• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি ২৪ জুলাই: ৩০ বছৰ পূৰ্বে আজিৰ দিনটোতে দেশত সংঘটিত হৈছিল এক অভূতপূৰ্ব পৰিৱৰ্তন, কি সেয়া?

প্ৰদুম্য কুমাৰ গগৈ by প্ৰদুম্য কুমাৰ গগৈ
July 24, 2021 4:17 pm
Unemployment-
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ২৪ জুলাই। আজিৰে পৰা ৩০ বছৰৰ পূৰ্বে ভাৰতবৰ্ষত এক যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা হৈছিল। এই পৰিৱৰ্তনৰ ৰূপকাৰ আছিল সমগ্ৰ বিশ্বৰে এজন উল্লেখযোগ্য অৰ্থনীতিবিদ তথা ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং।

দেশে স্বাধিনতা লাভ কৰাৰ পাছত জৱাহৰলাল নেহৰুৰ নেতৃত্বত যি সমাজবাদী অৰ্থনৈতিক নীতি গ্ৰহণ কৰা হৈছিল, তাক ডঃ মনমোহন সিঙে এক নতুন ৰূপ প্ৰদান কৰিছিল।

Apply Now

এই নতুন ৰূপটো হৈছে সেই সময়ৰ বিশ্বায়নৰ যুগত অৰ্থনৈতিক প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ দেশৰ অৰ্থনীতিক উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীয় কৰি তোলা। চমুকৈ ইয়াক এলপিজি বুলি কোৱা হয়।

ইয়াৰ কাৰণ আছিল সেই সময়ত দুৰ্বল আৰু পুৰণি কাঠামোৰ অৰ্থনৈতিক নীতিৰ ফলত দেশৰ অৰ্থনীতি অত্যন্ত শোচনীয় হৈ পৰিছিল। এই শোচনীয় পৰিস্থিতিত তদানীন্তন প্ৰধানমন্ত্ৰী পিভি নৰসিংহ ৰাওৱে প্ৰখ্যাত অৰ্থনীতিবিদ তথা অধ্যাপক ডঃ মনমোহন সিঙক দেশৰ বিত্তমন্ত্ৰী হিচাপে নিয়োজিত কৰে।

নৰসিংহ ৰাওৰ লক্ষ্য আছিল ভাৰতৰ অৰ্থনীতিক উদাৰীকৰণ কৰি তোলা। মনমোহন সিঙে তেওঁৰ প্ৰথমখন বিত্তীয় বাজেটৰ দ্বাৰা দেশৰ অৰ্থনীতিক নতুন ৰূপ প্ৰদান কৰে। পাছত তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দুবাৰকৈ নিজৰ দায়িত্ব পালন কৰে। তেওঁৰ কাৰ্যকালচোৱাত দেশৰ অৰ্থনীতিয়ে বিশ্ব প্ৰেক্ষাপটত নতুন মাত্ৰাৰে আগুৱাবলৈ সক্ষম হয়। আনকি বিৰোধী নেতৃবৰ্গইও এইক্ষেত্ৰত মনমোহন সিঙক উচ্চ প্ৰশংসা কৰা দেখা যায়।

দেশৰ অৰ্থনীতিক উদাৰ ৰূপ প্ৰদান কৰাৰ ৩০ বছৰ পূৰ্তি উপলক্ষে কালি ডঃ মনমোহন সিঙে সংবাদমাধ্যমলৈ এটা বিবৃতি প্ৰদান কৰিছে। বিবৃত্তিটোত তেওঁ ১৯৯১ চনৰ কথা সোঁৱৰণ কৰি লিখিছে যে যোৱা তিনিটা দশকত দেশৰ অৰ্থনীতিয়ে যিটো হাৰত অগ্ৰগতি লাভ কৰিছে, সেয়া উভটি চালে গৌৰৱান্বিত হ’ব পাৰি। দেশৰ নতুন অৰ্থনৈতিক নীতি প্ৰণয়নৰ অংশীদাৰ হৈও তেওঁ নিজকে ভাগ্যৱান বুলি বিবেচিত কৰে বুলি কয়। তেওঁ কয় যে নতুন অৰ্থনৈতিক নীতিৰ ফলতে দেশে ৩ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হিচাপে পৰিগণিত হোৱাৰ উপৰিও বিশ্বৰ বৃহৎ অৰ্থনীতিৰ দেশসমূহৰ স’তে একে শাৰীতে উপৱিষ্ট হ’বলৈ সক্ষম হৈছে।

