অলিম্পিকৰ এথলীট ৰেবেকা চেপটেগেইৰ মৃত্যু : পেট্ৰল ঢালি জ্বলাই দিলে প্ৰাক্তন প্ৰেমিকে

প্ৰাক্তন প্ৰেমিকে পেট্ৰল জ্বলাই দিলে উগাণ্ডাৰ অলিম্পিকৰ এথলীট ৰেবেকা চেপটেগেইক।

উগাণ্ডাৰ চৰকাৰী বিষয়াই জনোৱা মতে, যোৱা দেওবাৰে প্ৰাক্তন প্ৰেমিকে পেট্ৰল ঢালি জ্বলাই দিয়াৰ কিছুদিন পিছতে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈগৰাকীয়ে মৃত্যুক আকোৱালি লয়।

গীৰ্জাৰ পৰা ঘৰলৈ উভটি অহা পথত প্ৰাক্তন প্ৰেমিকে এই দুষ্কাৰ্য সংঘটিত কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে শেহতীয়া পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিছিল ৩৩ বছৰীয়া উগাণ্ডাৰ মাৰাথন দৌৰবিদগৰাকীয়ে।

স্থানীয় প্ৰশাসকে দাখিল কৰা প্ৰতিবেদনত অভিযোগ কৰা হৈছে যে খেলুৱৈগৰাকী আৰু তেওঁৰ প্ৰাক্তন সংগীৰ মাজত মাটি সম্পৰ্কীয় বিবাদ চলি আছিল। মাটিক কেন্দ্ৰ কৰি কাজিয়াও হৈছইল দুয়োৰে মাজত।

উল্লেখ্য শেহতীয়াকৈ আক্ৰমণৰ বলি হৈ কেনিয়াৰ কেইবাগৰাকী মহিলা খেলুৱৈয়ে প্ৰাণ হেৰুৱাইছে।

খেলুৱৈগৰাকীৰ পৰিয়ালে এতিয়াও তেওঁৰ মৃত্যু নিশ্চিত কৰা নাই যদিও তেওঁক ভৰ্তি কৰা এলড’ৰেটৰ মই টিচিং এণ্ড ৰেফাৰেল হাস্পতালৰ মুৰব্বী ডাঃ ওৱেন মেনাচে স্থানীয় সংবাদ মাধ্যমক জনোৱা মতে, খেলুৱৈগৰাকীৰ সকলো অংগ বিকল হোৱাৰ পিছত মৃত্যু হৈছে।