কোকৰাঝাৰত ২.১৭ লাখ টকাৰ জাল নোটসহ এজনক গ্রেপ্তাৰ

ধৃত ছাদ্দাম হুছেইন

কোকৰাঝাৰ জিলাৰ কচুগাঁৱত আজি আৰক্ষীয়ে এক অভিযান চলাই ২.১৭ লাখ টকাৰ জাল নোটসহ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

অভিযুক্ত ব্যক্তিজনক অভয়াপুৰিৰ পাৰেৰচৰৰ বাসিন্দা ছাদ্দাম হুছেইন (২৩) বুলি চিনাক্ত কৰা হৈছে। কচুগাঁৱৰ চক্ৰ পৰিদৰ্শকৰ নেতৃত্বত এটা দলে এই অভিযান চলাইছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে জনোৱা মতে ধৃত ব্যক্তিজনৰ কবলৰ পৰা এ এছ-১৯ এইচ ৭৮৮০ নম্বৰৰ এখন স্কুটি বাহন, এটা মোবাইল ফোন, ২,১৭,৯০০ টকা আৰু একাংশ আপত্তিজনক নখি-পত্ৰ উদ্ধাৰ কৰা হয়।

তেওঁ লগতে আৰু কয় যে ছাদ্দামৰ স্বীকাৰুক্তিৰ ভিত্তিত আৰক্ষীয়ে বঙাইগাঁও জিলাৰ মেৰেচৰ আৰক্ষী থানাৰ অন্তৰ্গত শিমলাবাৰত আন এক অভিযান চলায়।

উক্ত অভিযানত আৰক্ষীয়ে আব্দুল আৱাল নামৰ এজন লোকৰ ঘৰৰ পৰা এটা প্ৰিণ্টাৰ আৰু ১০০ টকীয়া নোটৰ এটা মুঠা উদ্ধাৰ কৰে বুলি সিঙে লগতে সদৰী কৰে।

অৱশ্যে আব্দুলে আৰক্ষীৰ চকুত ধূলি দি পলাই যাবলৈ সক্ষম হয়।

আনহাতে ধৃত ছাদ্দামক ভাৰতীয় দণ্ডবিধিৰ ১২০বি, ৪৮৯বি আৰু ৪৮৯চি ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে আৰক্ষীৰ সূত্ৰত প্ৰকাশ।