NORTHEAST NOW (Assamese)

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত শিৱসাগৰত ঐক্য সেনা অসমৰ সমূহীয়া মুণ্ডন

February 9, 2019 10:29 pm · পাৰ্শ্বজ্যোতি গগৈ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ দিনাই শিৱসাগৰত আজি নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু প্ৰধান মন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ঐক্য সেনা অসমৰ শিৱসাগৰ জিলা সমিতিয়ে।

সংগঠনটোৰ উদ্যোগত কেইবা সহস্ৰাধিক লোকে ৰংঘৰৰ পৰা শিৱসাগৰ নগৰৰ মাজেৰে এক বিশাল প্ৰতিবাদী সমদল উলিয়াই দ’লমুখ চাৰিআলিত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। আনহাতে সমদলৰ পূৰ্বে ৰংঘৰৰ বাকৰিত ঐক্য সেনা অসমৰ প্ৰায় ২০ গৰাকী সদস্যই সমূহীয়াভাৱে মুণ্ডন কৰাৰ লগতে অৰ্দ্ধ উলংগ হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ঐক্য সেনা অসমৰ সদস্যৰ সমূহীয়া মুণ্ডন কাৰ্যসূচী

প্ৰতিবাদী সভাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকাই চুকাফা-শংকৰ-আজানৰ দেশত ধৰ্মীয় ৰাজনিতী কৰাৰ পৰা বিৰত থাকিবলৈ বিজেপিক সকিয়াই দিয়ে।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত কেইবাটাও সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকি বিধেয়কৰ বিৰুদ্ধে ভাষণ আগবঢ়ায়।

Related News