ডমিনিক ৰাবৰ পদত্যাগ, ব্ৰিটেইনৰ নতুন উপ-প্ৰধানমন্ত্ৰী পদত সুনাকৰ ঘনিষ্ঠ অলিভাৰ ডাউডেন

ব্ৰিটেইনৰ পদত্যাগী উপ প্ৰধানমন্ত্ৰী ডমিনিক ৰাব আৰু নতুন উপ প্ৰধানমন্ত্ৰী অলিভাৰ ডাউডেন।

হাৰাশাস্তিৰ অভিযোগৰ তদন্ত প্ৰকাশ পোৱাৰ সময়তে ব্ৰিটেইনৰ উপ-প্ৰধানমন্ত্ৰী ডমিনিক ৰাবে পদত্যাগ কৰাৰ পিছত চৰকাৰে অলিভাৰ ডাউডেনক নিযুক্তি দিছে। ডাউডেন বৰ্তমান প্ৰধানমন্ত্ৰী ঋষি সুনক চৰকাৰৰ কেবিনেট অ’ফিচ মিনিষ্টাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁ সুনা কৰ ঘনিষ্ঠ ৰাজনৈতিক মিত্ৰ।

তেওঁ সুনাকৰ কনজাৰ্ভেটিভ পাৰ্টিৰ অধ্যক্ষও আছিল। অৱশ্যে যোৱা জুন মাহত দুটা উপ-নিৰ্বাচনত দলটোৰ বিপৰ্যয়ৰ পিছত ডাউডেনে এই পদৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ পূৰ্বে ২০১৫ চনৰ পৰা হাৰ্টফোৰ্ডশ্বাইৰৰ সাংসদ আছিল ডাউডেন। তেওঁ চৰকাৰৰ কেইবাটাও উচ্চ পদবীত কাম কৰি আহিছে।

লগতে পঢ়ক: পুলৱামাৰ ঘটনাকলৈ খুলিছিল মুখ; বীমা গোচৰত সত্যপাল মালিকক চমন CBIৰ

ডাউডেনক নতুন উপ-প্ৰধানমন্ত্ৰী হিচাপে ঘোষণা কৰাৰ সমান্তৰালকৈ সাংসদ এলেক্স চক-ক নতুন ন্যায় মন্ত্ৰী হিচাপেও নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে ডমিনিক ৰাব উপ-প্ৰধানমন্ত্ৰীৰ লগতে ন্যায় মন্ত্ৰীও আছিল। তেওঁৰ আচৰণৰ সম্পূৰ্ণ তদন্ত প্ৰতিবেদনত দেখা গৈছে যে চৰকাৰী বিষয়া-কৰ্মচাৰীসকলক তেওঁ অভব্য আচৰণ কৰিছিল আৰু ভয় দেখুৱাইছিল।

ব্ৰিটিছ বৈদেশিক সচিব আৰু ব্ৰেক্সিট সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ছোৱাত তেওঁ কৰ্মচাৰীৰ প্ৰতি কৰ্কশ আচৰণ কৰিছিল। তেওঁৰ আচৰণ সম্পৰ্কে ৮টা আনুষ্ঠানিক অভিযোগৰ তদন্তৰ প্ৰতিবেদন প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ হাতত পৰাৰ  এদিন পিছতে ৰাবে শুকুৰবাৰে তেওঁৰ পদত্যাগ ঘোষণা কৰে।

লগতে পঢ়ক: ৰেল লাইনৰ কাষত পেচাৱ কৰাই হ’ল কাল : বন্দে ভাৰতৰ খুন্দাত উফৰি অহা গৰু গাত পৰি মৃত্যু বৃদ্ধৰ

শুকুৰবাৰে পদত্যাগ কৰা ৰাবে কয় যে তেওঁৰ বিৰুদ্ধে চলি থকা হাৰাশাস্তিৰ তদন্তৰ ফলাফল গ্ৰহণ কৰাটো তেওঁৰ কৰ্তব্য। ৰাবৰ এই আচৰণক লৈ আনুষ্ঠানিক অভিযোগ উত্থাপন হোৱাৰ পিছতে স্বতন্ত্ৰ তদন্ত আৰম্ভ হয়।

ডমিনিক ৰাবৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰি প্ৰতিবেদন দাখিল কৰাৰ ২৪ ঘন্টা নৌহওঁতেই তেওঁ পদত্যাগ কৰে। তেওঁ ন্যায় সচিব পদৰ পৰাও পদত্যাগ কৰিছে।

লগতে পঢ়ক: বিশ্বনাথত চাৰ্ভিছ ৰাইফলেৰে গুলীয়াই নিজকে হত্যা কৰিলে আৰক্ষী জোৱানে

অৱশ্যে ৰাবে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ অধিকাংশই অস্বীকাৰ কৰে। কিন্তু দুটা অভিযোগ স্বীকাৰ কৰে। কিন্তু ৰাবে অভিযোগ কৰে যে সহকৰ্মীসকলে তেওঁৰ আচৰণৰ সবিশেষ সংবাদ মাধ্যমৰ আগত ফাদিল কৰিছিল।