• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলত এন এছ চি (আৰ)-ৰ সদস্যৰ গা শিয়ৰি উঠা নৃশংসতা; কোবাই কোবাই মাৰিলে যুৱকক; উত্তেজনা অব্যাহত

ক্ষুভিত আত্মীয়ই মৰণোত্তৰ পৰীক্ষা কৰিবলৈ নিদিলে যুৱকৰ থেঁতেলিয়াই পেলোৱা শৰীৰৰ

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , August 28, 2019 10:00 am

1 min read

Arunachali_Hengkan

এন এছ চি এন (আৰ)ৰ সদস্যই মৰিয়াই হত্যা কৰা হেংকন চলঠিঙৰ শৰীৰ।

4.9k
VIEWS
Share on FacebookShare on Twitter

নাগা সশস্ত্ৰ বিদ্ৰোহী গোট এন এছ চি (আৰ)-ৰ সদস্যৰ নিৰ্মম প্ৰহাৰত অৰুণাচল প্ৰদেশৰ দক্ষিণ চাংলাঙত এজন যুৱকে মৃত্যুক সাৱটি লোৱাৰ কৰুণ ঘটনা এটা পোহৰলৈ আহিছে।

নিৰ্মম প্ৰহাৰত মৃত্যু হোৱা যুৱকজনৰ নাম হেংকন চলঠিং(৩৭)। হেংকন দক্ষিণ চাংলাং খিময়ুং প্ৰশাসনিক চক্ৰৰ জংজি হাবি গাঁৱৰ ৱিংখেং চলঠিঙৰ পুতেক।

২৬ আগষ্টত সংগঠনটোৰ সদস্যই এন এছ চি এন (কে)ৰ খাংগো কন্যাক গোটৰ হৈ ধন সংগ্ৰহ কৰাৰ অভিযোগত অতি নিষ্ঠুৰভাৱে লাঠীৰে কোবাই কোবাই হেংকনৰ সৰ্বাংগ শৰীৰ থেঁতেলিয়াই পেলায়।

এনে অমানুষিক অত্যাচাৰ সহিবলৈ অক্ষম হৈ অৱশেষত হেংকনে জীৱন ত্যাগ কৰে। গা শিয়ৰি উঠা ঘটনাটোৰ স্থল হ’ল জিলাখনৰ কনটাং চক্ৰৰ অন্তৰ্গত লংলুং গাঁ‌ও৷

হেংকনৰ মৃতদেহ চাংলাং চিকিৎসালয়লৈ অনা হৈছিল যদিও হেংকনৰ ক্ষুভিত পৰিয়ালে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা তথা অন্যান্য আইনী প্ৰক্ৰিয়া কৰিবলৈ নিদি মৃতদেহটো নিশাই ঘৰলৈ লৈ যায়৷

অসহনীয় ঘটনাটোৱে জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এতিয়াও উত্তেজনা অব্যাহত আছে। স্থানীয় আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি জনাইছে।

উত্তৰ-পূবত আইন-শৃংখলা আৰু সন্ত্ৰাসবাদৰ কাৰ্য্যকলাপ কমিছে বুলি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দাবী কৰি থকাৰ সময়তে শেহতীয়াকৈ অঞ্চলটোত কেইবাটাও গণপ্ৰহাৰত মৃত্যুৰ ঘটনা ঘটিছে।

 

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd