• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰ অৱস্থাক লৈ অধিক চিন্তিত হোৱাৰ বাবেই ভাৰত জোড়ো যাত্ৰাত যোগদান!

ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীক সংগ দিলে ওমৰ আব্দুল্লাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2023 9:50 pm
Bharat Jodo Yatra
130
VIEWS
Share on FacebookShare on Twitter

অব্যাহত আছে কংগ্ৰ্ছৰ ভাৰত জোড়ো যাত্ৰা। বৰ্তমান জন্মু কাশ্মীৰৰ মাজেৰে চলি থকা ভাৰত জোড়ো যাত্ৰা অহা ৩০ জানুৱাৰীত সামৰণি পৰিব। ব্যাপক জনসমৰ্থনৰ মাজেৰে আগবাঢ়ি যোৱা ‎কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰাত আজি অংশ গ্ৰহণ কৰে জম্মু-কাশ্মীৰ ৰাষ্ট্ৰীয় সন্মিলনৰ নেতা ‎তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই।

ৰামবন জিলাৰ বানিহালৰ পৰা ভাৰত জোড়ো ‎যাত্ৰাৰ নেতৃত্ব বহন কৰা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক সংগ দিয়ে ওমৰ আব্দুল্লাই। ৰাহুল গান্ধীৰ সৈতে এই যাত্ৰাত প্ৰায় দুই কিলোমিটাৰ ‎পদযাত্ৰা কৰে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

যাত্ৰাত অংশ লৈ আব্দুল্লাই কয়, “দিল্লীয়ে আমাৰ কথা শুনা নাপায়। কাশ্মীৰী ‎পণ্ডিতৰ পৰিয়ালৰ সন্তানৰ বাবে ৰাহুল গান্ধী আজি ইয়ালৈ আহিছে আৰু আমি তেওঁক আদৰণি ‎জনাইছো।”‎

শ্ৰীনগৰৰ পৰা ১২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত চহৰখনত ৰাহুল গান্ধী উপস্থিত হোৱাৰ পিছতে ‎ৰাষ্ট্ৰীয় সন্মিলনৰ নেতাগৰাকীয়ে সাংবাদিকৰ আগত কয় যে ভাৰত জোড়ো যাত্ৰাৰ লক্ষ্য ৰাহুল ‎গান্ধীৰ ভাবমূৰ্তি উজ্জ্বল কৰা নহয় বৰঞ্চ দেশৰ পৰিস্থিতি উন্নত কৰাহে।

আব্দুল্লাই লগতে কয় যে তেওঁ দেশৰ অৱস্থাক লৈ অধিক চিন্তিত হোৱাৰ বাবেই এই যাত্ৰাত যোগদান ‎কৰিছে। জম্মু-কাশ্মীৰ ৰাষ্ট্ৰীয় সন্মিলনৰ নেতাগৰাকীয়ে লগতে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগো উত্থাপন কৰিছে।

আব্দুল্লাৰ অভিযোগ মতে, কেন্দ্ৰীয় চৰকাৰে হয়তো আৰব দেশৰ সৈতে বন্ধুত্ব গঢ়ি তুলিছে কিন্তু বাস্তৱ ‎পৰিস্থিতিত এই চৰকাৰত দেশৰ সৰ্ববৃহৎ সংখ্যালঘুৰ কোনো প্ৰতিনিধি নাই।

দেশে স্বাধীনতা লাভ কৰাৰ পিছত ‎প্ৰথমবাৰৰ বাবে লোকসভা বা ৰাজ্যসভাত মুছলমানক প্ৰতিনিধিত্ব কৰিব পৰা শাসকীয় দলৰ ‎কোনো সাংসদ নাই বুলি মন্তব্য কৰি আব্দুল্লাই এই দিশটোৱে চৰকাৰৰ মনোভাৱ ফুটাই তুলিছে বুলি অভিযোগ কৰে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd