• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডুৰাণ্ড বিজয়ী নৰ্থ-ইষ্ট ইউনাইটেডৰ হাতত পৰাজয়েৰে আই এছ এলত যাত্ৰা আৰম্ভ মহামেদানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2024 8:37 am
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে কিশোৰ ভাৰতী ষ্টেডিয়ামত কলকাতাৰ প্ৰসিদ্ধ ফুটবল ক্লাব মহামেদান স্প’ৰ্টিং ক্লাবে নতুন ইতিহাস গঢ়িলে। প্ৰথমবাৰৰ বাবে দেশৰ শীৰ্ষ লীগ আই এছ এলত খেলিলে ক্লাবটোৱে। আই লীগত চেম্পিয়ন হোৱাৰ যোগ্যতাৰে এই উত্তৰণ ঘটিল। বিপক্ষ হৈছে শেহতীয়াকৈ ডুৰাণ্ড বিজয়ী নৰ্থইষ্ট ইউনাইটেড।

অৱশ্যে ছন্দহীন ফুটবলৰ বাবে মহামেদানৰ আৰম্ভণিটো ভাল নহ’ল। ডুৰাণ্ড কাপ বিজয়ী নৰ্থইষ্ট ইউনাইটেডৰ দুৰ্দান্ত খেলৰ আগত প্ৰশিক্ষক আন্দ্ৰে চেৰ্নিশ্বভৰ দলটো ১-০ গ’লত পৰাস্ত হয়।

কিশোৰ ভাৰতী ষ্টেডিয়ামত নতুন যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে সংবাদমেলত প্ৰশিক্ষক চেৰ্নিশ্বভে কৈছিল যে আমি আই এছ এলৰ অভিজ্ঞতা সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব বিচাৰো। যদিও সেই হেঁপাহ মহামেদন ফুটবলাৰসকলৰ মাজত দেখা নগ’ল।

Apply Now

বিপৰীতে মেচখনৰ সময় বাঢ়ি যোৱাৰ লগে লগে নৰ্থইষ্ট ইউনাইটেডৰ খেলৰ উন্নতি হৈছে৷ অৱশ্যে প্ৰথমাৰ্ধত দুয়োটা দলে অনুৰাগীসকলক নিৰাশ কৰে। ছন্দহীন ফুটবল চলি থাকে। বল দখলৰ ক্ষেত্ৰত আগবাঢ়িছিল যদিও, মহামেদানৰ বেছিভাগ আক্ৰমণেই গ’ল বক্সত উপনীত হোৱালৈ শক্তিহীন হৈ পৰিছিল।

নৰ্থ-ইষ্টৰ আক্ৰমণাত্মক খেলুৱৈসকলে তুলনামূলকভাৱে ভাল আৰম্ভণি কৰে। অৱশ্যে তেওঁলোকেও এটা বা দুটাতকৈ অধিক গ’ল কৰিব পৰা শ্বৰ্ট ল’ব পৰা নাছিল।

দ্বিতীয়াৰ্ধত নৰ্থইষ্ট ইউনাইটেডে নিজকে একত্ৰিত কৰিলে! মহামেদানৰ এলেক্সে  আৰম্ভণিতে গ’লত এটা শ্বট মাৰিছিল যদিও সেয়া কামত নাহিল৷ ইয়াৰ পিছত ডুৰাণ্ড বিজয়ী দলটোৱে ক্ৰমান্বয়ে মিডফিল্ডৰ দখল ল’লে। নৰ্থইষ্টৰ দুয়োটা দিশেই সক্ৰিয় হৈ পৰে।

৬০ মিনিটৰ পাছতে মহামেদানৰ ৰক্ষণৰ ওপৰত আক্ৰমণৰ জোৱাৰ উঠে। ডিফেণ্ডাৰ আৰু গ’লৰক্ষকৰ তীব্ৰ প্ৰচেষ্টাৰ বাবে স্ক’ৰব’ৰ্ডৰ কোনো পৰিৱৰ্তন নহ’ল। খেলখনৰ ৭০ মিনিটত মহামেদানৰ বিকাশ জোৰালে নৰ্থ-ইষ্টৰ গ’লত এটা তীব্ৰ শ্বট লয়। বলটো বাওঁফালৰ পোষ্টত স্পৰ্শ কৰি বাহিৰলৈ ওলাই যায়।

আনহাতে নৰ্থইষ্ট ইউনাইটেডৰ উপৰ্যুপৰি আক্রমণত মহামেদানৰ গ’লৰক্ষক ছেত্রীৰ অৱস্থা শোচনীয় কৰি তোলে৷ শেষত জন আব্ৰাহামৰ দলটোৱে অবিৰত আক্ৰমণৰ ফল লাভ কৰে। অতিৰিক্ত সময়ৰ ৯৪ মিনিটৰ শেষত আলাউদ্দিন আজৰাইৰ গ’ল অভিমুখী শ্বটত পৰাস্ত হয় মহামেদানৰ গ’লৰক্ষক। নৰ্থইষ্ট ইউনাইটেড ১-০ ব্যৱধানত জয়ী হৈ আইএছএলত নিজৰ যাত্ৰা আৰম্ভ কৰে।   

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd