিকাক আক্ৰমণ; ৫ আৰক্ষী বিষয়াক নিলম্বন

ভাৰতীয় সেনাৰ এজন বিষয়া আৰু তেওঁৰ বগদত্তাক প্ৰহাৰ আৰু হাৰাশাস্তি কৰাৰ অভিযোগত ভাৰতপুৰ থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক (আই আই চি)কে ধৰি পাঁচজন বিষয়াক নিলম্বন কৰিছে ওড়িশা আৰক্ষীয়ে।

এক বিবৃতিত ওড়িশা আৰক্ষীয়ে আই আই চি দীনকৃষ্ণ মিশ্ৰ, উপ-পৰিদৰ্শক বৈশালিনী পাণ্ডা, সহকাৰী উপ-পৰিদৰ্শক চলিলাময়ী চাহু আৰু সাগৰিকা ৰথ আৰু কনিষ্টবল বলৰাম হাণ্ডাক নিলম্বন কৰাৰ কথা প্ৰকাশ কৰিছে।

বিবৃতিটোত কোৱা হৈছে যে নিলম্বনৰ সময়ছোৱাত বিষয়াসকল ভুৱনেশ্বৰ-কটকৰ আৰক্ষী আয়ুক্তৰ অনুশাসনমূলক নিয়ন্ত্ৰণত থাকিব আৰু ওড়িশা সেৱা সংহিতাৰ ৯০ নং নিয়ম অনুসৰি ভৰণ-পোষণ আৰু মহাৰ্ঘ ভাট্টা লাভ কৰিব।

লগতে পঢ়কঃ ৰাজ্যৰ এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া অনুৰাগ গোৱেলৰ বিৰুদ্ধে যৌন শোষণৰ অভিযোগ

অৱশ্যে নিলম্বনৰ পূৰ্বে নিৰপেক্ষ তদন্ত নিশ্চিত কৰিবলৈ ভাৰতপুৰ থানাৰ পৰা আই আই চি মিশ্ৰৰ লগতে আন দুজন বিষয়াকো বদলি কৰিছিল আৰক্ষীয়ে। মিশ্ৰক ক্ৰমে ভুৱনেশ্বৰৰ উপ আৰক্ষী আয়ুক্ত কাৰ্যালয়লৈ আৰু এ এছ আই চাহু আৰু কনিষ্টবল হাণ্ডাক ক্ৰমে ডি চি পি কাৰ্যালয় আৰু ৰিজাৰ্ভ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু ইয়াৰ পিছত অলপ সময়ৰ ভিতৰতে এই ৬ জন বিষয়াক ওড়িশা আৰক্ষীয়ে নিলম্বন কৰে।

ৰাজ্যিক আৰক্ষী সঞ্চালক প্ৰধান ৱাই বি খুৰানিয়াৰ নিৰ্দেশত ক্ৰাইম ব্ৰাঞ্চে তদন্ত অব্যাহত ৰাখিছে।

জানিব পৰা মতে কিছুদিন পূৰ্বে এজন সেনা বিষয়া আৰু তেওঁৰ প্ৰেমিকা আহত অৱস্থাত অভিযোগ কৰিবলৈ ভাৰতপুৰ থানালৈ আহিছিল। তেওঁলোকে জনোৱা মতে, পথত গাড়ী চলাই অহাৰ সময়তে হঠাতে একাংশ ব্যক্তিয়ে তেওঁলোকৰ ওপৰত আক্ৰমণ চলাই মাৰপিট কৰে। এই অভিযোগ দাখিল কৰিবলৈ আহোতেই সমস্যাৰ সৃষ্টি হয়।

লগতে পঢ়কঃ তিৰুপতি মন্দিৰৰ লাড়ুত মাছৰ তেল-গৰুৰ চৰ্বি ব্যৱহাৰ কৰা হৈছে; দাবী চৰকাৰী প্ৰতিবেদনত

ইয়াৰ পিছত যেতিয়া তেওঁলোকে থানাত এজাহাৰ দাখিল কৰিবলৈ বিচাৰে তেতিয়া তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰা হয়, সেনা বিষয়াজনক আটক কৰি ৰখাৰ অভিযোগ উত্থাপন হয় আৰু তেওঁৰ প্ৰেমিকাকো নিৰ্যাতন চলোৱা বুলি কোৱা হয়। ইয়াৰ উপৰিও অভিযুক্ত আই আই চিয়ে মহিলাগৰাকীক প্ৰহাৰ কৰাৰ ভাবুকি দিয়া বুলিও জানিব পৰা গৈছে।