এই সময়ছোৱাত কমেও ৩০০ মিলিয়ন ভাৰতবাসীয়ে দৰিদ্ৰতাৰ পৰা মুক্ত হোৱাৰ উপৰিও দেশৰ যুৱপ্ৰজন্মক এশ মিলিয়নৰো অধিক কৰ্মসংস্থাপনৰ যোগান ধৰিবলৈ দেশৰ অৰ্থনীতি সক্ষম হৈছে বুলি প্ৰাক্তন প্ৰধানমন্ত্ৰীজনে কয়। তদুপৰি তেওঁ কয় যে এই সময়ছোৱাত দেশৰ উৎসাহী উদ্যোগপতিসকলেও প্ৰাধান্য লাভ কৰিছে আৰু ভাৰতৰ পৰা ব্যৱসায়িক সংস্থাসমূহে সমগ্ৰ বিশ্বতে খোপনি পুতিবলৈ সক্ষম হৈছে। যাৰ ফলত বিভিন্ন অৰ্থনৈতিক ক্ষেত্ৰত ভাৰত এক গোলকীয় শক্তি হিচাপে উত্থান ঘটিছে।

১৯৯১ চনৰ দেশৰ অৰ্থনৈতিক সংকটৰ বিষয়ে তেওঁ কয় যে নতুন অৰ্থনৈতিক নীতিসমূহ কেৱল সংকট নিৰাময়ৰ বাবে গ্ৰহণ কৰা নাছিল। এই নীতিসমূহৰ দ্বাৰা দেশে সমৃদ্ধশালী হ’বলৈ কৰা আকাংক্ষা, নিজৰ সক্ষমতাৰ ওপৰত থকা আস্থা আৰু চৰকাৰে অৰ্থনীতি নিয়ন্ত্ৰণ কৰাৰ পৰা বিৰত থকাৰ আত্মবিশ্বাসকো প্ৰতীয়মান কৰিছিল। আনহাতে, ক’ভিড-১৯ মহামাৰীৰ পাছত দেশৰ প্ৰগতিয়ে কিধৰণে গতি কৰিব, এই বিষয়টো লৈও তেওঁ নিজৰ আশংকা ব্যক্ত কৰে যে বৰ্তমান দেশৰ পৰিস্থিতি ১৯৯১ চনৰ দেশৰ অৰ্থনৈতিক সংকটতকৈও ধূসৰ। মহামাৰীৰ ফলত বিধস্ত হৈ পৰা দেশৰ স্বাস্থ্য আৰু শিক্ষাখণ্ডক লৈ তেওঁ দুখ প্ৰকাশ কৰে। তেওঁ কয় যে মহামাৰীৰ ফলত দেশৰ অগণন লোকে জীৱন আৰু জীৱিকা হেৰুৱালে, যিসমূহ আচলতে সংঘটিত হ’ব নালাগিছিল।

এই সমূহ বাধা-বিঘিনি অতিক্ৰম কৰি দেশক আগবঢ়াই নিব লাগিব বুলিও প্ৰাক্তন প্ৰধানমন্ত্ৰীজনে বিবৃতিটোৰ শেষত মতপোষণ কৰিছে। অনাগত ভৱিষ্যতে প্ৰতিজন ভাৰতবাসীৰ বাবে এটা সুস্থ আৰু সন্মানজনক জীৱন প্ৰদান কৰাটো দেশে অগ্ৰাধিকাৰ দিয়া উচিত বুলি তেওঁ কয়।

দেশৰ সংকটৰ সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ এই বিবৃত্তিটোৱে ব্যাপক চৰ্চা লাভ কৰিছে।

প্ৰদুম্য কুমাৰ গগৈ

প্ৰদুম্য কুমাৰ গগৈ

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

August 14, 2026 9:41 am
চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

August 14, 2026 8:47 am
সমাৱৰ্তনত মুখ্য ন্যায়াধীশক আমন্ত্ৰণৰ বিৰোধিতা কৰাৰ ‘শাস্তি’, প্ৰতিবাদকাৰীসকলে নাপাব ‘অধিবক্তা’ স্বীকৃতি!

সমাৱৰ্তনত মুখ্য ন্যায়াধীশক আমন্ত্ৰণৰ বিৰোধিতা কৰাৰ ‘শাস্তি’, প্ৰতিবাদকাৰীসকলে নাপাব ‘অধিবক্তা’ স্বীকৃতি!

August 14, 2026 7:52 am
ভাৰতৰ ভূখণ্ড নিজৰ বুলি দাবী! ২০০ বছৰ পুৰণি চুক্তিৰ কাগজেই বিচাৰি পোৱা নাই নেপালে?

ভাৰতৰ ভূখণ্ড নিজৰ বুলি দাবী! ২০০ বছৰ পুৰণি চুক্তিৰ কাগজেই বিচাৰি পোৱা নাই নেপালে?

August 14, 2026 7:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

August 14, 2026 9:41 am
চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

August 14, 2026 8:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd