• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি কেলেংকাৰি : “৩, ৪ আৰু ৫ মাৰ্চত বদলি কৰা হৈছিল OMR ছীট”

এ পি এছ চিৰ কায়দাৰেই হৈছিল পঞ্চায়ত-গ্ৰামোন্নয়ন কেলেংকাৰি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2019 5:00 pm
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি কেলেংকাৰিৰ তথ্য দাঙি ধৰিছে অখিল গগৈয়ে। ২৫ মাৰ্চত।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি কেলেংকাৰিৰ তথ্য দাঙি ধৰিছে অখিল গগৈয়ে। ২৫ মাৰ্চত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ আমোলৰ কুখ্যাত এ পি এছ চিৰ কেলেংকাৰিৰ দৰেই একেই কায়দাৰে সংঘটিত কৰা হৈছে বিজেপি চৰকাৰৰ দিনৰ বৃহত্তম নিযুক্তি কেলেংকাৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি কেলেংকাৰি। আজি কৃষক মুক্তিয়ে সংবাদমেল যোগে উদঙাই দিয়া তথ্যত এই কথা পোহৰলৈ আহিছে।

২০ মে’ত অত্যন্ত খেলিমেলিৰ মাজেৰে পতা পৰীক্ষাটোৰ ফলাফল দিয়াৰ ঠিক আগে আগে ৩, ৪ আৰু ৫ মাৰ্চত বদলি কৰা হৈছিল পৰীক্ষাৰ্থীয়ে উত্তৰ লিখা অ’ এম আৰ (OMR)  ছীট। কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে সংবাদমেলত তথ্য দি আনিছে এই অভিযোগ। নিজৰ দাবীৰ সত্যতাৰ প্ৰমাণস্বৰূপে আজি কৃষক মুক্তিৰ নেতাজনে সংবাদমেলত পৰীক্ষাৰ অ’ এম আৰ (OMR) ছীট প্ৰদৰ্শন কৰে।

Apply Now

“কেলেংকাৰি ঢাকিবৰ বাবেহে চৰকাৰে তদন্ত ঘোষণা কৰিছিল। মানুহৰ মনৰ পৰা সন্দেহ আঁতৰাবলৈহে তদন্তৰ ঘোষণা। মুখ্য মন্ত্ৰীয়ে কৈছিল নিযুক্তিত কেলেংকাৰি নহ’ব। সোণোৱাল চৰকাৰে কয় দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি, কিন্তু এতিয়া ভয়াৱহ দুৰ্নীতি হৈছে”, বৃহত্তম নিযুক্তি কেলেংকাৰিটোৰ বাবে সোণোৱাল চৰকাৰক তীব্ৰ আক্ৰমণ গগৈৰ।

কংগ্ৰেছৰ আমোলৰ এ পি এছ চি কেংলেংকাৰিকো পোহৰলৈ অনা গগৈয়ে বিজেপি চৰকাৰখনৰ এই কেলেংকাৰিটোত ৩গৰাকী বিয়াগোম ৰাজনৈতিক নেতা জড়িত আছে বুলি দাবী কৰে। যুটীয়া সঞ্চালক এছ কে লস্কৰো জড়িত আছে বুলি কয়।

আনহাতে তদন্তৰ দায়িত্বত থকা জিষ্ণু বৰুৱাক “দুৰ্বল মানুহ” আখ্যা দি কয়, “দুৰ্বল মানুহ হোৱা বাবে তদন্তৰ দায়িত্ব দিছে জিষ্ণু বৰুৱাক, তদন্তৰ পৰা কোনো ফলাফল নোলায়।”

উল্লেখযোগ্য যে চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৯৪৫টা পদৰ বিপৰীতে পৰীক্ষা পাতিছিল। কিন্তু মন্ত্ৰী নৱ দলেৰ বিভাগটোৱে ১৪খন জিলাত পতা পৰীক্ষাটোত প্ৰশ্নকাকত ফাদিল, পৰীক্ষা হলত ম’বাইলৰ ব্যৱহাৰকে ধৰি বিভিন্ন অনিয়ম হোৱা বুলি অভিযোগ উঠিছিল। পৰীক্ষাত প্ৰায় ১ লাখ ৮০ হাজাৰ প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

অনিময়ৰ অভিযোগৰ পিছতে বিভিন্ন দল-সংগঠন আৰু পৰীক্ষাৰ্থীয়ে পৰীক্ষা পুনৰ পতাৰ দাবী তুলিছিল যদিও চৰকাৰে সেয়া নকৰিলে। বৰং চি আই ডিৰ তদন্ত ঘোষণা কৰে। টি আই ডিয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/১৬৬/৪০(চি)ৰ অধীনত ৪১৪/২০১৮-অত গোচৰ ৰুজু কৰি তদন্ত কৰে আৰু প্ৰতিবেদনত ১৪ জিলাৰ ৯খনতে অনিয়ম হোৱা বুলি স্পষ্টকৈ উল্লেখ কৰে।

এইবোৰলৈ কাণসাৰ নকৰি চৰকাৰে ৫ মাৰ্চত ফলাফল ঘোষণা কৰি পিছদিনাই, অৰ্থাৎ ৬ মাৰ্চত ততাতৈয়াকৈ নিযুক্তি পত্ৰ বিতৰণ কৰে। কাৰণ ইয়াৰ কেইদিনমান পিছতে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ কথা আছিল।

মন্ত্ৰী নৱ দলেৰ বহু সংখ্যক আত্মীয় আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ কেইবাজনো আত্মীয়ই এই নিযুক্তিত স্থান পোৱাটোক বহু লোকে সন্দেহৰ কাৰণ হিচাপে আঙুলিয়াই দিছিল। লগতে নিযুক্তি প্ৰক্ৰিয়াত বৃহৎ পৰিমাণৰ ধনৰ লেনদেন হোৱা বুলি চাৰিওফালৰ পৰা অভিযোগ আহিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd