NORTHEAST NOW (Assamese)

ছ’চিয়েল মিডিয়াত মুখ্য মন্ত্ৰী বিপ্লৱ দেবৰ বিৰুদ্ধে অপমানজনক পোষ্ট দি গ্ৰেপ্তাৰ হোৱা বিজেপি কৰ্মীক জামিন

September 18, 2019 7:17 am · এন ই নাও নিউজ
Updated: September 18, 2019 8:00 pm
আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বিশাল সিং।

মুখ্য মন্ত্ৰী বিপ্লৱ দেবৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত অপমানজনক পোষ্ট দি গ্ৰেপ্তাৰ হোৱা বিজেপি কৰ্মীক আদালতে জামিন দিছে।

কৰ্মীজনৰ নাম বিশাল সিং আৰু তেওঁ এম বি বি মহাবিদ্যালয়ৰ ছাত্ৰ বুলি জানিব পৰা গৈছে।

ছাত্ৰ-কৰ্মীজনৰ পোষ্টটো মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ চকুত পৰাৰ পিছতে কাৰ্য্যালয়টোৱে আৰক্ষীক ইয়াৰ বিষয়ে অৱগত কৰে আৰু চাবৰুম আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তেওঁক চাবৰুম নগৰখনত থকা তেওঁৰ ঘৰৰ পৰা ১৬ ছেপ্টেম্বৰৰ ৰাতি গ্ৰেপ্তাৰ কৰিছিল।

তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯৪, ৫০৪, ৫০০, ৫০৬ আৰু ১২০ বি ধাৰাত গোচৰ ৰুজু হৈছিল আৰু চাবৰুম আৰক্ষীয়ে তেওঁক চাবৰুম নগৰখনত থকা তেওঁৰ ঘৰৰ পৰা।

১৭ ছেপ্টেম্বৰৰ পুৱাই আৰক্ষীৰ চাইবাৰ চেলৰ এটা দল বিষয়টো অনুসন্ধানৰ বাবে চাবৰুম নগৰলৈ যায়।

আৰক্ষীয়ে তেওঁক চাবৰুম আদালতত হাজিৰ কৰায় আৰু আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰে।

চৰকাৰে চৰকাৰী চিকিৎসালয়বোৰত আগ বঢ়োৱা চিকিৎসাসেৱাবোৰত মাচুল আৰোপ কৰাৰ পিছতে বিজেপি কৰ্মীজনে অপমানজনক পোষ্টটো দিয়া বুজি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

১৭ ছেপ্টেম্বৰত ৰাজ্যখনৰ কংগ্ৰেছ নেতা সুবাল ভৌমিকে এখন সংবাদমেলত ছাত্ৰ-কৰ্মীজনৰ গ্ৰেপ্তাৰক গৰিহণা দি কয়, ”চৰকাৰখনে স্বৈৰতন্ত্ৰৰ দৰে কাম কৰিছে”।

তেওঁৰ অভিযোগ, যোৱা কেইমাহ মানত মুখ্য মন্ত্ৰী বা চৰকাৰক সমালোচনা কৰা বাবেই নিচেই কমেও ৪০০জনক আটক কৰা হৈছে। এনেকুৱা পূৰ্বে কেতিয়াও হোৱা নাছিল।

Related News