• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰী নিৰ্দেশ : প্রথমটো সোমবাৰতে পৰম্পৰাগত পোচাকত কাৰ্যালয়লৈ আহিল কৰ্মচাৰী

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
November 4, 2019 10:01 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি প্ৰথমটো সোমবাৰতে বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ অধীনত থকা চৰকাৰী বিভাগৰ উপৰি পৰিষদৰ নৰ্মাল বিভাগৰ কৰ্মচাৰীসকলে নিজ নিজ পৰম্পৰাগত পোচাক পৰিধান কৰি অহা পৰিলক্ষিত হয়।

অৱশ্যে পাৰ্বত্য পৰিষদ সচিবালয়ত একাংশ কৰ্মচাৰীয়ে এই নিয়ম উলংঘা কৰাত ই এম গলঞ্জ থাউচেন আৰু অধ্যক্ষা ৰাণু লাঙঠাচায় ক্ষোভ ব্যক্ত কৰে।

Apply Now

ডিমাচা পৰম্পৰাগত পোচাক পিন্ধি সচিবালয়ত উপস্থিত হোৱা অধ্যক্ষা ৰাণু লাঙঠাচাৰ আৰু ই এম গলঞ্জ থাউচেনে কয় যে, ‘ডিমা হাচাও জিলা ১৯ টা জাতি জনগোষ্ঠীৰ বাসভূমি। ইয়াত যুগ যুগ ধৰি আটাইকেইটা জনগোষ্ঠী বাস কৰি আহিছে। কিন্তু আমি সকলোৱে লাহে লাহে নিজ পৰম্পৰা বা কৃষ্টি-সংস্কৃতি পাহৰি যাবলৈ ধৰিছো।’

তাৰোপৰি তেওঁলোকে কয় যে, ‘ইয়াৰ একাংশই অকল উৎসৱ, পূজা উপলক্ষে এই পোচাক পিন্ধা পৰিলক্ষিত হয় যদিও বাকী দিনবোৰত বেলেগ পোচাক পৰিধান কৰে। এনে পৰিপ্ৰেক্ষিত চি ই এম দেবলাল গাৰ্লচায় এই প্ৰস্তাৱ আগবঢ়াই যে আমি সকলোৱে সপ্তাহত এদিন নিজ পৰম্পৰাগত পোচাক পিন্ধি নিজ নিজ কৰ্মস্থলীত থাকিলে নিজ ঐতিহ্য ৰক্ষা কৰাত সহায় হ’ব।’

আনহাতে চি ই এমৰ নিৰ্দেশত ই এম গলঞ্জ থাউচেন আৰু অধ্যক্ষা ৰাণু লাঙঠাচাই সচিবালয়ৰ বিভিন্ন বিভাগ পৰিদৰ্শন কৰাৰ সময়ত একাংশ কৰ্মচাৰীয়ে এই নিৰ্দেশ অমান্য কৰা দেখা যায়। এই ক্ষেত্ৰত ই এম থাউচনে নিৰ্দেশ উলংঘা কৰা বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি উল্লেখ কৰে।

ইফালে পৰিষদৰ বাহিৰে জিলা সদৰ হাফলঙৰ তথ্য আৰু জনসংযোগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, গড়কাপ্তানি বিভাগ, উচ্চ শিক্ষা বিভাগ, পৰ্য্যটন, জলসিঞ্চন বিভাগ, পশুপালন বিভাগ, সাংস্কৃতিক বিভাগ, সমবায় বিভাগ, ৰেচম বিভাগ, শিক্ষক-শিক্ষয়ত্ৰী আদি সকলোৱে পৰম্পৰাগত পোচাক পিন্ধা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰকে অনুকৰণ কৰি ডিমা হাচাও জিলাত দেব’লাল গাৰ্লচা নেতৃত্বাধীন পাৰ্বত্য পৰিষদে পৰম্পৰাগত পোচাক পৰিধান ব্যৱস্থা প্ৰণয়ন কৰিবলৈ চূড়ান্ত কৰিছিল।

আৰু চৰকাৰী বিভাগৰ সকলো বিষয়া-কৰ্মচাৰীয়ে প্ৰতি সপ্তাহৰ সোমবাৰে নিজৰ নিজৰ পৰম্পৰাগত পোচাক পৰিধান কৰি কাৰ্যালয়ত আহিব লাগিব বুলি নিৰ্দেশ দিছিল। লগতে নিৰ্দেশ উলংঘা কৰা বিষয়া-কৰ্মচাৰীৰ একমাহৰ দৰমহা কৰ্তন কৰা হ’ব বুলিও উল্লেখ কৰিছিল।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd