বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাৰ দাবীত দিল্লীৰ যন্তৰ-মন্তৰ কপাঁলে ঐক্য সেনা অসমে

Oikya Sena Assam

অসমৰ বানপানী আৰু বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত বুধবাৰে দিল্লীৰ যন্তৰ-মন্তৰত দিনৰ ১২ বজাৰ পৰা ২ বজালৈ ঐক্য সেনা অসমে এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে।

উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি ঐক্য সেনা অসমৰ মুখ্য সম্পাদক চহিদুল ইছলামে কয় যে যোৱা ৫ টা দশকত ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানৰ ফলত প্ৰতিবছৰে ৮০ বৰ্গ কিল’মিটাৰ হিচাপত প্ৰায় ৪ হাজাৰ বৰ্গ কিল’মিটাৰ কৃষিভূমি ক্ষতিগ্ৰস্থ হোৱাৰ লগতে প্ৰায় ২৫০০ গাঁৱৰ ৫০ লাখ মানুহ গৃহহাৰা হৈছে।

আনহাতে, সংগঠনটোৰ সেনাৰ ৰাজ্যিক সভাপতি সঞ্জীৱ মহন্তই উক্ত ঐক্য সেনা অসম পূৰ্বৰে পৰা বৃহৎ নদীবান্ধৰ বিৰোধী বুলি উল্লেখ কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কতিয়াও বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব বুলি মন্তব্য কৰে। ইয়াৰ উপৰি মঞ্চৰ কাৰ্য্যকৰী সভাপতি দেৱজ্যোতি শৰ্মাই ভাষণ প্ৰসংগত বান গৰাখহনীয়াই পৃথিবীৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ মাটিকালিৰ পৰিমাণ কমাই আনিছে বুলিও উল্লেখ কৰে।

উল্লেখযোগ্য যে, ২ ঘণ্টা জোৰা অৱস্থান ধৰ্মঘটৰ পিছতেই প্ৰতিবাদকাৰীসকলে প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীলৈ অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীৰে স্মাৰকপত্ৰ প্ৰদান কৰে।

শতাধিক লোকে অংশগ্ৰহণ কৰা আজিৰ এই প্ৰতিবাদী কাৰ্য্যসূচীত ঐক্য সেনা অসমৰ জ্যেষ্ঠ মুখপাত্ৰ কমল কুমাৰ, ঐক্য সেনা অসমৰ মহিলা সভাপতি ভূশিতা কাশ্যপকে ধৰি অন্য কেন্দ্ৰীয় বিষয়ববীয়াসকল উপস্থিত থাকে।