• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসন্তুষ্ট পুৰণি বিজেপি সিদ্ধাৰ্থ ভট্টাচাৰ্য! ইজনৰ পিছত সিজন নেতাই ‘নিউ গুৱাহাটী’ৰ পৰা বিচাৰিছে প্ৰাৰ্থিত্ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2026 11:45 am
63
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত বৰ্তমান নিউ গুৱাহাটী সমষ্টিটোক লৈ শাসনাধিষ্ঠিত বিজেপি দলৰ ভিতৰচ’ৰাত এক তীব্ৰ প্ৰতিযোগিতাৰ সৃষ্টি হোৱা দেখা গৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পাছত পূৰ্বৰ ‘পূব গুৱাহাটী’ সমষ্টিটোৱেই এতিয়া ‘নিউ গুৱাহাটী’ হিচাপে পৰিচিত হৈছে। এই নতুনকৈ গঠিত সমষ্টিটোৰ পৰা বিজেপিৰ টিকট লাভৰ বাবে দলটোৰ কেইবাজনো হেভীৱেট নেতাৰ নাম চৰ্চালৈ আহিছে।

প্ৰাৰ্থিত্বৰ এই দৌৰত গুৱাহাটী পৌৰ নিগমৰ বৰ্তমানৰ মেয়ৰ মৃগেন শৰণীয়াৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ তথা জ্যেষ্ঠ অধিবক্তা শান্তনু ভৰালীৰ নাম বিশেষভাৱে চৰ্চিত হৈছে। ইয়াৰ উপৰি ৰূপম গোস্বামী, প্ৰণৱজ্যোতি লহকৰ, অপৰাজিতা ভূঞা আৰু শশাংক ডেকাৰ দৰে নেতাসকলেও সমষ্টিটোৰ বাবে দলীয় টিকটৰ আশা কৰিছে।

Apply Now

অৱশ্যে, এই নবাগত আৰু জ্যেষ্ঠ প্ৰাৰ্থিত্বপ্ৰত্যাশীসকলৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ থিয় দিছে বৰ্তমানৰ বিধায়ক তথা বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য। দীৰ্ঘদিন ধৰি সমষ্টিটোৰ নেতৃত্ব দি অহা ভট্টাচাৰ্যই এইবাৰো নিজৰ আসনখন এৰি দিবলৈ সন্মত হোৱা নাই, যাৰ ফলত আন প্ৰাৰ্থীসকলৰ বাবে পথটো কণ্টকাকীর্ণ হৈ পৰিছে।কিন্তু ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে, পৰিস্থিতি আগৰ দৰে সহজ হৈ থকা নাই। দহ বছৰ ধৰি বিধায়ক হিচাপে থকা সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ জনপ্ৰিয়তাক লৈ সমষ্টিবাসীৰ মাজত কিছু অসন্তুষ্টিৰ গুঞ্জন শুনা গৈছে। তদুপৰি, সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত ভৌগোলিক সীমা সলনি হৈছে আৰু পূৰ্বৰ পূব গুৱাহাটীৰ বহু গুৰুত্বপূৰ্ণ এলেকা বৰ্তমানৰ নিউ গুৱাহাটীৰ পৰা কৰ্তন কৰা হৈছে। এনে এক জটিল সমীকৰণৰ মাজত বিজেপিৰ হাইমণ্ডিঙে এজন নতুন মুখক সুযোগ দিব নে অভিজ্ঞ ভট্টাচাৰ্যৰ ওপৰতে পুনৰ আস্থা প্ৰদৰ্শন কৰিব, সেয়া সময়হে ক’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd