১৯৯৩ চনৰ পৰা নলাত মৃত্যু হোৱা ১২৪৮ জনৰ ৮১টা পৰিয়ালে লাভ কৰা নাই ক্ষতিপূৰণ

এক আশাহত কৰা খবৰ৷ সমাজৰ সৰ্বস্তৰৰ লোকৰ প্ৰগতিৰ জয়গান গোৱা চৰকাৰসমূহৰ অধীনত সংঘটিত হৈছে এক আজৱ কাণ্ড৷উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ১৯৯৩ চনৰ পৰা নলা আৰু চেপ্টিক টেংকত মৃত্যু হোৱা ১২৪৮টা গোচৰৰ ভিতৰত চলিত বৰ্ষৰ মাৰ্চ পৰ্যন্ত ১,১১৬টা গোচৰত ক্ষতিপূৰণ প্ৰদান কৰা হৈছে যদিও ৮১টা গোচৰৰ ক্ষতিপূৰণৰ আদায় এতিয়াও বাকী আছে।

২৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নেশ্যনেল কমিছন ফৰ চাফাই কৰ্মচাৰী (এন চি এছ কে)ৰ ওচৰত উপলব্ধ শেহতীয়া তথ্য অনুসৰি ২০২৩ চনৰ এপ্ৰিলৰ পৰা চলিত বৰ্ষৰ মাৰ্চলৈকে এই মৃত্যুসমূহৰ ভিতৰত ৫৮ জনৰ মৃত্যু হোৱা বুলি দ্য টাইমছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰিছে।তথ্য অনুসৰি মৃত ব্যক্তিসকলৰ আইনী উত্তৰাধিকাৰী বিচাৰি নোপোৱাৰ বাবে ৰাজ্যসমূহে ৫১টা গোচৰ বন্ধ কৰি দিছে।

এনচিএছকেৰ বিষয়াসকলে গুৰুত্ব আৰোপ কৰে যে এই তথ্য আয়োগে ৰাজ্যসমূহৰ পৰা লাভ কৰা তথ্য, ছপা আৰু ইলেক্ট্ৰনিক সংবাদ মাধ্যমৰ প্ৰতিবেদন আৰু পোনপটীয়াকৈ লাভ কৰা অভিযোগৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

১৯৯৩ চনৰ পাছৰ তথ্য অনুসৰি নলা আৰু চেপ্টিক টেংকৰ ফলত মৃত্যুৰ সংখ্যা সৰ্বাধিক ২৫৬ জন তামিলনাডুত। ইয়াৰ পাছতে গুজৰাট (২০৪), উত্তৰ প্ৰদেশ (১৩১), হাৰিয়ানা (১১৫) আৰু দিল্লী (১১২)। নলা-নৰ্দমাৰ ফলত হোৱা মৃত্যুৰ সংখ্যা সৰ্বনিম্ন হৈছে ছত্তীশগড়ত ১, তাৰ পাছতে ত্ৰিপুৰা আৰু ওড়িশাত ২ জনকৈ, দাদৰা আৰু নগৰ হাভেলীত ৩ আৰু ঝাৰখণ্ডত ৪ জন।

২০২৩ চনৰ এপ্ৰিলৰ পৰা চলিত বৰ্ষৰ মাৰ্চলৈকে ৫৮ জন মৃতকৰ ভিতৰত সৰ্বাধিক তামিলনাডু (১১), তাৰ পাছতে মহাৰাষ্ট্ৰ আৰু ৰাজস্থানত ১১, আৰু গুজৰাটত ৮ আৰু পঞ্জাবৰ ৬জনৰ নাম আছে।

তথ্য অনুসৰি ১৯৯৩ চনৰ পৰা ১২৪৭ জন লোকৰ মৃত্যুৰ ভিতৰত ২০১৮ চনৰ পাছত ৪৫৬টা ঘটনা ধৰা পৰিছে।২০১৪ চনৰ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত অনুসৰি নলা/চেপ্টিক টেংক চাফা কৰি থকা অৱস্থাত যদি কোনো কৰ্মচাৰীৰ মৃত্যু হয় তেন্তে ভুক্তভোগীৰ পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিব লাগিব। অক্টোবৰ মাহত উচ্চতম ন্যায়ালয়ে নলাত মৃত্যুৰ ক্ষেত্ৰত ক্ষতিপূৰণৰ পৰিমাণ ৩০ লাখলৈ বৃদ্ধি কৰিছিল। যোৱা বছৰ ৯৪টা গোচৰত ক্ষতিপূৰণ দিয়া হৈছিল।

এনচিএছকেৰ বিষয়াসকলৰ মতে, ক্ষতিপূৰণ মুকলি কৰাৰ ক্ষিপ্ৰতাৰে তেওঁলোকে ৰাজ্যৰ মুখ্য সচিবসকললৈ ত্ৰিমাসিকভাৱে সোৱৰাই দিয়ে আৰু জিলা বিষয়াসকললৈ মাহেকীয়াকৈ সোৱৰাই দিয়ে যাতে ক্ষতিপূৰণ প্ৰদান আৰু অনুসৰণৰ প্ৰতিবেদন দাখিল কৰাটো নিশ্চিত কৰে।লগতে বিষয়াসকলে কয় যে ৰাজ্যিক পৰ্যায়ত কিছুমান গোচৰত ক্ষতিপূৰণ দিয়াত পলম হোৱাৰ এটা কাৰণ হৈছে গোচৰসমূহৰ তদন্ত লেহেমীয়া, যাৰ ফলত মৃত্যুৰ কাৰণ আৰু পৰিস্থিতি নিৰ্ণয় কৰাত পলম হোৱাটো লক্ষ্য কৰা হৈছে।আইনী উত্তৰাধিকাৰী চিনাক্ত কৰিব নোৱাৰা ক্ষেত্ৰত এখন স্থানীয় আৰু এখন ৰাষ্ট্ৰীয় কাকতত কমেও চাৰিবাৰকৈ বিজ্ঞাপন দিবলৈয়ো আয়োগে কয়।

স্মৰ্তব্য যে দেশত হাতৰে চাফাই কৰা প্ৰথা নিষিদ্ধ কৰা হৈছে। মেনুৱেল স্কেভেঞ্জিং এক্ট ২০১৩ৰ অধীনত যিকোনো ব্যক্তিক নলাত পঠোৱাটো সম্পূৰ্ণ নিষিদ্ধ। যদি কোনো বিৰূপ পৰিস্থিতিত নলাৰ ভিতৰলৈ ছুইপাৰ পঠিওৱা হয়, তেন্তে ইয়াৰ বাবে ২৭ ধৰণৰ নিয়ম মানি চলিব লাগিব। কিন্তু এই নিয়মসমূহ অহৰহ উলংঘা কৰাৰ বাবে প্ৰতিদিনে নলা চাফা কৰাৰ সময়ত শ্ৰমিকসকলে প্ৰাণ হেৰুৱাইছে।