• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডুৰাণ্ড বিজয়ী নৰ্থ-ইষ্ট ইউনাইটেডৰ হাতত পৰাজয়েৰে আই এছ এলত যাত্ৰা আৰম্ভ মহামেদানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2024 8:37 am
3.2k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে কিশোৰ ভাৰতী ষ্টেডিয়ামত কলকাতাৰ প্ৰসিদ্ধ ফুটবল ক্লাব মহামেদান স্প’ৰ্টিং ক্লাবে নতুন ইতিহাস গঢ়িলে। প্ৰথমবাৰৰ বাবে দেশৰ শীৰ্ষ লীগ আই এছ এলত খেলিলে ক্লাবটোৱে। আই লীগত চেম্পিয়ন হোৱাৰ যোগ্যতাৰে এই উত্তৰণ ঘটিল। বিপক্ষ হৈছে শেহতীয়াকৈ ডুৰাণ্ড বিজয়ী নৰ্থইষ্ট ইউনাইটেড।

অৱশ্যে ছন্দহীন ফুটবলৰ বাবে মহামেদানৰ আৰম্ভণিটো ভাল নহ’ল। ডুৰাণ্ড কাপ বিজয়ী নৰ্থইষ্ট ইউনাইটেডৰ দুৰ্দান্ত খেলৰ আগত প্ৰশিক্ষক আন্দ্ৰে চেৰ্নিশ্বভৰ দলটো ১-০ গ’লত পৰাস্ত হয়।

কিশোৰ ভাৰতী ষ্টেডিয়ামত নতুন যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে সংবাদমেলত প্ৰশিক্ষক চেৰ্নিশ্বভে কৈছিল যে আমি আই এছ এলৰ অভিজ্ঞতা সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব বিচাৰো। যদিও সেই হেঁপাহ মহামেদন ফুটবলাৰসকলৰ মাজত দেখা নগ’ল।

বিপৰীতে মেচখনৰ সময় বাঢ়ি যোৱাৰ লগে লগে নৰ্থইষ্ট ইউনাইটেডৰ খেলৰ উন্নতি হৈছে৷ অৱশ্যে প্ৰথমাৰ্ধত দুয়োটা দলে অনুৰাগীসকলক নিৰাশ কৰে। ছন্দহীন ফুটবল চলি থাকে। বল দখলৰ ক্ষেত্ৰত আগবাঢ়িছিল যদিও, মহামেদানৰ বেছিভাগ আক্ৰমণেই গ’ল বক্সত উপনীত হোৱালৈ শক্তিহীন হৈ পৰিছিল।

নৰ্থ-ইষ্টৰ আক্ৰমণাত্মক খেলুৱৈসকলে তুলনামূলকভাৱে ভাল আৰম্ভণি কৰে। অৱশ্যে তেওঁলোকেও এটা বা দুটাতকৈ অধিক গ’ল কৰিব পৰা শ্বৰ্ট ল’ব পৰা নাছিল।

দ্বিতীয়াৰ্ধত নৰ্থইষ্ট ইউনাইটেডে নিজকে একত্ৰিত কৰিলে! মহামেদানৰ এলেক্সে  আৰম্ভণিতে গ’লত এটা শ্বট মাৰিছিল যদিও সেয়া কামত নাহিল৷ ইয়াৰ পিছত ডুৰাণ্ড বিজয়ী দলটোৱে ক্ৰমান্বয়ে মিডফিল্ডৰ দখল ল’লে। নৰ্থইষ্টৰ দুয়োটা দিশেই সক্ৰিয় হৈ পৰে।

৬০ মিনিটৰ পাছতে মহামেদানৰ ৰক্ষণৰ ওপৰত আক্ৰমণৰ জোৱাৰ উঠে। ডিফেণ্ডাৰ আৰু গ’লৰক্ষকৰ তীব্ৰ প্ৰচেষ্টাৰ বাবে স্ক’ৰব’ৰ্ডৰ কোনো পৰিৱৰ্তন নহ’ল। খেলখনৰ ৭০ মিনিটত মহামেদানৰ বিকাশ জোৰালে নৰ্থ-ইষ্টৰ গ’লত এটা তীব্ৰ শ্বট লয়। বলটো বাওঁফালৰ পোষ্টত স্পৰ্শ কৰি বাহিৰলৈ ওলাই যায়।

আনহাতে নৰ্থইষ্ট ইউনাইটেডৰ উপৰ্যুপৰি আক্রমণত মহামেদানৰ গ’লৰক্ষক ছেত্রীৰ অৱস্থা শোচনীয় কৰি তোলে৷ শেষত জন আব্ৰাহামৰ দলটোৱে অবিৰত আক্ৰমণৰ ফল লাভ কৰে। অতিৰিক্ত সময়ৰ ৯৪ মিনিটৰ শেষত আলাউদ্দিন আজৰাইৰ গ’ল অভিমুখী শ্বটত পৰাস্ত হয় মহামেদানৰ গ’লৰক্ষক। নৰ্থইষ্ট ইউনাইটেড ১-০ ব্যৱধানত জয়ী হৈ আইএছএলত নিজৰ যাত্ৰা আৰম্ভ কৰে।   

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd