বুলন্দচহৰত ডকাইতৰ তাণ্ডৱ: জুৱেলাৰীত প্ৰৱেশ কৰি গুলীচালনা, লুটি নিলে অলংকাৰসহ নগদ ধন

Robbers Fire At UP Shop Owner

উত্তৰ প্ৰদেশৰ বুলন্দচহৰত সংঘটিত এক ডকাইতি কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুই সশস্ত্ৰ ডকাইতে বুলন্দচহৰৰ এক জুৱেলাৰী দোকানত প্ৰৱেশ কৰি জুৱেলাৰীৰ মালিকক গুলীয়াই আহত কৰাৰ লগতে লুটি নিয়ে নগদ ধন আৰু সোণৰ অলংকাৰ।

এই সমস্ত ঘটনাৰ দৃশ্য চিচিটিভি কেমেৰাত ধৰা পৰিছে। অৱশ্যে এই ঘটনা যোৱা শুকুৰবাৰে সংঘটিত হয় যদিও চিচিটিভিত বন্দী হোৱা ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতহে পোহৰলৈ আহিছে।

ভাইৰেল হোৱা ভিডিঅ’টোত ডকাইত দুগৰাকীয়ে সন্ধিয়া ধামেৰা আড্ডাত অৱস্থিত দোকানখনত প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে। দোকানত প্ৰৱেশৰ পিছতে দুয়ো কাউণ্টাৰত থকা দুগৰাকী লোক আৰু এজন গ্ৰাহকলৈ বন্দুক টোঁৱাই ভাবুকি দিয়ে।

এগৰাকী ডকাইতে পিছমুহূৰ্ততে দোকানখনৰ মালিকগৰাকীক লক্ষ্য কৰি দুবাৰকৈ গুলী চালনা কৰে। গুলীৰ আঘাতত মালিকগৰাকী মাটিত বহি পৰে।

ইয়াৰ পিছতে দুয়ো ডকাইতে দোকানৰ এগৰাকী কৰ্মচাৰীক ভাবুকি প্ৰদৰ্শন কৰি এটা বেগত নগদ ধন আৰু সোণ ভৰাবলৈ বাধ্য কৰে। এই বেগটো লৈ ওলাই যোৱাৰ সময়ত দুয়ো ডকাইতে এগৰাকী মহিলা গ্ৰাহকৰ পৰা বেগ কাঢ়ি লৈ যায়।

এই ঘটনাৰ দুদিন পিছতো উত্তৰ প্ৰদেশ আৰক্ষীয়ে ডকাইত দুগৰাকীৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। গোচৰটোৰ সন্দৰ্ভত এতিয়ালৈকে কোনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে।

ইফালে জুৱেলাৰীৰ আঘাতপ্ৰাপ্ত মালিকগৰাকীক ঘটনাৰ পিছ মুহূৰ্ততে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসাধীন হৈ থকা ব্যক্তিগৰাকীৰ অৱস্থা বৰ্তমান সংকটমুক্ত বুলি আৰক্ষীয়ে জানিবলৈ দিছে।