ধ্বনি ভোটত জয়ী হৈ লোকসভাৰ অধ্যক্ষৰ আসনলৈ উভতি অহাৰ পিছতে এক কঠোৰ বাৰ্তা প্ৰদান কৰিছে ওম বিৰলাই। বৃহস্পতিবাৰৰ সদনত তেওঁ কয়, “সংসদ কঠোৰভাৱে নিয়ম অনুসৰি পৰিচালিত হয় আৰু কোনো সাংসদৰেই যি কোনো সময়ত বা যিকোনো বিষয়ে কথা কোৱাৰ বিশেষ অধিকাৰ নাই।”
১০ ফেব্ৰুৱাৰীত বাজেট অধিৱেশনৰ প্ৰথম পৰ্বত বিৰোধীয়ে পক্ষপাতিত্বমূলক আচৰণৰ অভিযোগ উত্থাপন কৰি তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ জাননী দাখিল কৰিছিল। পৰম্পৰা অনুসৰণ কৰি তেওঁ তেতিয়াৰ পৰা অধিৱেশন পৰিচালনা কৰা নাই। ৯ মাৰ্চৰ পৰা বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্ব আৰম্ভ হোৱাৰ পিছতো তেওঁ সদস্যৰ আসনতে বহি আছিল।
বুধবাৰে ধ্বনি ভোটত বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱ নাকচ কৰাৰ পিছত অধ্যক্ষৰ আসনলৈ উভতি অহাৰ পিছত এইবাৰ বিৰোধীক সকীয়াই দিয়ে বিৰলাই। তেওঁ লগতে মন্তব্য কৰে, “অধ্যক্ষৰ আসন কোনো ব্যক্তিৰ নহয়। বৰঞ্চ ই সংসদৰ মৰ্যাদাৰ প্ৰতীক। কোনো সদস্যৰ বাবে গ্ৰহণযোগ্য হওক বা নহওক, লোকসভা নিৰ্ধাৰিত নিয়ম আৰু পদ্ধতি অনুসৰি চলিব। মই সততা আৰু নিৰপেক্ষতাৰে অধিৱেশন পৰিচালনা কৰিম।”
ডেস্কত চাপৰি আৰু শাসকীয় দলৰ সদস্যসকলৰ উল্লাসৰ মাজতে ৰাজস্থানৰ কোটা লোকসভা সমষ্টিৰ পৰা বিজেপিৰ টিকটত জয়ী হোৱা বিৰলাই কয়, “এই সংসদৰ কোনো সদস্যই নিয়ম-নীতিৰ বাহিৰত কথা কোৱাৰ কোনো বিশেষাধিকাৰ নাই। সংসদে ইমান দিনে নিয়ম অনুসৰি চলি আহিছে আৰু ভৱিষ্যতেও তেনেকৈয়ে চলি থাকিব।”
বিৰলাই অনাস্থা বিতৰ্ক আৰু ধ্বনি ভোটৰ সময়ত তেওঁৰ ওপৰত আস্থা প্ৰকাশ কৰা সাংসদসকলকো ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয়, ‘যোৱা দুদিনৰ বিতৰ্কত একাংশ সদস্যই কৈছে যে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক পৰ্যাপ্ত সুযোগ দিয়া হোৱা নাই আৰু তেওঁ যেতিয়াই ইচ্ছা আৰু যিকোনো বিষয়ত কথা কোৱাৰ সুযোগ পোৱা উচিত।”
ৰাহুলকে ধৰি বিৰোধী দলৰ সাংসদে মাইক বন্ধ কৰাৰ অভিযোগকো অধ্যক্ষই খাৰিজ কৰি কয় যে, “মোৰ হাতত মাইক অন বা অফ কৰিবলৈ চুইচ নাই। অধ্যক্ষই যেতিয়া কোনো সদস্যক কথা ক’বলৈ অনুমতি দিয়ে তেতিয়াহে মাইক অন কৰা হয়।” প্ৰসংগক্ৰমে যোৱা ফেব্ৰুৱাৰী মাহত বাজেট অধিবেশনৰ প্ৰথম পৰ্বত যেতিয়া ৰাহুলে চীনৰ আগ্ৰাসন সম্পৰ্কীয় প্ৰাক্তন সেনা প্ৰধান মনোজ নাৰাৱণেৰ এখন অপ্ৰকাশিত গ্ৰন্থৰ পৰা কেইশাৰীমান উদ্ধৃতি দিবলৈ চেষ্টা কৰিছিল তেতিয়া অধ্যক্ষ বিৰলাই তেওঁক ৰখাই দিছিল। সংসদীয় নিয়ম অনুসৰি কোনো কিতাপ বা বাতৰি কাকতৰ উদ্ধৃতি দিব নোৱাৰিব বুলিও তেওঁ কয়।
অৱশ্যে সেই অধিৱেশনত বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই কোনো বাধা নোহোৱাকৈ ইখনৰ পিছত সিখন কিতাপৰ পৰা ‘গান্ধী-নেহৰু পৰিয়ালৰ দুৰ্নীতি’ সম্পৰ্কে বিভিন্ন মন্তব্যৰ উদ্ধৃতি দিছিল। আনকি বৃহস্পতিবাৰেও নিশিকান্তই এখন কিতাপৰ কথা উল্লেখ কৰি দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ বিষয়ে অপমানজনক মন্তব্য কৰা বুলি অভিযোগ উঠিছে। ইয়াকে লৈ বিতৰ্কৰ মাজতে বিৰলাই ভাষণ সমাপ্ত কৰি বিয়লি ২ বজালৈ সদন স্থগিত ৰাখে।




