ওড়িশাৰ কেন্দ্ৰপাৰা জিলাত এগৰাকী মহিলা চৰকাৰী বিষয়াক বিজেপি নেতাই নিজৰ কাৰ্যালয়ৰ ভিতৰতে আক্ৰমণৰ চেষ্টা চলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে শুকুৰবাৰে বিজেপি নেতা ললিত কুমাৰ বেহেৰাৰ নেতৃত্বত এটা দলে ৰাজনগৰৰ ব্লক উন্নয়ন বিষয়া তিলোত্তমা প্ৰুষ্টীৰ চেম্বাৰত সোমাইছিল। কাৰ্যালয়ৰ কিছু কাম ক্ষিপ্ৰতাৰে কৰিবলৈ হেঁচা দিয়াৰ মাজতে বিজেপি নেতাগৰাকীয়ে তিলোত্তমা প্ৰুষ্টীক শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ উদ্যত হয় বুলি অভিযোগ উত্থাপন হৈছে। ওড়িশা প্ৰশাসনিক সেৱাৰ এইগৰাকী মহিলা বিষয়াই দাবী কৰা মতে ললিত বেহেৰাক তেওঁৰ নিজৰ সমৰ্থকেহে কোনোমতে ৰখাইছিল।
অফিচৰ ভিতৰত সংঘটিত হোৱা এই সমগ্ৰ ঘটনা চিচিটিভি কেমেৰাত বন্দী হৈছে। কেন্দ্ৰপাৰাৰ জিলা উপায়ুক্ত ৰঘুৰাম আৰ আয়াৰে এই বিষয়টো গুৰুত্বসহকাৰে লৈছে আৰু ইতিমধ্যে এজন উপ-সংগ্ৰাহকক সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ দায়িত্ব দিয়া হৈছে। উপায়ুক্তগৰাকীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ কথা উল্লেখ কৰি কয় যে এগৰাকী বিষয়াৰ ওপৰত এনে আক্ৰমণৰ চেষ্টা অতি দুৰ্ভাগ্যজনক। প্ৰশাসনে ভৱিষ্যতে এনে পৰিস্থিতি ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলিও তেওঁ আশ্বাস দিয়ে। বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো আৰক্ষী গোচৰ ৰুজু হোৱা নাই যদিও বিভাগীয় তদন্ত অব্যাহত আছে।
ইফালে মহিলা বিষয়াগৰাকীৰ প্ৰতি সমৰ্থন জনাই ৰাজনগৰ বিডিও কাৰ্যালয়ৰ কৰ্মচাৰীসকলে কাম-বন বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ সমান্তৰালকৈ বিজেডিৰ কৰ্মীসকলে নগৰখনৰ প্ৰৱেশ পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ কৰাৰ ফলত যাতায়ত ব্যৱস্থা বিঘ্নিত হৈছে। বিৰোধী দল কংগ্ৰেছ আৰু বিজেডিয়ে এই কাণ্ডক তীব্ৰ গৰিহণা দিছে। ওড়িশা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভক্ত চৰণ দাসে এই ঘটনাক বিজেপিৰ গুণ্ডাগিৰি বুলি আখ্যা দিছে। তেওঁ কয় যে এগৰাকী মহিলা বিষয়াক এনেদৰে ভাবুকি দিয়াটো কেতিয়াও গ্ৰহণযোগ্য নহয়। বিজেডিৰ ফালৰ পৰাও এই বৰ্বৰ কাণ্ডত জড়িত থকা অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰা হৈছে।





