অসমৰ প্ৰতি কেন্দ্ৰৰ চিৰাচৰিত উপেক্ষাৰ মনোভাবৰ বিপৰীতে দিল্লীৰ কেজৰিৱাল চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানীখনত এখন অসমীয়া একাডেমি স্থাপন কৰিবলৈ সিদ্ধান্ত কৰিছে। অসমৰ সাহিত্য, কলা, সংস্কৃতিৰ প্ৰচাৰৰ উদ্দেশ্য আগত লৈ এই সিদ্ধান্ত লৈছে দিল্লী চৰকাৰখনে।
আজি অসম ভ্ৰমণলৈ অহা দিল্লীৰ আম আদমী দলৰ বিধায়ক সোমনাথ ভাৰতীয়ে গুৱাহাটীত সাংবাদিকক সম্বোধন কৰি এই কথা জানিবলৈ দিছে।
কেৱল অসমীয়াই নহয়, দেশৰ মুঠ ১৪টা ভাষাৰ বাবে একাডেমি খুলিব কেজৰিৱাল চৰকাৰে। অৱশ্যে ইয়াৰ এতিয়ালৈ বাজেট নিৰ্ধাৰণ হোৱা নাই বুলি জনায় তেওঁ।
উল্লেখযোগ্য যে সোমনাথ ভাৰতী আম আদমী পাৰ্টীৰ পৰা দিল্লীৰ মালব্য নগৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছে। অসমত দলৰ সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে বিধায়কজন ৰাজ্যখনলৈ আহিছে। “দিল্লী সমগ্ৰ দেশৰেই হৃদপিণ্ড; দিল্লী অসমৰো দুৱাৰমুখ হওক”, সাংবাদিকৰ আগত এইদৰে কয় ভাৰতীয়ে।
আনহাতে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ সমালোচনাতো সৰৱ হয় বিধায়কজন। “মোদী চৰকাৰৰ জুমলাবাজি ওফৰাই পেলাবলৈ আমি আগ বাঢ়িছো।” – এইদৰে কোৱাৰ লগতে তেওঁ সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতিবোৰকো কটাক্ষ কৰে। “কেন্দ্ৰত মোদীৰ লগতে অসমত সৰ্বানন্দ সোণোৱাল চৰকাৰ সকলো প্ৰতিশ্ৰুতি জুমলাত পৰিণত হৈছে। মোদী আৰু সোণোৱাল চৰকাৰৰ ব্যৰ্থতা আমি অসমৰ প্ৰতিঘৰ মানুহক বুজাই দিম।” ভাৰতীৰ মন্তব্য।
ইয়াৰ উপৰি বিধায়কজনে অসমৰ সৰ্বস্তৰৰ মানুহে বিৰোধিতা কৰি থকা নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি আপৰ সাংসদসকলে সদনত এই বিধেয়কৰ বিৰোধিতা কৰি যাব বুলি আশ্বাস দিয়ে। “দেশৰ দুৰ্ভাগ্য যে ধৰ্মক আধাৰ হিচাপে লৈ থকা দল এটাই চৰকাৰ চলাই আছে।” সোমনাথ ভাৰতীয়ে কয়।
আনহাতে অসমীয়া মানুহৰ দীৰ্ঘস্থায়ী শংকাৰ সৈতে জড়িত আন এটা বিষয় সোৱণশিৰি নদী বান্ধৰ প্ৰসংগও আনে। তেওঁ বৃহৎ নদী বান্ধৰ তীব্ৰ বিৰোধিতা কৰে।