DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম আন্দোলনৰ বৃহৎ প্ৰাপ্তি “উন্নীতকৃত এন আৰ চি”ত নাম নাই আন্দোলনটোৰ চহিদ পৰিয়ালৰ

স্বদেশী প্ৰমাণ কৰিবলৈ যাব লাগিব বিদেশী ন্যায়াধিকৰণলৈ; চৰকাৰক চহিদ স্মাৰক ঘূৰাই দিয়াৰ সিদ্ধান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 18, 2019 8:01 am
Logo_of_NRC_Assam-1140x570

প্ৰতিনিধিত্বমূলক ফটো

11.2k
VIEWS
Share on FacebookShare on Twitter

অসম আন্দোলনৰ ফলত অসমে লাভ কৰা উন্নীতকৃত এন আৰ চিত নাম নাই আন্দোলনটোৰ এটা চহিদ পৰিয়ালৰ সদস্যসকলৰ আৰু ইয়াৰ ক্ষোভত চৰকাৰে দিয়া চহিদ স্মাৰক ঘূৰাই দিয়াৰ সিদ্ধান্ত কৰিছে পৰিয়ালটোৱে।

নগাওঁ জিলাৰ ৰহাৰ ডালিমবাৰীৰ মদন মল্লিকৰ পৰিয়ালে যোৱা ২০১৬ চনৰ ১০ ডিচেম্বৰত সোণোৱাল চৰকাৰে অসম আন্দোলনৰ চহিদসকলক দিয়া স্মাৰক পত্ৰ লাভ কৰিছিল। লগতে চহিদৰ পৰিয়ালক দিয়া এককালীন সাহায্যও লাভ কৰিছিল।

কিন্তু চহিদ মদন মল্লিকৰ পত্নী সৰ্বমাল্লা মল্লিক আৰু তেওঁৰ তিনিজন পুত্ৰৰ নাম শেহতীয়াকৈ প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত নহ’ল।

অসম আন্দোলনৰ বৃহৎ প্ৰাপ্তি হিচাপে গণ্য হোৱা উন্নীতকৃত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অসম আন্দোলনৰ চহিদৰ পত্নী, পুত্ৰৰ নাম নথকাটোৱে আচৰিত কৰিছে বহুতকে।

পৰিয়ালটোৱে সংবাদ মাধ্যমক জনোৱা মতে, সদস্যসকলে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে ১৯৬৭ চনত অৰিয়েণ্টেল ইন্সুৰেন্স কোম্পানিত চাকৰি কৰাৰ প্ৰমাণ পত্ৰ, ১৯৫০ চনত জন্ম লাভ কৰাৰ প্ৰমাণ পত্ৰ আদি জমা দিছিল।

পৰিয়ালটোৰ সদস্যসকলক এন আৰ চি কৰ্তৃপক্ষই আঠবাৰকৈ শুনানিৰ বাবে মাতিছিল। কিন্তু ইমানৰ পিছতো তেওঁলোকৰ নাম অন্তৰ্ভুক্ত নহ’ল বুলি জানিবলৈ দি ক্ষোভ প্ৰকাশ কৰে পৰিয়ালটোৱে।

পৰিয়ালটোৰ সদস্যসকলে এতিয়া নিজকে স্বদেশী বুলি প্ৰমাণিত কৰিবলৈ বিদেশী ন্যায়াধিকৰণত হাজিৰ হ’ব লগীয়া হ’ব পাৰে, যিটোক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে প্ৰতিবাদ স্বৰূপে চহিদ পৰিয়ালৰ স্বীকৃতি ঘূৰাই দিবলৈ মন কৰিছে তেওঁলোকে।

৩১ আগষ্টত প্ৰকাশিত চূড়ান্ত এন আৰ চিত ৰাজ্যখনৰ ৩.১১ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে বাদ পৰিছিল প্ৰায় ১৯ লাখ আৱেদনকাৰীৰ নাম।

এন আৰ চিত বহুতো স্বদেশী লোক বাদ পৰা আৰু বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ উঠিছে বিভিন্ন পক্ষৰ পৰা।

Recent News

Maharashtra Crisis

বিজেপিৰ ঠাঁৰত নহয়, গুৱাহাটীলৈ নিজ ইচ্ছামতে আহিছে বিসম্বাদী বিধায়ক! স্বীকাৰোক্তি একনাথ সিন্দেৰ

Doloo Tea Estate

চাহ শ্ৰমিকক অন্ধকাৰলৈ ঠেলি ডলু বাগিচাত লক আউট ঘোষণা কৰ্তৃপক্ষৰ

Benefits of the raw Mangoes: কেঁচা আম খাবলৈ বৰ জুতি; কিন্তু কেঁচা আমৰ উপকাৰিতাৰ বিষয়ে জানেনে?

Benefits of the raw Mangoes: কেঁচা আম খাবলৈ বৰ জুতি; কিন্তু কেঁচা আমৰ উপকাৰিতাৰ বিষয়ে জানেনে?

চাইবাৰ অপৰাধীৰ কবলত কেইবাগৰাকী স্বনামধন্য অসমীয়া সাহিত্যিকৰ গ্ৰন্থ; এজনক গ্ৰেপ্তাৰ

চাইবাৰ অপৰাধীৰ কবলত কেইবাগৰাকী স্বনামধন্য অসমীয়া সাহিত্যিকৰ গ্ৰন্থ; এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd